শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

কেনেকৈ সম্ভৱ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৮ টা মুকলি প্ৰশ্ন কংগ্ৰেছ নেতা ৰিপুন বৰাৰ…

বিজেপি চৰকাৰৰ বিৰুদ্ধে কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰি এক প্ৰেছ বিবৃতি জাৰি কৰিছে প্ৰদেশ কংগ্ৰেছ। বিৰোধী দল কংগ্ৰেছে কৰা অভিযোগ অনুসৰি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ অৰ্থনীতি দেউলীয়া হৈ পৰিছে।

কেনেকৈ সম্ভৱ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৮ টা মুকলি প্ৰশ্ন কংগ্ৰেছ নেতা ৰিপুন বৰাৰ…
ৰিপুন বৰা- হিমন্ত বিশ্বImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 09 Jan 2025 14:29 PM

বিজেপি চৰকাৰ তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কেইটামান মুকলি প্ৰশ্ন কংগ্ৰেছ নেতা ৰিপুন বৰাৰ। বৃহস্পতিবাৰে বৰাই ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি অসমৰ এক ভয়ংকৰ ছবি দাঙি ধৰে। বৰাই কয় যে, মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত বৃদ্ধি পাইছে অপৰাধৰ সংখ্যা, বৃদ্ধি পাইছে ঋণৰ পৰিমাণ। ইয়াৰোপৰি বিভিন্নটা বিষয় সামৰি মুখ্যমন্ত্ৰীগৰাকীক কেইটামান প্ৰশ্ন কৰে বৰাই। এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছে এক প্ৰেছ বিবৃতি জাৰি কৰিছে। এই বিবৃতিখন তলত অসম্পাদিত ৰূপত প্ৰকাশ কৰা হ’ল-

 

২০১৬ চনত সর্বানন্দ সোণোৱালৰ নেতৃত্বত অসমত বিজেপি চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰা দিনৰে পৰা তেতিয়াৰ বিত্ত, স্বাস্থ্য, গড়কাপ্তানী মন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই আনকি প্রধান মন্ত্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াইও অসমক ভাৰতৰ এক সৰ্বশ্রেষ্ঠ ৰাজ্যত পৰিণত কৰিব বুলি অসমৰ ৰাইজক সপোন দেখুৱাই আহিছে। পৰৱৰ্তীকালত ২০২১ চনত ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য মন্ত্ৰী হোৱাৰ দিনৰে পৰা অসমক ভাৰতৰ পাঁচ খন সর্বশ্রেষ্ঠ ৰাজ্যৰ ভিতৰত এখন কৰিব বুলি সভা-সমিতি, সংবাদ মেল সকলোতে নেওঁতা পঢ়াৰ দৰে কবলৈ ধৰিলে।

কিন্তু কার্যক্ষেত্রত বিজেপিৰ ন বছৰীয়া শাসন কালত বিশেষকৈ ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰিত্বত যোৱা চাৰি বছৰীয়া কাৰ্যকালত অসমত যি ধৰণে চিণ্ডিকেট ৰাজৰ জাল পেলাই লুণ্ঠন ৰাজ আৰু জংঘলৰ ৰাজ চলাইছে, নজিৰ বিহীন ঋণৰ বোজাৰে ৰাজ্যখনক যি ধৰণে ধৰুৱা আৰু দেউলীয়া কৰিছে, দ্ৰৱ্যমূল্যৰ আকাশ লংঘী মূল্যবৃদ্ধি আৰু নিবনুৱা সমস্যাই জনসাধাৰণৰ জীৱন যি ধৰণে দুর্বিসহ কৰি তুলিছে এতিয়া ৰাইজৰ বুজিবলৈ বাকী নাই যে জুমলা বাজত পাকৈত বিজেপি দলৰ এইটো ঘোষণাও যে এক জুমলাৰ বাহিৰে একো নহয়, ৰাইজক সপোন দেখুৱাই বুৰ্বক বনোৱাৰ এক হিতলাৰী কৌশল।

