‘অসমে অন্য ৰাজ্যক বাট দেখুৱাইছে’, কামৰূপ (মহানগৰ) জিলাত ৩ খন সম-জিলা উদ্বোধন কৰি ডাঙৰ দাবী কৰিলে মুখ্যমন্ত্ৰীয়ে…

বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে ৰূপায়ন কৰা বিভিন্ন উদ্ভাৱনীমূলক আঁচনিসমূহৰ জৰিয়তে অসমে অন্য ৰাজ্যতকৈ বিশেষ অগ্ৰগতি লাভ কৰিছে বুলি দাবী কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । আজি শনিবাৰে কামৰূপ (মহানগৰ) জিলাৰ অন্তৰ্গত তিনিখন সম-জিলা উদ্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, প্ৰশাসন আৰু জনসাধাৰণৰ মাজৰ ব্যৱধান হ্ৰাস কৰি তৃণমূল পৰ্যায়ত শাসন ব্যৱস্থাত বৈপ্লৱিক পৰিৱৰ্তন আনিব পৰা সম-জিলা ধাৰণাক কাৰ্যকৰী কৰা অসম দেশৰ ভিতৰতে প্ৰথমখন ৰাজ্য।

অসমে অন্য ৰাজ্যক বাট দেখুৱাইছে, কামৰূপ (মহানগৰ) জিলাত ৩ খন সম-জিলা উদ্বোধন কৰি ডাঙৰ দাবী কৰিলে মুখ্যমন্ত্ৰীয়ে...

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Updated On: 

05 Oct 2024 16:50 PM

এখন ক্ষুদ্ৰ ৰাজ্য হোৱাৰ পাছতো অসমে দেশৰ অন্য ৰাজ্যক বাট দেখুৱাইছে । বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে ৰূপায়ন কৰা বিভিন্ন উদ্ভাৱনীমূলক আঁচনিসমূহৰ জৰিয়তে অসমে অন্য ৰাজ্যতকৈ বিশেষ অগ্ৰগতি লাভ কৰিছে বুলি দাবী কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । আজি শনিবাৰে কামৰূপ (মহানগৰ) জিলাৰ অন্তৰ্গত তিনিখন সম-জিলা উদ্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, প্ৰশাসন আৰু জনসাধাৰণৰ মাজৰ ব্যৱধান হ্ৰাস কৰি তৃণমূল পৰ্যায়ত শাসন ব্যৱস্থাত বৈপ্লৱিক পৰিৱৰ্তন আনিব পৰা সম-জিলা ধাৰণাক কাৰ্যকৰী কৰা অসম দেশৰ ভিতৰতে প্ৰথমখন ৰাজ্য।

ৰাজ্যৰ মুখ্যমন্ত্ৰী শৰ্মাই লগতে দাবী কৰে যে, দেশৰ আন ৰাজ্যসমূহেও এই ধাৰণাটোক অহা চাৰি-পাঁচ বছৰত গ্ৰহণ কৰিব পাৰে । তেওঁলোকে অন্য নামেৰে এই ধাৰণাটো গ্ৰহণ কৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই । লগতে তেওঁ দাবী কৰে যে, “এতিয়া আমি কেইবাখনো ল্যাণ্ডমাৰ্ক আঁচনি গ্ৰহণ কৰিছো যিয়ে আন ৰাজ্যসমূহক অনুপ্ৰাণিত কৰিছে ।” তেওঁ কয় যে, মহিলা হিতাধিকাৰীৰ বাবে অৰুণোদয় আঁচনি আৰু শিক্ষা বিভাগৰ সমৰ্থ পৰ্টেলৰ দৰে আঁচনিসমূহে আন ৰাজ্যসমূহক অনুপ্ৰাণিত কৰিছে । লগতে এই পদক্ষেপবোৰ নিজ নিজ ৰাজ্যত গ্ৰহণ কৰিবৰ বাবে আন ৰাজ্যৰ কেইবাটাও প্ৰতিনিধি দলে অসমলৈ আহি এই বিষয়ত বিতংভাৱে তথ্য আহৰণ কৰিছে বুলি সদৰী কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।

