মিত্ৰতাই আমুৱালে! অসমৰ উপ-নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিব কংগ্ৰেছে… – Assamese News: Latest News in Assamese Online, Assamese Breaking and Live Updates, Assamese News Today

মিত্ৰতাই আমুৱালে! অসমৰ উপ-নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিব কংগ্ৰেছে…

Published: 

16 Jul 2024 14:22 PM

যোৱাবাৰ চিদলী বিপিএফক এৰি দিছিলো যদিও পৰৱৰ্তী সময়ত তেওঁলোক আমাৰ লগত নাথাকিলে। আৰু চিপিআই (এম)ক বিহালী এৰি দিছিলো। কিন্তু আগতকৈ বিহালীত আমাৰ অৱস্থা বেছি বেয়া হ'ল।

মিত্ৰতাই আমুৱালে! অসমৰ উপ-নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিব কংগ্ৰেছে...

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

Follow Us On

মিত্ৰতা ভংগ কৰি অসমৰ ৫ টা বিধানসভা সমষ্টিত অকলেই উপ- নিৰ্বাচন খেলাৰ দিশে আগবাঢ়িছে প্ৰদেশ কংগ্ৰেছ। এই সন্দৰ্ভত মঙলবাৰে প্ৰদেশ কংগ্ৰেছৰ তৃণমূল পৰ্যায়ৰ এই বৈঠক অনুষ্ঠিত হব। ইয়াৰ পূৰ্বে এইবাৰ নিৰ্বাচন অকলে খেলাৰ ইংগিত দিছে  প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। তেওঁ কয় যে, বিহালী, চামগুৰি,ঢলাই,  বঙাইগাঁও, চিদলী আদিৰ জনপ্ৰতিনিধিয়ে অসমৰ ৫ টা সমষ্টিক কংগ্ৰেছক অকলেই বিধানসবাৰ উপ-নিৰ্বাচন খেলাৰ বাবে পৰামৰ্শ দিছে। কাৰণ যোৱাবাৰ চিদলী বিপিএফক এৰি দিছিলো যদিও পৰৱৰ্তী সময়ত তেওঁলোক আমাৰ লগত নাথাকিলে। আৰু চিপিআই (এম)ক বিহালী এৰি দিছিলো। কিন্তু আগতকৈ বিহালীত আমাৰ অৱস্থা বেছি বেয়া হ’ল।

বৰাই লগতে কয় যে, এইবোৰ কাৰণতেই ৫ টা সমষ্টি- বিহালী, চামগুৰি, ঢলাই, চিদলী আৰু বিহালীক অকলে উপ- নিৰ্বাচন খেলাৰ পৰামৰ্শ দিছে। আমি অতি শীঘ্ৰেই দলৰ জ্যেষ্ঠ নেতাসকলৰ লগত আলোচনা কৰি ৫ খন সমিতি সমষ্টিবোৰলৈ প্ৰেৰণ কৰা হ’ব। এই  সমিতিয়ে তৃণমূল পৰ্যায়ৰ কৰ্মীৰ লগত আলোচনা কৰি নিৰ্বাচনৰ প্ৰস্তুতি চলাব। তেওঁ লগতে কয় যে, আজি কংগ্ৰেছৰ বহু নেতাই এই বৈঠকত অংশ গ্ৰহণ কৰিব। প্ৰতিখন জিলা, বুথ  কমিটিৰ পৰা সদস্যই আজিৰ বৈঠকত পৰামৰ্শ আগবঢ়াব যে কেনেদৰে ২০২৬ ত কংগ্ৰেছ ক্ষমতালৈ আহিব পাৰে। ইয়াৰ পাছতে কাইলৈ হোটেল লিলিত সাংসদ, বিধায়কৰ লগতে জ্যেষ্ঠ নেতাৰ উপস্থিতিত সাংগঠনিক সিদ্ধান্ত গ্ৰহণ কৰা হ’ব। ইয়াৰোপৰি সোমবাৰে কংগ্ৰেছে অনুশাসন কমিটী গঠন কৰা বুলিও তেওঁ কয়।

উপ- নিৰ্বাচন সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে,অনুশাসন কমিটীয়ে নিজৰ দায়িত্ব পালন কৰিব। কোনোৱে যাতে একপক্ষীয়ভাৱে সিদ্ধান্ত নলয় তাৰ ওপৰত গুৰুত্ব দিয়া হ’ব। যি কংগ্ৰেছ নেতাৰ প্ৰতি দলীয় অনুশাসন ভংগ কৰাৰ অভিযোগ আছে তেওঁৰ বিৰুদ্ধে এই কমিটীখনে সিদ্ধান্ত গ্ৰহণ কৰিব। অৱশ্যে অভিযুক্তই নিজৰ সমৰ্থনত যুক্তি দিয়াৰ সুযোগ লাভ কৰিব। প্ৰয়োজন হ’লে ক্ষেত্ৰ ভিত্তিত অধ্যয়ন কৰি ব্যৱস্থা ল’বলৈও কোৱা হৈছে।

উল্লেখ্য যে, কংগ্ৰেছৰ কেইবাগৰাকী নেতাৰ বিৰুদ্ধে দলীয় অনুশাসন ভংগ কৰাৰ অভিযোগ আছে। প্ৰায় ৪০ গৰাকীকৈ নেতাৰ প্ৰতি বিভিন্ন ধৰণৰ অভিযোগ আছে। উপযুক্ত প্ৰমাণ পালে এই নেতাৰ প্ৰতি ব্যৱস্থা গ্ৰহণ কৰিব বুলি কংগ্ৰেছে কয়। এই সন্দৰ্ভত ভূপেন বৰাই কয় যে, কংগ্ৰেছে আগৰ পৰা দলীয়া অনুশাসন ভংগ কৰাৰ প্ৰতি ব্যৱস্থা গ্ৰহণ কৰি আহিছে। মন্ত্ৰীৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰাৰ উদাহৰণ আছে।

মন কৰিবলগীয়া যে ৩ দিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিং। এই জ্যেষ্ঠ নেতাগৰাকীৰ ভ্ৰমণৰ সময়তে কংগ্ৰেছে উপ- নিৰ্বাচনক লৈ ৰণ কৌশল প্ৰস্তুত কৰাৰ বাবে যো- জা কৰিছে। সিঙৰ উপস্থিতিতেই দলীয় অনুশাসন ভংগ কৰা নেতাৰ বিৰুদ্ধে কংগ্ৰেছে ব্যৱস্থা গ্ৰহণ কৰাৰ সম্ভাৱণা আছে।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version