মহকুমাৰ বিলুপ্তি! তিতাবৰ সমজিলা উদ্বোধন যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগৰ
জিলা সদৰৰ দৰে এতিয়াৰ পৰা তিতাবৰ সমজিলাতে ৰাইজে কৰিব পাৰিব বহু কাম-কাজ। চৰকাৰী বিভিন্ন কাম কাজত তিতাবৰ সমষ্টিৰ ৰাইজে প্ৰায় ২৫ কিলোমিটাৰ দূৰত্বত থকা যোৰহাট জিলালৈ ঢাপলি মেলিব লগা হয় । সমজিলা উদ্ধোধন কৰাৰ পাছত সকলো কাম কাজ এতিয়াৰ পৰা তিতাবৰ সমজিলাতে ৰাইজে কৰিব পাৰিব বুলি মন্ত্ৰী অজন্তা নেওগে সদৰি কৰে ।
আজিৰে পৰা ৰাজ্যত নাথাকিব মহকুমা ব্যৱস্থা।মহকুমাৰ বিপৰীতে থাকিব একোখনকৈ সমজিলা।প্ৰশাসনিক ব্যৱস্থাক নতুন গতি দিয়াৰ উদ্দেশ্য এই পদক্ষেপ ৰাজ্য চৰকাৰৰ।প্ৰথম পৰ্যায়ত সামৰি লোৱা হৈছে ৩৯খন সম-জিলা। আজি আৰু কাইলৈ সম জিলা উদঘাটনৰ বাবে দায়িত্ব দিয়া হৈছে একোজনকৈ মন্ত্ৰীক। ৰাজ্যৰ প্ৰতিটো সমষ্টিতে থাকিব এটাকৈ সমজিলাৰ কাৰ্যালয়। সমজিলাত নিযুক্তি দিয়া হ’ব ADC পৰ্যায়ৰ এজনকৈ বিষয়া।
মহকুমা ব্যৱস্থাৰ পৰিবৰ্তে আনুষ্ঠানিকভাৱে তিতাবৰ সমজিলা শুভ উদ্বোধন কৰে যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী মন্ত্ৰী অজন্তা নেওগে। জিলা সদৰৰ দৰে এতিয়াৰ পৰা তিতাবৰ সমজিলাতে ৰাইজে কৰিব পাৰিব বহু কাম-কাজ। চৰকাৰী বিভিন্ন কাম কাজত তিতাবৰ সমষ্টিৰ ৰাইজে প্ৰায় ২৫ কিলোমিটাৰ দূৰত্বত থকা যোৰহাট জিলালৈ ঢাপলি মেলিব লগা হয় । সমজিলা উদ্ধোধন কৰাৰ পাছত সকলো কাম কাজ এতিয়াৰ পৰা তিতাবৰ সমজিলাতে ৰাইজে কৰিব পাৰিব বুলি মন্ত্ৰী অজন্তা নেওগে সদৰি কৰে । উক্ত অনুষ্ঠানত উপস্থিত থাকে তিতাবৰ বিধায়ক, মৰিয়নী বিধায়ক, যোৰহাট জিলা আয়ুক্ত,আৰক্ষী অধীক্ষকতিতাবৰ সহকাৰী আয়ুক্তৰ লগতে বহু কেইগৰাকী চৰকাৰী বিষয়া ।
ইয়াৰ উপৰিও আজি গোৱালপাৰা পশ্চিম সম – জিলা কাৰ্যালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ৷ জিলাখনৰ আগিয়াত অৱস্থিত বালিজানা উন্নয়ন খণ্ড কাৰ্যালয় চৌহদত এই উপলক্ষে এক কাৰ্যসুচী অনুষ্ঠিত হয়৷ শদিয়াত সমজিলা উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে উদ্যোগ তথা বাণিজ্য মন্ত্ৰী বিমল বৰাৰ লগতে স্থানীয় বিধায়ক বলিন চেতিয়া।
ডিব্ৰুগড়ৰ জিলাৰ খোৱাঙক সমজিলা হিচাপে আনুষ্ঠানিক শুভ উদ্বোধন। আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে। খোৱাংঘাটত সমজিলা আযুক্তৰ কাৰ্যালয় শুভ উদ্বোধন কৰিলে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে। কলিয়াবৰ সমজিলা উদ্বোধন কৰিলে মন্ত্ৰী কেশৱ মহন্তই। মাঙ্গলিক ৰীতি-নীতিৰে আজি আনুষ্ঠানিকভাবে উদ্ধোধন কৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই। ধুবুৰীত দুখনকৈ সম-জিলা আয়ুক্তৰ কাৰ্যালয় উদ্বোধন কৰে মন্ত্ৰী ৰঞ্জিত দাসে।
উল্লেখ্য যে, সামাজিক মাধ্যমযোগে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, সমজিলা গঠন কৰাৰ পাছত বহু কাম জিলা আয়ুক্তৰ কাৰ্যালয়লৈ নোযোৱাকৈয়ে সম্পন্ন হ’ব । বিভিন্ন ধৰণৰ সেৱা সমজিলাৰ যোগেদি কৰিব পৰা যাব । ভাৰতৰ ভিতৰতে প্ৰথমবাৰৰ বাবে অসমে সমজিলাৰ চিন্তা কৰিছে বুলি উল্লেখ্য কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে,সমজিলাই ৰাইজ আৰু প্ৰশাসনৰ ব্যৱধান হ্ৰাস কৰিব ।