শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অসমত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহঃ আদৰণি জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। যোৰহাটৰ ৰৰৈয়া বিমান বন্দৰত অৱতৰণ কৰাৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক আদৰণি জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিজা সামাজিক মাধ্যম একাউণ্ট যোগে মুখ্যমন্ত্ৰীগৰাকীয়ে বিমান বন্দৰত অমিত শ্বাহক আদৰণি জনোৱাৰ ছবি শ্বেয়াৰ কৰিছে।

অসমত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহঃ আদৰণি জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
বিমানবন্দৰত অমিত শ্বাহক আদৰণি হিমন্ত বিশ্ব শৰ্মাৰImage Credit source: Social Media
monjit-dutta
Monjit Dutta | Published: 14 Mar 2025 23:16 PM

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। যোৰহাটৰ ৰৰৈয়া বিমান বন্দৰত অৱতৰণ কৰাৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক আদৰণি জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিজা সামাজিক মাধ্যম একাউণ্ট যোগে মুখ্যমন্ত্ৰীগৰাকীয়ে বিমান বন্দৰত অমিত শ্বাহক আদৰণি জনোৱাৰ ছবি শ্বেয়াৰ কৰিছে। ইয়াৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে কেন্দ্ৰীয় গৃ্হমন্ত্ৰী শ্বাহৰ তিনিদিনীয়া কার্যসূচীৰ বিষয়ে প্ৰকাশ কৰিছিল। এই সূচী অনুসৰি অমিত শ্বাহে অসমৰ লগতে মিজোৰামো ভ্ৰমণ কৰিব।

বিমান বন্দৰত অৱতৰণ কৰাৰ পিছতে পূৰ্ব নিৰ্ধাৰিত অনুসৰি দেৰগাঁৱত উপস্থিত হয় কেন্দ্ৰীয় গৃ্হমন্ত্ৰী অমিত শ্বাহ। আজি নিশা দেৰগাঁৱতে কটোৱাৰ পিছত কাইলৈৰ পৰা তেওঁ বিস্তৃত কাৰ্যসূচীত অংশ ল’ব। কাইলৈ তেওঁ প্ৰথমে দেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমী মুকলি কৰিব। একাডেমীৰ মুখ্য দ্বাৰ উদ্বোধন কৰাৰ পিছতে অমিত শ্বাহ মিজোৰামলৈ ৰাওনা হ’ব।

মিজোৰামৰ জোখোৱাছাঙত আছাম ৰাইফলছৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। ইয়াৰ পিছতে তেওঁ মিজোৰামৰ পৰা পুনৰ অসমলৈ উভতি আহিব আৰু কাইলৈৰ নিশাটো কইনাধৰাৰ অতিথিশালাত কটাব। ইয়াৰ পিছতে সূচী অনুসাৰে ১৬ মাৰ্চত পুৱা অমিত শ্বাহ কোকৰাঝাৰত উপস্থিত হ’ব আৰু এবছুৰ বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰিব।

এবছুৰ বাৰ্ষিক অধিৱেশনত কেন্দ্ৰীয় গৃ্হমন্ত্ৰীগৰাকীৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োকে ধৰি অসম চৰকাৰৰ কেইবাগৰাকীও জ্যেষ্ঠ মন্ত্ৰী, সাংসদ তথা কেইবাগৰাকীও গুৰুত্বপূৰ্ণ লোক উপস্থিত থাকিব। এবছুৰ অধিৱেশনত অংশ লোৱাৰ পিছতে বিয়লি গুৱাহাটীৰ হোটেল ৰেডিচন ব্লুত উত্তৰ-পূবৰ ৮খন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হ’ব অমিত শ্বাহ।

মুখ্যমন্ত্ৰীসকলৰ সৈতে এই বৈঠকত কেন্দ্ৰীয় গৃ্হমন্ত্ৰীগৰাকীয়ে ভাৰতীয় ন্যয় সংহিতাৰ ওপৰত পৰ্যালোচনা কৰিব বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই বৈঠকৰ পাছতে নতুন দিল্লীলৈ উভতি যাব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী।