শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

কলাৰ টিউনত অসমীয়া ভাষা বিকৃতকৰণকলৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ…

কলাৰ টিউনৰ জৰিয়তে প্ৰেৰণ কৰা বাৰ্তাত অসমীয়া ভাষা ভুলকৈ উপস্থাপন কৰাকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী গৰাকীয়ে এই কলাৰ টিউনটো এ আই জেনেৰেটেড বুলি উল্লেখ কৰি ভাৰত চৰকাৰলৈ এই সন্দৰ্ভত চিঠি লিখাৰ কথা সদৰী কৰিছে ।

কলাৰ টিউনত অসমীয়া ভাষা বিকৃতকৰণকলৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ…
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
manas-borah
Manas Borah | Updated On: 08 Jan 2025 07:50 AM

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে টেলিকম কোম্পানীসমূহে কলাৰ টিউনৰ জৰিয়তে প্ৰেৰণ কৰা বাৰ্তাত অসমীয়া ভাষা ভুলকৈ উপস্থাপন কৰাকলৈ সমগ্ৰ অসমতে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । ইতিমধ্যে আছুৱেও ভাৰত চৰকাৰলৈ এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰিছে । শেহতকীয়াকৈ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী গৰাকীয়ে এই কলাৰ টিউনটো এ আই জেনেৰেটেড বুলি উল্লেখ কৰি ভাৰত চৰকাৰলৈ এই সন্দৰ্ভত চিঠি লিখাৰ কথা সদৰী কৰিছে ।

মুখ্যমন্ত্ৰী শৰ্মাই কয়,’মই জনা নাই এইটো ক’ৰ পৰা কেনেকৈ আহিছে । এই কলাৰ টিউনৰ মাতটো এ আই জেনেৰেটেড হয় । এই সন্দৰ্ভত মই ভাৰত চৰকাৰলৈ এখন চিঠি লিখিম । যাতে এ আই দ্বাৰা অনুবাদ নকৰে । কাৰণ এ আই দ্বাৰা অনুবাদ কৰিলে দেখিব-শুনিব বেয়া লাগে ।’ লগতে এই সন্দৰ্ভত ভাৰত চৰকাৰক অৱগত কৰাৰ প্ৰয়োজনীয়তাক পুনৰবাৰ উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

ইফালে, যোৱা ৭ জানুৱাৰী তাৰিখে এই সন্দৰ্ভত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এখন জৰুৰী চিঠি প্ৰেৰণ কৰে আছুৱে । চিঠিখনত আছুয়ে অসমীয়া ভাষাৰ বিকৃতকৰণ কৰাৰ ওপৰত উদ্বেগ প্ৰকাশ কৰাৰ লগতে ধ্ৰুপদী ভাষাৰ অপমান সহ্য কৰা নহয় বুলিও উল্লেখ কৰিছে । ইয়াৰ সমান্তৰালভাৱে অশুদ্ধ অনুবাদ আৰু অশুদ্ধ উচ্চাৰণৰ অসমীয়া বিজ্ঞাপন বন্ধ কৰাৰ দাবী জনাইছে আছুৱে ।

বিজ্ঞপ্তিযোগে আছুৱে কয় যে, শেহতীয়াকৈ টেলিকম কোম্পানীসমূহে চাইবাৰ অপৰাধৰ বিৰুদ্ধে এক সজাগতা বার্তা প্ৰচাৰ কৰি আছে। এইক্ষেত্ৰত অত্যন্ত ভুল অনুবাদ, উচ্চাৰণ আৰু কথনশৈলীৰে অসমীয়া ভাষাটো বিকৃতভাৱে উপস্থাপন কৰি অহা হৈছে। বার্তাটোৱে সজাগতাতকৈ বেছি বিভ্রান্তি আৰু ক্ষোভৰহে সৃষ্টি কৰিছে বুলি উল্লেখ কৰি সংগঠনটোৱে দাবী উত্থাপন কৰে যে, এই বিকৃত বাৰ্তাৰ প্ৰচাৰ বন্ধ হ’ব লাগে আৰু শুদ্ধকৈ বাণীৱদ্ধ বাৰ্তাৰে সজাগতা সৃষ্টি কৰিব লাগে ।

লগতে পঢ়ক: টেলিকম কোম্পানীৰ বিকৃত অসমীয়া বাৰ্তা বন্ধ কৰাৰ দাবী, প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ আছুৰ

Latest News