অসম ভাৰতৰ পাঁচখন সৰ্বশ্রেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হোৱা দূৰৰ কথা- মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ শাসন কালত অসমৰ অৰ্থনীতি আৰু সামগ্রিক বিকাশ বিধ্বস্ত কৰি অসম কেনেকৈ ভাৰতৰ ভিতৰত এখন অতি পিছপৰা ৰাজ্যত পৰিণত হৈছে তলৰ তথ্য সমূহে সাব্যস্ত কৰিব।

১) দেশৰ ভিতৰত অসম জনমূৰি আয়ত নিম্ন:

এখন ৰাজ্য বিকশিত ৰাজ্য হ’বলৈ হ’লে প্রথম মাপকাঠি হৈছে সেই ৰাজ্যৰ জনমূৰি আয় আৰু জনসাধাৰণৰ ক্ৰয় ক্ষমতা। ৰিজার্ভ বেংকৰ শেহতীয়া চাৰ্ভেৰ তথ্য অনুযায়ী ২০২৩-২০২৪ বিত্তীয় বৰ্ষত ভাৰতৰ বিভিন্ন ৰাজ্যৰ তুলনাত অসমৰ জনমূৰি আয় (Rs 1,35,787) সর্ব নিম্ন। ভাৰতৰ ৩৩ খন ৰাজ্যত ভিতৰত জনমূৰি আয়ত অসমৰ স্থান ৩০ নম্বৰত। আনকি মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই NEDA Chairman বুলি জাহিৰ কৰা আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়, (Rs 1,36,948), চিকিম (Rs 5,87,743) ৰ জনমূৰি আয়তকৈ অসমৰ জনমূৰি আয় কম। বিজেপিৰ ন বছৰীয়া শাসন কালত প্ৰতি বছৰে অসমৰ জনমূৰি আয় ক্রমাগত ভাৱে কমি আহিছে। জনমূৰি আয় কমিলে মানুহৰ ক্ৰয় ক্ষমতাও কমি যায়। ইয়াৰ ফলত দৰিদ্ৰতা বৃদ্ধি পায় আৰু বিকাশ হ্রাস পায়। এনে পঁয়া লগা অৱস্থাৰে ডঃ হিমন্ত বিশ্ব শর্মাই অসমক এনেকৈ সর্বশ্রেষ্ঠ ৰাজ্য কৰিব?

 

২) নৱজাত শিশু আৰু প্রসূতি মহিলাৰ মৃত্যুৰ হাৰ অসমত সর্বাধিক:

A) জনসাধৰণৰ স্বাস্থ্যৰ বিকাশৰ অবিহনে এখন ৰাজ্য কেতিয়াও বিকশিত হ’ব নোৱাৰে। WHO আৰু ভাৰত স্বাস্থ্য পৰিয়াল কল্যাণ বিভাগৰ শেহতীয়া তথ্য অনুযায়ী অসমত নৱজাত শিশুৰ মৃত্যুৰ হাৰ (IMR) প্রতি 1000 ৰ ভিতৰত 36 আৰু সৰ্বভাৰতীয় পৰ্য্যায়ত এই হাৰ 30।

B) ঠিক একেদৰে প্ৰসূতি মহিলাৰ মৃত্যুৰ হাৰ (MMR) অসমত প্ৰতি এক লাখ প্ৰসূতি মহিলাৰ ভিতৰত 195, যিটো দেশৰ ভিতৰত সর্বাধিক। এই দুই তথ্যই অসমৰ স্বাস্থ্য বিভাগ আৰু চিকিৎসা সেৱাৰ ফোঁপোলা স্বৰূপ উদঙাইছে। ৰাজ্যৰ এনে দুখ লগা স্বাস্থ্য ব্যৱস্থাৰে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই কেনেকৈ অসমক শ্রেষ্ঠ ৰাজ্য বনাব?

