শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

গৌৰৱৰ পত্নীক লৈ সামাজিক মাধ্যমত জয়ৰাম-হিমন্তৰ বাকযুদ্ধ…

এলিজাবেথ কলবাৰ্নকলৈ সৃষ্টি হোৱা বিকৰ্তক লৈ সামাজিক মাধ্যমত এইবাৰ আৰম্ভ হৈছে কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত বাকযুদ্ধ । মুখ্যমন্ত্ৰী শৰ্মাই জয়ৰাম ৰমেশৰ এটা এক্স হেণ্ডেলৰ পোষ্টৰ উত্তৰত তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাক আদৰণি জনাইছে ।

গৌৰৱৰ পত্নীক লৈ সামাজিক মাধ্যমত জয়ৰাম-হিমন্তৰ বাকযুদ্ধ…
গৌৰৱ গগৈৰ পত্নীৰ বিৰুদ্ধে উত্থাপিত অভিযোগক হিমন্ত-জয়ৰামৰ বাকযুদ্ধ
manas-borah
Manas Borah | Updated On: 16 Feb 2025 15:38 PM

কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবাৰ্নকলৈ সৃষ্টি হোৱা বিকৰ্তক লৈ সামাজিক মাধ্যমত এইবাৰ আৰম্ভ হৈছে কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত বাকযুদ্ধ । মুখ্যমন্ত্ৰী শৰ্মাই জয়ৰাম ৰমেশৰ এটা এক্স হেণ্ডেলৰ পোষ্টৰ উত্তৰত তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাক আদৰণি জনাইছে । একে সময়তে গৌৰৱ গগৈৰ পত্নী বিৰুদ্ধে অসম চৰকাৰেও আজিৰে পৰা আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি সদৰী কৰিছে মুখ্যমন্ত্ৰীয়ে ।

এক্স হেণ্ডেলৰ জৰিয়তে কি কৈছিল জয়ৰাম ৰমেশে ?

শেহতীয়াকৈ পাকিস্তানৰ আইএছআইৰ সৈতে গৌৰৱ গগৈৰ পত্নীৰ সংযোগ থকা বুলি উত্থাপিত অভিযোগকলৈ যি বিতৰ্ক আৰম্ভ হৈছে তাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছ সাধাৰণ সম্পাদকগৰাকীয়ে কয়, “অসমৰ মুখ্যমন্ত্ৰী আৰু বিজেপিয়ে মোৰ সহকৰ্মীক লক্ষ্য কৰি এক ‘স্মিয়াৰ অভিযান’ আৰম্ভ কৰিছে। এইটো আটাইতকৈ বেয়া ধৰণৰ চৰিত্ৰ হত্যা।” একে সময়তে এই অভিযোগক লৈ আইনী প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথাও সদৰী কৰিছে জয়ৰাম ৰমেশে ।

যোৰহাট লোকসভা সমষ্টিৰ প্ৰসংগৰ উত্থাপন কৰি জয়ৰাম ৰমেশে কয়, “অসমৰ মুখ্যমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীসকলে যোৰহাটত শিবিৰ পাতি নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পিছতো গৌৰৱ গগৈ জয়ী হয় । ২০২৪ চনৰ জুন মাহত গৌৰৱ গগৈয়ে যোৰহাট লোকসভাৰ আসন লাভ কৰাৰ বাবেই এই ‘স্মিয়াৰ প্ৰচাৰ’। ইয়াৰ আন এটা কাৰণো হ’ল যোৰহাটৰ সাংসদগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰকাশ্য দুৰ্নীতি আৰু ক’লা কাৰ্যক উদঙাই দিছে।”

তেওঁ কয়, “অসমৰ মুখ্যমন্ত্ৰীগৰাকী তেওঁৰ সৰ্বোচ্চ নেতাৰ দৰেই মানহানি, বিকৃতকৰণ আৰু ডাইভাৰচনৰ মাষ্টৰ। তেওঁ নিজৰ ব্যৰ্থতা আৰু ভুৱা দাবীৰ পৰা অসমৰ ৰাইজৰ মনক আঁতৰাই নিয়াৰ বাবে আপ্ৰাণ চেষ্টা কৰিছে।” ইয়াৰ লগতে অসম বিধানসভা নিৰ্বাচনৰ কথা উল্লেখ কৰি তেওঁ কয় যে, প্ৰায় ১২ মাহৰ পিছত অসমৰ জনসাধাৰণে মুখ্য়মন্ত্ৰী শৰ্মাক প্ৰাক্তন মুখ্যমন্ত্ৰী কৰি তেওঁৰ দলক বিৰোধী কৰি তুলিব বুলিও প্ৰত্যাহ্বান জনাই জয়ৰাম ৰমেশে ।

ইয়াৰ উত্তৰত কি কয় মুখ্যমন্ত্ৰী শৰ্মাই ?

কংগ্ৰেছৰ নেতা জয়ৰাম ৰমেশৰ এক্স হেণ্ডেলৰ পোষ্টটোৰ উত্তৰত ২০১৪ চনৰ পৰা কংগ্ৰেছে সন্মুখীন হোৱা পৰাজয়ৰ পুনৰ সোঁৱৰাই দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই । তেওঁ কয়, “প্ৰাক্তন আৰু বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী কোন হ’ব সেয়া অসমৰ ৰাইজে সিদ্ধান্ত ল’ব—আপুনি নহয়। ২০১৪ চনৰ পৰা কংগ্ৰেছে সন্মুখীন হোৱা অপমানজনক পৰাজয়ৰ কথা আপোনালোকক সোঁৱৰাই দিব নিবিচাৰো।”

লগতে তেওঁ কয়, “যেতিয়ালৈকে আমি কাৰ্যভাৰ গ্ৰহণ কৰি আছো তেতিয়ালৈকে আমি জাতিটোৰ নিৰাপত্তা ৰক্ষাৰ শপত গ্ৰহণ কৰি থৈছো। সেয়ে সাংসদজনকো পৰামৰ্শ দিওঁ যে, অতি সোনকালে বিষয়টো আদালতৰ মজিয়ালৈ আগুৱাই নিব লাগে যাতে অন্ততঃ এই বিষয়টো ন্যায়িক মঞ্চত আলোচনা কৰিব পৰা যায়।”

লগতে আইনী ব্যৱস্থা গ্ৰহণৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে যে, “মোৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাটোক মই অন্তৰেৰে আদৰণি জনাইছো ৷” একে সময়তে অসম চৰকাৰেও আজিৰে পৰা আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি সদৰী কৰে মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

কি অভিযোগ আছিল গৌৰৱ পত্নীৰ বিৰুদ্ধে ?

যোৱা সপ্তাহৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী শৰ্মাই গৌৰৱ গগৈক লক্ষ্য কৰি তেওঁ পত্নীৰ এলিজাবেথৰ পাকিস্তানী আই এছ আইৰ সৈতে সংযোগ,পাকিস্তানৰ দূতাবাসলৈ লৈ যোৱা কাৰণ আৰু বিগত ১২ বছৰ ধৰি ভাৰতীয় নাগৰিকত্ব ল’বলৈ অস্বীকাৰ কৰাৰ অভিযোগ উত্থাপন কৰি উত্তৰ বিচাৰিছিল। বুধবাৰে বিজেপিয়েও গৌৰৱ গগৈৰ পত্নীৰ বিৰুদ্ধে পাকিস্তান আৰু আই এছ আইৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰিছিল, যিটো অভিযোগ কংগ্ৰেছ নেতাগৰাকীয়ে নাকচ কৰিছিল।