শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

হেজাৰী ভাওনা মহোৎসৱত অংশগ্ৰহণ মুখ্যমন্ত্রীৰঃ পৰিদৰ্শন কৰিলে নিৰ্মাণাধীন ড° ভূপেন হাজৰিকা কলাতীৰ্থ

নগাঁৱৰ কৰৈয়নীস্থিত সার্বজনীন হেজাৰী ভাওনা মন্দিৰত কলংপৰীয়া বাৰগঞা সমাজৰ উদ্যোগত অনুষ্ঠিত হৈছে দ্বাদশ সংখ্যক হেজাৰী ভাওনা মহোৎসৱ। আজি এই ভাওনা মহোৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই।

হেজাৰী ভাওনা মহোৎসৱত অংশগ্ৰহণ মুখ্যমন্ত্রীৰঃ পৰিদৰ্শন কৰিলে নিৰ্মাণাধীন ড° ভূপেন হাজৰিকা কলাতীৰ্থ
ভাওনাস্থলীত হিমন্ত বিশ্ব শর্মা
monjit-dutta
Monjit Dutta | Published: 15 Mar 2025 22:40 PM

নগাঁৱৰ কৰৈয়নীস্থিত সার্বজনীন হেজাৰী ভাওনা মন্দিৰত কলংপৰীয়া বাৰগঞা সমাজৰ উদ্যোগত অনুষ্ঠিত হৈছে দ্বাদশ সংখ্যক হেজাৰী ভাওনা মহোৎসৱ। আজি এই ভাওনা মহোৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই। অনুষ্ঠানত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ আধ্যাত্মিক নেতৃত্বৰ বাবে অসমত এক আধ্যাত্মিক আৰু কৃষ্ণ সংস্কৃতিয়ে বিশাল পৰিসৰত নির্মাণ হৈছে। যোৱা দুদিনত ৰাজ্যখনত উদযাপিত হোলি উৎসৱে প্ৰতিগৰাকী অসমীয়াৰ মাজত আধ্যাত্মিক চেতনাক শক্তিশালী কৰি তুলিছে বুলিও তেওঁ কয়।

এখন সমাজ যেতিয়া আধ্যাত্মিকতাৰ দিশলৈ গতি কৰে তেতিয়া সেই সমাজত অসূয়া অপ্রীতি নোহোৱা হয় বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ দ্বাৰা শিক্ষা, ক্রীড়া, সাংস্কৃতিক দিশত এক পৰিৱেশ নির্মাণ হয় বুলিও তেওঁ কয়। তেওঁ লগতে কয় যে নামঘৰ, মন্দিৰক কেন্দ্ৰ কৰি সাংস্কৃতিক পৰিৱেশ নির্মাণ হ’ব লাগে। মহাপুৰুষ শংকৰদেৱে তেনে সংস্কৃতি নিৰ্মাণৰ কাম কৰি গৈছে বুলিও তেওঁ মন্তব্য কৰে।

ইফালে ৰাজ্য চৰকাৰে অনুমোদন দিয়া ৫০ লাখ টকাৰে মন্দিৰ সুন্দৰভাৱে নিৰ্মাণ কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে এতিয়া সার্বজনীন হেজাৰী ভাওনা মন্দিৰত এক সুন্দৰ পৰিবেশ গঢ় লৈ উঠিছে। এই উৎসৱে আধ্যাত্মিক পৰিৱেশ অধিক উজ্বল কৰি তুলিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্দিৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ১ কোটি টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰে।

উল্লেখ্য যে বৃহত্তৰ কৰৈয়নী অঞ্চলত মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ ধৰ্মীয় আদৰ্শৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে যুৱ-প্ৰজন্মক শংকৰী কলা-কৃষ্টিৰ প্ৰতি আকৰ্ষিত কৰাৰ মহান উদ্দেশ্য আগত ৰাখি গঢ় লৈ উঠিছিল কলংপৰীয়া বাৰগণ সমাজ নামৰ ধৰ্মীয় অনুষ্ঠানটিৰ। কলং নদীৰ উত্তৰাঞ্চলৰ প্রায় ২৫ খন গাঁৱৰ ধৰ্মপ্ৰাণ ৰাইজে ১৯৬৬ চনতে গঢ় দিছিল এই অনুষ্ঠানটিৰ।

বৃহত্তৰ কৰৈয়নী অঞ্চলৰ মধ্যস্থল ইতিহাস প্রসিদ্ধ বৰদোঙাৰ পথাৰত পদ্মাকৃতিৰ নৱদ্বাৰযুক্ত এটি মন্দিৰ নিৰ্মাণ কৰি ১৯৬৯ চনত বাঁহ-বেতৰ দ্বাৰা ৰভা নিৰ্মাণ কৰি প্ৰথমবাৰৰ বাবে ১১ খন ৰভাত সার্বজনীন হেজাৰী ভাওনা মহোৎসৱ উদযাপন কৰা হৈছিল। পৰৱৰ্তী সময়ত প্রতি ৫ বছৰৰ মূৰে মূৰে ১১ খন ৰভাত ৪-৬ দিনীয়া বিস্তৃত কার্যসূচীৰে অংকীয়া ভাওনা সমাৰোহ উদযাপন কৰি অহা হৈছে।

বর্তমান স্থানীয় গাঁওবাসীয়ে ১১ খন স্থায়ী ৰভাৰ ৯ খন ৰভাৰ সন্মুখত বাটচৰা নিৰ্মাণৰ লগতে মন্দিৰত ভোগঘৰ, দৌল মন্দিৰ, মুকলি মঞ্চ, আতৈ ঘৰ আদি গঢ়ি তুলিবলৈ সক্ষম হৈছে। আজিৰ এই অনুষ্ঠানত বিধায়ক ৰূপক শর্মা, দিপ্লু ৰঞ্জন শর্মা, শশীকান্ত দাসৰ উপৰি ভাওনা মহোৎসৱ উদযাপন সমিতিৰ সভাপতি নবীন গোস্বামী, সমাজকর্মী সুৰেশ বৰা প্ৰমুখ্যে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

ইয়াৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে নগাঁও চহৰৰ শিৱ নগৰত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ অধীনত ৩১.২ কোটি টকা ব্যয়ৰে নিৰ্মাণকাৰ্য চলাই থকা ড° ভূপেন হাজৰিকা কলাতীৰ্থ পৰিদৰ্শন কৰে। প্রেক্ষাগৃহ, আর্ট গেলাৰী, পুথিভঁৰাল আদিকে ধৰি বিভিন্ন সুবিধা উপলব্ধ এই প্রকল্পটোৰ বিভিন্ন দিশৰ নিৰ্মাণকাৰ্যৰ বুজ লয়। অহা ৬ মাহৰ ভিতৰত প্ৰকল্পটোৰ নিৰ্মাণকাৰ্য সম্পূর্ণ কৰিবলৈ সংশ্লিষ্ট বিভাগক নির্দেশ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্রীগৰাকীয়ে লগতে নগাঁও চহৰত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ অধীনত ২৪.৪ কোটি টকা ব্যয়ৰে নিৰ্মাণকাৰ্য চলি থকা কলংপাৰ উদ্যানৰ সৌন্দৰ্যবর্ধন কাৰ্যৰ পৰিদৰ্শন কৰে। এই প্রকল্পটোৰ নিৰ্মাণকাৰ্যৰ বুজ লোৱাৰ উপৰি অহা ডিচেম্বৰ মাহৰ ভিতৰত ইয়াক সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিভাগক নির্দেশ দিয়ে।