শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

নতুন দিল্লীৰ বিজ্ঞান ভৱনৰ আর্হিত নির্মাণ কৰা হ’ব পাণবজাৰৰ সন্মিলন কেন্দ্ৰঃ জানিবলৈ দিলে মুখ্যমন্ত্রীয়ে

পাণবজাৰত নির্মীয়মান অৱস্থাত আছে পূৱ ভাৰতৰ অন্যতম সর্ববৃহৎ সন্মিলন কেন্দ্র তথা বাজ্যিক অতিথিশালা। আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই পাণবজাৰৰ এই নিৰ্মাণস্থলী পৰিদৰ্শন কৰি নিৰ্মাণকাৰ্যৰ অগ্রগতিৰ বুজ লয়।

নতুন দিল্লীৰ বিজ্ঞান ভৱনৰ আর্হিত নির্মাণ কৰা হ’ব পাণবজাৰৰ সন্মিলন কেন্দ্ৰঃ জানিবলৈ দিলে মুখ্যমন্ত্রীয়ে
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা
monjit-dutta
Monjit Dutta | Published: 28 Feb 2025 22:42 PM

গুৱাহাটী মহানগৰীৰ পাণবজাৰত নির্মীয়মান অৱস্থাত আছে পূৱ ভাৰতৰ অন্যতম সর্ববৃহৎ সন্মিলন কেন্দ্র তথা বাজ্যিক অতিথিশালা। আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই পাণবজাৰৰ এই নিৰ্মাণস্থলী পৰিদৰ্শন কৰি নিৰ্মাণকাৰ্যৰ অগ্রগতিৰ বুজ লয়। মুখ্যমন্ত্রীগৰাকীয়ে নির্মাণকাৰী সংস্থা আৰু লোকনির্মাণ (গৃহ) বিভাগৰ বিষয়াসকলৰ সৈতে অত্যাধুনিকভাৱে নির্মীয়মান এই কেন্দ্রটো পর্যবেক্ষণ কৰি ইয়াৰ নির্মাণকার্য যথোচিত আৰু সময় নির্ধাৰিতভাৱে সম্পূর্ণ কৰিবলৈ সংশ্লিষ্ট কর্তৃপক্ষক নির্দেশ দিয়ে। উল্লেখ্য যে এই সন্মিলন কেন্দ্ৰটোৰ সৰ্বাধিক উচ্চতা হ’ব ৪১.১০ মিটাৰ।

কেন্দ্রটোত ৬৭৭৮.৩৬ বর্গমিটাৰ লন এলেকাৰ লগতে প্রবেশ লবি, ২০০ খন আসনবিশিষ্ট ২ টা হল, প্রদর্শনী স্থান, ৰেষ্টুৰেন্ট, কার্যালয়ৰ স্থান, ৫০০ খন আসন বিশিষ্ট তিনিটা হল আৰু ১০০ খন আসন বিশিষ্ট হল থকাৰ লগতে আৱর্ত ভৱন ব্লকত ১৫ টা অতিথি কক্ষ, ৫ টা ছুইট, অভ্যর্থনা, ব্যায়ামগাৰ, বাণিজ্যিক কেন্দ্র, ৰেষ্টুৰেন্ট, বহুমুখী হল আদি সন্নিবিষ্ট থাকিব। ৰাজ্যিক অতিথিশালা ব্লকত ২৬ টা টাইপ ৱান, ৩ টা টাইপ টু, ৩ টা টাইপ খ্রী অতিথি কক্ষ থাকিব।

তদুপৰি, এই অতিথিশালাটোত ৪ টা ভি ভি আইপি ছুইট, ১ টা ৰাষ্ট্ৰপতিৰ ছুইট, মিডিয়া ব্রিফিং ৰুম, মিডিয়া লাউঞ্জ আৰু ব্যায়ামগাৰো থাকিব। আনহাতে, ৫০০ খন বাহন ৰাখিব পৰা বেছমেন্ট পার্কিঙত এছটিপি, ইউ জি আৰ চাবষ্টেশ্যনৰ ব্যৱস্থা কৰা হৈছে। নির্মীয়মান সন্মিলন কেন্দ্রটো পর্যবেক্ষণ কৰাৰ পিছত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীৰ বিজ্ঞান ভৱনৰ আর্হিত এই বৃহৎ সন্মিলন কেন্দ্রটো নির্মাণ কৰা হ’ব বুলি উল্লেখ কৰে।

কেন্দ্রটোৰ ৪০ শতাংশ নির্মাণকার্য বর্তমান সম্পূর্ণ হৈ উঠিছে আৰু অহা বৰ্ষৰ প্রথমভাগত এই সন্মিলন কেন্দ্রটো মুকলি কৰাব আশা কৰা হৈছে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এই সন্মিলন কেন্দ্রটো নির্মাণ হৈ উঠিলে খানাপাৰা পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত সদ্য অনুষ্ঠিত ‘এডভান্টেজ আছাম ২.০’ সম্মিলন আদিৰ দৰে বৃহৎ অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰিব পৰা যাব বুলিও মন্তব্য কৰে।

তদুপৰি ইয়াৰ নির্মাণকার্য সম্পূর্ণ হৈ উঠাৰ লগে লগে পূব ভাৰতত যিমানবোৰ সন্মিলন আয়োজিত হ’ব, সেইসমূহ এই কেন্দ্রটোতে অনুষ্ঠিত কৰিব পৰা যাব বুলি তেওঁ লগতে কয়। ইয়াৰ জৰিয়তে হোটেল আদি আনুষংগিক ব্যৱসায়ৰ প্রয়োজন বৃদ্ধি পাব আৰু জনসাধাৰণ অর্থনৈতিকভারে উপকৃত হ’ব বুলি কোৱা হৈছে। আনহাতে অর্থনৈতিক কাম-কাজ তথা চিকিৎসা সন্মিলন, বাণিজ্যিক সন্মিলন আদি বৃহৎ বৃহৎ সন্মিলনসমূহ বর্তমান কলকাতাত অনুষ্ঠিত হৈ থকাৰ পৰিৱর্তে গুৱাহাটীত অনুষ্ঠিত কৰাৰ সুবিধা উপলব্ধ হ’ব।

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এই কেন্দ্রটো পূৱ ভাৰতৰ ভিতৰত অদ্বিতীয় সম্মিলন কেন্দ্র হিচাপে পৰিগণিত হ’ব বুলি মন্তব্য কৰে। আজিৰ এই পৰিদৰ্শনকালত মুখ্য সচিব ড০ ৰবি কোটা প্রমুখ্যে লোকনির্মাণ বিভাগৰ শীর্ষবিষয়াসকল উপস্থিত থাকে। ইয়াৰ পিছতে মুখ্যমন্ত্রী ড° শর্মাই আজি গুৱাহাটীৰ খানাপাৰাত উপস্থিত হৈ ৫ হাজাৰ আসনবিশিষ্ট নির্মীয়মান প্রেক্ষাগৃহটোৰ নিৰ্মাণকাৰ্যৰ অগ্রগতিৰ বুজ লয়।