বিজেপিৰ ১৮ জন প্ৰাক্তন মন্ত্ৰী-বিধায়ক সন্দৰ্ভত ভূপেন বৰাৰ ডাঙৰ ঘোষণা! কোন আছে তালিকাত..

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। ইয়াৰ লগতে কয় যে, বিজেপিৰ কেইবাগৰাকী জ্যেষ্ঠ নেতাই কংগ্ৰেছত যোগদান কৰিব বিচাৰি আছে। এইসকলৰ ভিতৰত প্ৰাক্তন মন্ত্ৰী, বিধায়কো আছে।

বিজেপিৰ ১৮ জন প্ৰাক্তন মন্ত্ৰী-বিধায়ক সন্দৰ্ভত ভূপেন বৰাৰ ডাঙৰ ঘোষণা! কোন আছে তালিকাত..

হিমন্ত বিশ্ব শৰ্মা, ভূপেন বৰা

Published: 

22 Dec 2024 21:35 PM

ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া ২০২৬ চনৰ বিধানসভা নিৰ্বাচনক লৈ মাজত মাত্ৰ কেইটামান দিন বাকী। কিন্তু বৰ্তমান সময়ত বিধানসভাৰ লগতে আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ দলসমূহৰ মাজত দেখা দিছে ৰাজনৈতিক তৎপৰতাই। ইয়াৰ মাজতে  দেওবাৰে লখিমপুৰ জিলা কংগ্ৰেছ কমিটীৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। এই সময়চোৱাত তেওঁ বিজেপিক লক্ষ্য কৰি লোৱাৰ লগতে কেতবোৰ বিস্ফোৰক মন্তব্য প্ৰদান কৰে।

বৰাই কয় যে, বিজেপিৰ কেইবাগৰাকী নেতাই কংগ্ৰেছত যোগদান কৰিব বিচাৰি আছে।  এই তালিকাত আছে প্ৰাক্তন বিধায়ক, প্ৰাক্তন মন্ত্ৰী আদিৰ নামো। তেওঁ কয় যে, সকলোৰে মনত ভাৱ আহি গৈছে যে ২০২৬ চনত ৰাজ্যত কংগ্ৰেছ চৰকাৰ আহিব পাৰে। আনকি বিজেপিৰ ১৮ জনমান নেতাই যোগাযোগ কৰি আছে যে টিকট দিলে কংগ্ৰেছত যোগদান কৰিব। ইয়াৰ ভিতৰত ৪ জন মান লৈ ল’ম। এই নেতাসকলৰ ভিতৰত প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন বিধায়ক আছে।

তেওঁ কয় যে, টিকট দিলে এইমাত্ৰ কংগ্ৰেছত বহু বিজেপি নেতাই যোগদান কৰিব। কিন্তু আমি ইমান মানুহক টিকট দিব নোৱাৰো, কাৰণ আমাৰ নিজা নেতাও আছে। ইয়ে প্ৰমাণ কৰে যে মানুহৰ মনত ভাব আহি গৈছে ২০২৬ চনত কংগ্ৰেছৰ চৰকাৰ আহিব বুলি। ৰাহুল গান্ধী অহাৰ সময়ত চৰকাৰে বহু ষড়যন্ত্ৰ কৰিছিল, কিন্তু তাৰ পাছতো লাখ লাখ মানুহ হৈছিল।  মানুহখিনি আমাৰ  আছে, কেৱল আমি যোগাযোগ কৰিব পৰা নাই। বিশেষকৈ শিক্ষিত আৰু সচেতন মানুহে বিজেপিক বেয়া পায় বুলি কয় বৰাই।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা উল্লেখ কৰি বৰাই কয় যে, কেইদিমান আগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিমানত লগ পাইছিলো। তেতিয়া মই তেওঁক মুখৰ সন্মুখতে কৈছিলো যে এইবাৰ বিজেপিক হৰুৱাম আৰু ৰাজ্যত কংগ্ৰেছে চৰকাৰ গঠন কৰিব। মই কৈছিলো আপোনাৰ ওচৰত বহু টকা আছে, হিতাধিকাৰী আছে, হিন্দুত্ব আছে, কিন্তু তথাপিও আপুনি পৰাজয় হ’ব। তেতিয়া মুখ্যমন্ত্ৰীয়ে কেনেকৈ হৰুৱাব বুলি সুধিছিল আৰু মই উত্তৰত কৈছিল যো গাঁৱৰ  মানুহৰ মনত বিজেপিৰ প্ৰতি ক্ষোভ আছে আৰু সেই ক্ষোভেই কংগ্ৰেছে ভোট হিচাপে ব্যৱহাৰ কৰিব।

ইয়াৰোপৰি কিছুদিন পূৰ্বে প্ৰতিবাদৰ সময়ত ভূপেন বৰা গ্ৰেপ্তাৰ হোৱা কথা উল্লেখ কৰি তেওঁ কয় যে, মৃদুল ইছলামৰ মৃত্যুৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰাৰ সময়ত মোক গ্ৰেপ্তাৰ কৰিছিল। হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশক মোক গ্ৰেপ্তাৰ কৰা হৈছিল কিন্তু গ্ৰেপ্তাৰ কৰাৰ পাছত আৰক্ষীয়ে ৩ বাৰ মোক চাহ, বিস্কুট খুৱাইছিল। ইয়াৰোপৰি বিভিন্ন দিশৰ ওপৰত মন্তব্য প্ৰদান কৰি বৰাই বিজেপি চৰকাৰক কটাক্ষ কৰে।

উল্লেখ্য যে, ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন সমাগত। এতিয়ালৈকে ইয়াৰ তাৰিখ ঘোষণা হোৱা নাই যদিও শীঘ্ৰেই এয়া প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ মাজতে ৰাজনৈতিক দলসমূহ ব্যস্ত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰত।  বিজেপি নেতাৰ লগতে কংগ্ৰেছ নেতা, অসম জাতীয় পৰিষদ, কংগ্ৰেছ আদি সকলো নিজা নিজা ৰণনীতি অনুসৰি নিৰ্বাচনী যুঁজত নামি পৰিছে। গতিকে আগন্তুক সময়ত লক্ষণীয় হ’ব যে কোনে মাৰিব পঞ্চায়ত নিৰ্বাচনত শেষ হাঁহি।

 

 

 

শীতকালত সুন্দৰ হৈ পৰিব আপোনাৰ ছাল, মন কৰক এইসমূহ দিশলৈ...
চুলি হৈ পৰিব দীঘল, ক'লা, ঘন আৰু মজবুত! মাত্ৰ ব্যৱহাৰ কৰক এই সামগ্ৰী
নতুন বছৰত গ্ৰাহকলৈ সুখৰ বতৰা আনিছে Jioই, নানা সুবিধাৰে আগবঢ়াইছে বেষ্ট প্লেন
কমেডি ষ্টাৰ গোবিন্দাৰ সেইসমূহ ছবি, যিবোৰৰ নিৰ্মাণ এতিয়ালৈ সম্পূৰ্ণ নহ'ল...