মুখ্যমন্ত্ৰী শৰ্মাই দাবী কৰে যে, সম-জিলাসমূহ প্ৰশাসনৰ কেন্দ্ৰ হ’ব, যিয়ে ৰাইজক হেঁচামুক্তভাৱে চৰকাৰী সেৱা আগবঢ়াব আৰু প্ৰশাসনিক কাঠামো শক্তিশালী কৰিব। উল্লেখ্য যে, বৰ্তমান অসমত ৩৫খন জিলা আছে আৰু অধিক জিলাত আৰু মহকুমা সৃষ্টিৰ বাবে মানুহৰ নিয়মীয়া দাবী উত্থাপন হৈ আহিছে বুলিও কয় মুখ্যমন্ত্ৰী শৰ্মাই ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, অসমৰ ১২৬টা বিধানসভা সমষ্টিৰ প্ৰতিটো সমষ্টিতে এটা প্ৰশাসনিক ইউনিট গঠন কৰি ৰাইজক সেৱা প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে । ইয়াৰ জৰিয়তে ৰাইজে জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ নোযোৱাকৈ বহু কাম কৰিব পাৰিব । বিভিন্ন আঁচনি, ভূমি সম্পৰ্কীয় কাম, উন্নয়ন সম্পৰ্কীয় আঁচনি, বিধায়ক আৰু সাংসদৰ পুঁজিৰ সৈতে জড়িত বিষয় আৰু বিভিন্ন প্ৰমাণ পত্ৰৰ বাবে মানুহে জিলা উপায়ুক্তৰ ওচৰলৈ যাব লাগে বুলিও কয় মুখ্যমন্ত্ৰী শৰ্মাই । লগতে যদিহে সম-জিলাসমূহলৈ ক্ষমতা বিকেন্দ্ৰীকৰণ কৰা হয়, তেন্তে ইয়াৰ দ্বাৰা জনসাধাৰণৰ সময় ৰাহি হোৱাই নহয়, জিলা উপায়ুক্তসকলেও উন্নয়নমূলক কামত মনোনিৱেশ কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

ইফালে সম-জিলাৰ সমূহ ক্ষমতাৰ সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে, সম-জিলাসমূহক বৰ্তমানৰ মহকুমাসমূহতকৈ অধিক ক্ষমতা প্ৰদান কৰা হৈছে । ইয়াৰ দ্বাৰা ভূমি ৰাজহৰ বিষয়, উন্নয়নমূলক কাম আৰু কল্যাণমূলক আঁচনি, খাদ্য আৰু অসামৰিক যোগান, আবকাৰী, পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ সৈতে মোকাবিলা কৰিব পাৰিব । বান ৰাজ্যৰ এটা ডাঙৰ সমস্যা আৰু বান সাহায্যৰ সৈতে মোকাবিলা কৰাৰ সম্পূৰ্ণ দায়িত্ব সম-জিলাসমূহৰ ওপৰত থাকিব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আলোতপাত কৰি কয় যে, নাগৰিকসকলে অত্যাৱশ্যকীয় চৰকাৰী সেৱাসমূহ সময়মতে লাভ কৰাৰ উদ্দেশ্যেৰে, তৃণমূল পৰ্যায়লৈ শাসন ব্যৱস্থা আনি দক্ষতা বৃদ্ধি আৰু নাগৰিককেন্দ্ৰিক সেৱাসমূহ সুশৃংখলিত কৰাৰ লক্ষ্যৰে সম-জিলাসমূহ গঠন কৰা হৈছে। ৰাজ্যত ৭৮খন সম-জিলাৰ প্ৰয়োজন আছে যদিও প্ৰথম পৰ্যায়ত ৩৯ খন সম-জিলা গঠন কৰাৰ বিপৰীতে বাকীখিনি অহা বছৰৰ জানুৱাৰী বা ফেব্ৰুৱাৰী মাহৰ ভিতৰত দ্বিতীয় পৰ্যায়ত গঠন কৰা হ’ব বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই । উল্লেখ্য যে, ৰাজ্যত ৩৯ খন সম-জিলা গঠন কৰা হৈছে । ইয়াৰে শুকুৰবাৰে ২১খন আৰু শনিবাৰে ১৮খন সম-জিলা উদ্বোধন কৰা হয়।

দিল্লীত কিয় উপলব্ধ নহয় কেৰাচিন?
৮২৩ বছৰ পাছত বিৰল সংযোগ! কিয় মুছলিম সকলৰ বাবে বিশেষ জানুৱাৰী মাহটো...
মেজিৰ জুইত বাঁহেৰে সজা পানীহিলৈ ফুটোৱাটো পৰম্পৰাৰ বিষয়ে জানেনে?
ঠাণ্ডাৰ সংস্পৰ্শলৈ আহিলে মানুহৰ শৰীৰ কিয় কঁপিবলৈ আৰম্ভ কৰে ?