 

৩) মানৱ সম্পদ উন্নয়ন সূচাংকত (HDI) অসম সর্বনিম্ন :

United Nations Development Program (UNDP) ৰ শেহতীয়া সমীক্ষা অনুযায়ী মানৱ সম্পদ সূচাংকত (INDEX) ভাৰতৰ ৩৩ খন ৰাজ্যৰ ভিতৰত অসমৰ স্থান ৩১ নম্বৰত (০.৬১৫) মানৱ সম্পদ উন্নয়ন ৰাজ্যখনৰ বিকাশৰ এক অন্যতম মাপকাঠি। অসমতকৈ পিছত সৃষ্টি হোৱা, দুর্গম যাতায়ত এলেকাৰে ভৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহত কৈ অসমৰ মানৱ সম্পদ উন্নয়নৰ সূচাংকক নিম্ন কৰি মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই অসমক বিধ্বস্ত অৱস্থালৈ নি কি যাদুৰে শ্ৰেষ্ঠ ৰাজ্য বনাব ৰাইজক জনাব লাগে।

৪) মহিলাৰ বিৰুদ্ধে অপৰাধত অসম শীৰ্ষত:

মহিলা সাৱলীকৰণৰ অবিহনে কেতিয়াও এখন ৰাজ্য বিকশিত হ’ব নোৱাৰে। দেশৰ চাৰিও ফালে ” বেটি বচাও, বেটি পঢ়ও ” শ্লোগান দিয়া বিজেপিৰ আমোলত অসমত NCRB (National Crime Records Bureau) ৰ তথ্য অনুযায়ী বিজেপিৰ যোৱা আঠ বছৰ শাসন কালত ৰাজ্যখনত ১৮,২৬২ টা মহিলা ধৰ্ষণ আৰু ধৰ্ষণত মৃত্যুসহ গোচৰ পঞ্জীভূত হৈছে। ২০২১-২২ চনত মহিলাৰ বিৰুদ্ধে অসমত ভাৰতৰ ভিতৰত সৰ্বাধিক অপৰাধ সংঘটিত হৈছিল। যোৱা দুটা বছৰত এই অপৰাধ সামান্য পৰিমাণে হ্রাস পাইছে যদিও NCRB ৰ প্ৰতিবেদনত অসমত মহিলাৰ বিৰুদ্ধে অপৰাধৰ হাৰ ১৬৮.৩ যিটো সৰ্ব ভাৰতীয় হাৰ  ৬৪.৫ তকৈ বহু বেছি।

ইয়াৰ উপৰি NCRB ৰ মতে ভাৰতৰ ভিতৰত অসমত মহিলাৰ বিৰুদ্ধে সংঘটিত হোৱা অপৰাধত শাস্তি পোৱা বা দোষী প্রমাণিত হোৱা সংখ্যা আটাইতকৈ কম। মুখ্যমন্ত্রী নিজে গৃহ বিভাগৰ দায়িত্বত থকাৰ পাছত পুলিচ আৰু তদন্তকাৰী সংস্থাৰৰ এনে চৰম বিফলতাই কি সূচাইছে? সৃষ্টিৰ প্ৰতীক মাতৃ সমাজক এনেদৰে অত্যাচাৰ, লাঞ্চনাৰ বলি কৰি, ন্যায়ৰ পৰা বঞ্চিত কৰি ড: হিমন্ত বিশ্ব শর্মাই কেনেকৈ অসমক শ্রেষ্ঠ ৰাজ্য বনাব ?

৫) School Dropout (আদ বয়সত স্কুল এৰা) পৰিসংখ্যা ভাৰতৰ ভিতৰত অসমত সৰ্বাধিক:

Unified District Information System for Education Plus (UDISE+) ৰ প্ৰতিবেদন অনুযায়ী ২০২১-২০২২ আৰু ২০২২-২০২৩ বৰ্ষত অসমত –

