Rani Chapori Organic Farming : ‘কম সময়ৰ ভিতৰত দিয়া হ’ব মাটিৰ পট্টা’, টেক্টৰ চলাই ৰাণী চাপৰি পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
টেক্টৰ চলাই গুৱাহাটীত মহানগৰৰ সমীপৰ ধাৰাপুৰৰ ৰাণী চাপৰি পৰিদৰ্শন কৰে মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ লগতে ৰাণী চাপৰিৰ কৃষকসকলৰ সৈতে মতবিনিময় কৰি তেওঁলোকৰ সমস্যা বুজ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে ।
আজি মাঘ বিহুৰ দিনটোত টেক্টৰ চলাই গুৱাহাটীত মহানগৰৰ সমীপৰ ধাৰাপুৰৰ ৰাণী চাপৰি পৰিদৰ্শন কৰে মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ লগতে ৰাণী চাপৰিৰ কৃষকসকলৰ সৈতে মতবিনিময় কৰি তেওঁলোকৰ সমস্যা বুজ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে । উল্লেখ্য যে, ৰাণী চাপৰিৰ প্ৰায় ৪ হাজাৰ ভূমিত স্থানীয় কৃষকে খেতি কৰে । মন কৰিবলগীয়া কথাটো হ’ল যে, ৰাণী চাপিৰ কৃষকে জৈৱিক পদ্ধতিৰে খেতি কৰে । ৰাসায়নিক হাৰ ব্যৱহাৰ কৰাৰ বিপৰীতে ৰাণী চাপৰিৰ কৃষক ব্যৱহাৰ কৰে কেঁচু সাৰ ।
ৰাণী চাপৰি পৰিদৰ্শন কালত মুখ্যমন্ত্ৰী গৰাকীয়ে কৃষকসকলৰ সমস্যাসমূহ সমাধান কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে । একে সময়তে মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাণী চাপৰিৰ খহনীয়া ৰোধৰ বাবে চৰকাৰে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিব বুলিও আশ্বাস দিয়ে। মুখ্যমন্ত্ৰী গৰাকীয়ে আশ্বাস দিয়ে যে,কৃষকৰ সুবিধাৰ অনুসৰি সৌৰশক্তিৰ লগতে নিয়মীয়া বিদ্যুৎ যোগান ধৰাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব ।
Tractors play a key role in making farming more profitable, and we are committed to ensuring that as many farmers as possible have access to this essential resource. 🚜 pic.twitter.com/JlyEsMGn4u
— Himanta Biswa Sarma (@himantabiswa) January 14, 2025
ইফালে যিসকল কৃষকৰ ভূমি পট্টা নাই তেওঁলোকক ভূমি পট্টা দিয়াৰো ব্যৱস্থা কৰাৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে । সমান্তৰালভাৱে ৰাণী চাপৰি কৃষকসকলে যাতে চৰকাৰী হিতাধিকাৰী আঁচনি লাভ কৰে সেয়া নিশ্চিত কৰাৰ লগতে জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ কথাও উল্লেখ কৰিছে হিমন্ত বিশ্ব শৰ্মাই ।
মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিছে যে, থলুৱা অসমীয়া ৫০০ পৰিয়ালে ৰাণী চাপৰিৰ ৪ হাজাৰতকৈ অধিক ভূমিত খেতি কৰে । ৰাণী চাপৰি কৃষকসকলে ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰাকৈ জৈৱিক পদ্ধতিৰে উৎপাদিনত শাক-পাচলি গুৱাহাটীৰ লগতে ৰাজ্যৰ অন্য স্থানত যোগান ধৰে । লগতে কৃষকসকলৰ সমস্যাসমূহ জানিবলৈ চেষ্টা কৰাৰ বুলি উল্লেখ কৰি সকলো সমস্যা সমাধানৰ জৰিয়তে তেওঁলোকক উৎসাহ দিবৰ বাবে চৰকাৰ যিমান পাৰে সিমান চেষ্টা চলাব বুলি আশ্বাস দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে ।