গুৱাহাটীৰ কন্যা মহাবিদ্যালয়ত ছাত্ৰীৰ মৃত্যু, কেনেকৈ তলত পৰিল ওপৰৰ মহলাৰ পৰা?
পুৱা ৮.৩০ মান বজাত এই ঘটনা সংঘটিত হৈছে। মহাবিদ্যালয়খনৰ ওপৰলৈ যোৱা চিৰিটোত এখন গ্ৰীল আছে, ছোৱালীজনী অহাৰ পাছত গ্ৰীলখন খুলি দিয়া হৈছিল কাৰণ ক্লাছ আৰম্ভ হোৱাৰ সময় হৈছিল।

ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। বিশেষকৈ নাৰীজনিত অপৰাধমূলক ঘটনাসমূহে চিন্তাত পেলাইছে একাংশ। গুৱাহাটী মহানগৰীৰো বিভিন্ন স্থানত প্ৰায় প্ৰতিদিনেই কিছুমান ভয়ংকৰ ঘটনা সংঘটিত হয়। শেহতীয়াকৈ এগৰাকী ছাত্ৰীৰ মৃত্যুৰ খবৰ পোহৰলৈ আহিছে। গুৱাহাটীৰ গীতানগৰৰ কন্যা মহাবিদ্যালয়ত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। জানিব পৰা মতে প্ৰথম মহলাৰ পৰা পৰি মৃত্যুক সাৱতি লয় এগৰাকী ছাত্ৰীয়ে। এই মৃত্যু বৰ্তমান ৰহস্যৰ আৱৰ্তত।
মহাবিদ্যালয়খনৰ প্ৰথম মহলাৰ পৰা পৰাৰ ফলত মৃত্যু হয় ছাত্ৰীগৰাকীৰ। ছাত্ৰীগৰাকী অৰ্থনীতি বিভাগৰ দ্বিতীয় ষান্মাসিকত অধ্যয়ন কৰি আছিল। ঘটনাৰ বিৱৰণী অনুসৰি সোমবাৰে পুৱা ৮:৩০ মান বজাত মহাবিদ্যালয়লৈ বুলি ওলাই আহিছিল ছাত্ৰীগৰাকী। কিন্তু তাৰ পাছতে ৰহস্যজনকভাৱে মৃত্যু হয় ছাত্ৰীগৰাকীৰ। কেনেকৈ ছাত্ৰীগৰাকী প্ৰথম মহলাৰ পৰা তলত পৰে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই।
ছাত্ৰীগৰাকী মহাবিদ্যালয়খনৰ প্ৰথম মহলাৰ পৰা তলত পৰাৰ পিছতে ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়। কিন্তু হাস্পতালত ছাত্ৰীগৰাকীক মৃত ঘোষণা কৰে চিকিৎসকে। এই ঘটনাই সমগ্ৰ মহাবিদ্যালয়খনত শোকৰ ছাঁ পেলাইছে।
এই সন্দৰ্ভত মহাবিদ্যালয়খনৰ শিক্ষয়িত্ৰীয়ে কয় যে, পুৱা ৮.৩০ মান বজাত এই ঘটনা সংঘটিত হৈছে। মহাবিদ্যালয়খনৰ ওপৰলৈ যোৱা চিৰিটোত এখন গ্ৰীল আছে, ছোৱালীজনী অহাৰ পাছত গ্ৰীলখন খুলি দিয়া হৈছিল কাৰণ ক্লাছ আৰম্ভ হোৱাৰ সময় হৈছিল। সেই সময়ত মাত্ৰ এগৰাকী শিক্ষয়িত্ৰী মহাবিদ্যালয়খনত উপস্থিত আছিল। সেই সময়তে যুৱতীগৰাকী আহি ওপৰলৈ যায় আৰু কিছুসময় পাছতেই তলত পৰা শব্দ শুনা গৈছিল। ইয়াৰ লগে লগে ঘটনাস্থলীত স্থানীয়লোক উপস্থিত হয় আৰক্ষীক খবৰ দিয়ে, আৰক্ষীয়ে পৰৱৰ্তী সময়ত ছাত্ৰীগৰাকীক হাস্পাতাললৈ লৈ যায়।
উল্লেখ্য যে, ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পাছত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। বিভিন্নজনক প্ৰশ্ন কৰি আৰক্ষীয়ে ঘটনাৰ সৱিশেষ জনাৰ চেষ্টা কৰিছে। এই ঘটনাৰ আঁৰত প্ৰকৃততে কি আছে, এয়া হত্যা নে আত্মহত্যা, নে এয়া এক দুৰ্ঘটনা এই সকলো এতিয়া ৰহস্যৰ আৱৰ্তত। আৰক্ষীৰ তদন্তৰ অন্ততহে জানিব পৰা যাব ছাত্ৰীগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ।
আনহাতে জি এম চি এইচতে ছাত্ৰীগৰাকীৰ মৰণোত্তৰ পৰীক্ষা কৰা হ’ব। মৰণোত্তৰ পৰীক্ষাৰ অন্ততহে জানিব পৰা যাব কেনেকৈ মৃত্যু হ’ল ছাত্ৰীগৰাকীৰ। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান চাঞ্চল্য অব্যাহত আছে।