Lower Primary school stage ত স্কুল এৰাৰ হাৰ ৬  %

সৰ্বভাৰতীয় পৰ্য্যায়ত হাৰ – ১.৫০ %

Upper primary stage ত স্কুল এৰাৰ হাৰ ৮.৮%

সৰ্বভাৰতীয় পৰ্য্যায়ত হাৰ – ৩%

Secondary school stage ত স্কুল এৰাৰ হাৰ ২০.৩%

সৰ্বভাৰতীয় পৰ্য্যায়ত হাৰ – ১২.৬ %

দীর্ঘদিন ধৰি শিক্ষামন্ত্ৰীৰ দায়িত্বত থকা মুখ্য মন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ শিক্ষা ব্যৱস্থাটোক ভাৰতৰ আটাইতকৈ বিধ্বস্ত অৱস্থালৈ নি অসমক ভাৰতৰ পাঁচখন শ্রেষ্ঠ ৰাজ্যৰ এখন কৰিম বুলি দাংকোপ মাৰি আমাক মুর্খ বনাব বিচাৰিছে।

অসমৰ ভয়াবহ নিবনুৱা সমস্যা :

২০১৬ চনত বিজেপি চৰকাৰে কাৰ্যভাৰ লোৱাৰ সময়ত অসমত পঞ্জীভূক্ত নিবনুৱাৰ সংখ্যা আছিল ২৩ লাখ। ২০২৩-২৪ চনত অসমৰ পঞ্জীভুক্ত নিবনুৱা সংখ্যা হল ৩২ লাখ। বছৰত এক লাখকৈ পাঁচ বছৰত পাঁচ লাখ নিবনুৱা যুৱক যুৱতীক কর্ম সংস্থাপন দিয়া হ’ব বুলি অসমৰ যুৱ প্ৰজন্মক প্ৰতাৰণা কৰি এতিয়া ৯ লাখ নিবনুৱাৰ সংখ্যা আৰু বাঢ়িল। এনে বৃহৎ সংখ্যক নিবনুৱা সৃষ্টি কৰি মুখ্য মন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই কেনেকৈ অসমক ভাৰতৰ পাঁচখন সর্বশ্রেষ্ঠ ৰাজ্যৰ ভিতৰত এখন শ্রেষ্ঠ ৰাজ্য কৰিব?

৭) ব্যাপক ঋণৰ বোজাত অসমৰ দেউলীয়া অর্থনীতি:

ৰিজার্ভ বেংকৰ ২০২৩-২৪ বিত্তীয় বৰ্ষৰ তথ্য অনুযায়ী ২০২৪ চনৰ ৩১ ডিচেম্বৰ পৰ্যন্ত অসমৰ ঋণৰ পৰিমাণ হ’ল প্ৰায় ১ লাখ ৫৫ হাজাৰ কোটি টকা।

তথ্য অনুযায়ী –

১৯৫২ ৰ পৰা ২০১৬ চনলৈ মুখ্যমন্ত্রী প্রয়াত তৰুণ গগৈ দেৱে কাৰ্যভাৰ এৰাৰ সময়ত অসমৰ মুঠ ঋণৰ পৰিমাণ –

৪১,৯৬৪ কোটি টৰা।

২০১৬ চনৰ পৰা ২০২১ চনলৈ মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ পাঁচ বছৰীয়া কাৰ্যকালত ঋণ লয় – ৪৭,৭৪৫কোটি টকা।

২০২১ৰ পৰা ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈ তিনি বছৰ কাৰ্যকালত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই ঋণ লয়- ৬৫,২৯১কোটি টকা।

২০২৪ চনৰ ৩১ ডিচেম্বৰ পৰ্যন্ত অসমৰ মুঠ ঋণৰ পৰিমাণ হ’ল-১,৫৫,০০০ কোটি টকা।

নজিৰ বিহীন ভাৱে ডঃ হিমন্ত বিশ্ব শৰ্মাই কেৱল হিতাধিকাৰীক সন্তুষ্ট কৰি ভোট বেংক সৃষ্টি কৰিবৰ বাবে এনে বৃহৎ পৰিমাণৰ ঋণ লৈ বছৰি আমাৰ ৰাইজৰ কৰ-কাটলৰ পৰা সংগৃহীত ৰাইজৰ প্ৰায় ৪০০০ কোটি টকা সুত পৰিশোধ কৰোঁতে ব্যয় কৰিছে। ইয়াৰ ফলত অসমৰ অৰ্থনীতি দেউলীয়া কৰাৰ লগতে ৰাজ্য বাসীক বন্ধকত ৰাখিছে। এনেদৰে ৰাজ্যখনক ধাৰত পোত খুৱাই কি যাদুৰে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই অসমক ভাৰতৰ পাঁচ খন শ্রেষ্ঠ ৰাজ্যত অন্তর্ভুক্ত কৰিব ৰাইজক জনাব লাগে।

৮)অসমৰ প্ৰতি কেন্দ্ৰৰ বিজেপি চৰকাৰৰ মাহী আইৰ দৃষ্টি:

কেন্দ্ৰীয় চৰকাৰৰ পৰা অসমে বিভিন্ন বিভাগৰ উন্নয়ন মূলক কাম কাজৰ বাবে নীতি গত ভাৱে প্রাপ্য পুঁজিসমূহ কর্তন কৰা আৰু নিয়মিত ভাৱে মুকলি কৰি নিদিয়াৰ ফলত অসমৰ উন্নয়ন সাংঘাটিক ভারে বাধাগ্ৰস্ত হৈছে। উদাহৰণ স্বৰূপে –

A) GST ৰ অংশ হিচাবে অসমে কেন্দ্রীয় চৰকাৰৰ পৰা এতিয়াও পাবলৈ বাকী আছে- ৮৫,০০০ কোটি টকা।

B) বানপানীৰ ক্ষয় ক্ষতিৰ মেৰামতি তথা NDRF (National Disaster Response Fund) শিতানত পাবলৈ বাকী আছে প্রায় – ২,৭০০ কোটি টকা।

Rural Development মন্ত্রনালায়ৰ ২০২২-২৩ ৰ সমীক্ষাৰ তথ্য অনুযায়ী অসমৰ মুঠ ২৬৬১ খন গাওঁ পঞ্চাতৰ ৬৪,৯৮,৭২৮ টা  জব কাৰ্ড হোল্ডাৰ পৰিয়ালৰ মাত্র ৬,৪০২ টা পৰিয়ালে  MGNREGA ৰ অধীনত ১০০ দিনৰ কাম পাইছে। কেন্দ্ৰীয় চৰকাৰে এই আঁচনিৰ পুঁজি অসমলৈ মোকলাই নিদিয়াৰ ফলত এই অৱস্থা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ সাহাৰ্য্য আৰু সহযোগিতাৰ অবিহনে কোনো ৰাজ্যই নিজা ৰাজহৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰে।

ডঃ হিমন্ত বিশ্ব শর্মাই চাৰিও ফালৰ পৰা অসমৰ অৰ্থনীতি, বিকাশ বিধ্বস্ত কৰি ৰাজ্যখনক ধৰুৱা আৰু দেউলীয়া ৰাজ্যত পৰিণত কৰিছে। প্রধানমন্ত্রী মোদী ডাঙৰীয়াই অসম তথা উত্তৰ পূৰ্বাঞ্চলক অষ্ট লক্ষ্মীৰ দেশ বনাব বুলি ঘোষণা কৰি ব্যাপক ভাৱে কেন্দ্ৰীয় পুঁজি কৰ্তন কৰিছে, প্রাপ্য পুঁজি মোকলাই দিয়া নাই।

এনে প্রেক্ষাপটত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই কি কৌশলৰে এই এটা বছৰৰ ভিতৰত অসমক ভাৰতৰ পাঁচ খন সৰ্বশ্রেষ্ঠ ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিব, অসম বাসীৰ ওচৰত তেওঁৰ স্থিতি স্পষ্ট কৰক। অন্যথাই যোৱা ন টা বছৰত অসমৰ মানুহক এনেদৰে প্ৰতাৰণা কৰাৰ বাবে ৰাজহুৱা কৈ ক্ষমা খোজক।

Latest News