নিৰ্বাচন সন্মুখত, কাজিয়া ৰাজীৱ ভৱনত! দলত্যাগ, প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতত জৰ্জৰিত কংগ্ৰেছ…

Panchayat election 2025: নিৰ্বাচন আহিলেই সংঘাত জৰ্জৰিত হৈ পৰে প্ৰদেশ কংগ্ৰেছ। ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচন। অইনবাৰৰ দৰে এইবাৰো নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত আৰম্ভ হৈছে দলীয় সংঘাত, দলত্যাগৰ ৰাজনীতি।

নিৰ্বাচন সন্মুখত, কাজিয়া ৰাজীৱ ভৱনত! দলত্যাগ, প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতত জৰ্জৰিত কংগ্ৰেছ...

কংগ্ৰেছ

Published: 

10 Apr 2025 19:03 PM

নিৰ্বাচন আহিলেই সংঘাত আৰম্ভ হয় কংগ্ৰেছৰ। নিৰ্বাচনৰ সৈতে কংগ্ৰেছৰ যেন অইন কিবা এটা সম্পৰ্কহে আছে। যি সময়ত ৰাজনৈতিক দলসমূহে স্থিতি মজবুত কৰাৰ চেষ্টা কৰে, নতুন ৰণনীতি অৱলম্বন কৰে সেই সময়ত কংগ্ৰেছে নিজৰ মাজতে খোৱা কামৰা কৰি থাকে।  লোকসভা নিৰ্বাচন হওক, বিধানসভা নিৰ্বাচন বা পঞ্চায়ত নিৰ্বাচন, সকলো সময়তে নিৰ্বাচন আহিলেই যেন দলটোৰ আচল চৰিত্ৰ ওলাই পৰে। ইমানখিনি থেকেচা খোৱাৰ পাছতো শিক্ষা ল’ব পৰা নাই প্ৰদেশ কংগ্ৰেছে। যাৰ বাবে হয়তো পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ আভ্যন্তৰীণ সংঘাত পুনৰ পোহৰলৈ আহিছে।

ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে দলটোত চৰম অৰাজকতাই দেখা দিছে। প্ৰায় প্ৰতিখন জিলাৰ ৰাজীৱ ভৱনত হৈছে কাজিয়া। প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ বাবে দলটোত উঠিছে পদত্যাগৰ জোৱাৰ। ইমানেই নহয়, ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা আহিছে মাৰপিটৰ ঘটনাৰ খবৰ।

ধেমাজি, হাইলাকান্দিৰ পাছত ধুবুৰীৰ ব্ৰহ্মপুত্ৰ হোটেলৰ কোঠাত কংগ্ৰেছীৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়। অভিযোগ অনুসৰি, ধনৰ বিনিময়ত প্ৰাক্তন জিলা সভাপতি আবেদুৰ জামানে জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ একাংশ প্ৰাৰ্থীক টিকট প্ৰদান কৰিছে। যাৰ বাবে ধুবুৰী জিলা কংগ্ৰেছৰৰ দায়িত্ব থকা নৃপেন ঠাকুৰীয়াৰ সন্মুখতে একাংশ কংগ্ৰেছীৰ মাৰপিট লাগে।

কেৱল এয়াই নহয়, তেজপুৰতো কংগ্ৰেছীৰ মাজত সংঘাতে চূড়ান্ত পৰ্যায় পায়। জিলা সভাপতি আমিনুল ইছলামে ভোমোৰাগুৰি জিলা পৰিষদৰ পৰা নিৰ্বাচন খেলাক লৈ একাংশ কংগ্ৰেছীয়ে ক্ষোভ প্ৰকাশ কৰি তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰে।

ইয়াৰ বিপৰীতে হাইলাকান্দিতো কংগ্ৰেছৰ মাজত দেখা দিছে সংঘাতে। দলীয় সংঘাতৰ বাবে হাইলাকান্দিত দল ত্যাগ কৰে প্ৰাক্তন জিলা পৰিষদৰ সদস্য কমৰুল ইছলাম বৰভূঞা, আবেদিন লস্কৰ, ৰিপন মজুমদাৰে  আৰু পাছত  ৰাইজৰ দলত যোগদান কৰে। ইফালে মানকাছাৰতো জিলা যুৱ কংগ্ৰেছৰ সভাপতিকে ধৰি দল ত্যাগ কৰে ৬ কংগ্ৰেছীয়ে। এই সকলোবোৰৰ মাজতে সলনি কৰা হৈছে গোৱালাপাৰা আৰু ধুবুৰী জিলাৰ সভাপতিক।

মুঠতে কংগ্ৰেছৰ সংঘাতৰ কথা ক’লে ওৰ নপৰে। অৱশ্যে এয়া দলটোৰ ক্ষেত্ৰত কোনো নতুন কথা নহয়। নিৰ্বাচন আহিলেই ক্ষমতালোভী একাংশই পদবীৰ বাবে টনা-আঁজোৰা কৰি দলটোত বেকফুটলৈ ঠেলি দিয়ে। এইবাৰো  পৃথক নহয়। ইয়াৰোপৰি দলৰ সভাপতি ভূপেন বৰাৰ বিৰোধী একাংশ জ্যেষ্ঠ কংগ্ৰেছী। যাৰ মাজতে কংগ্ৰেছৰ মাজত সৃষ্টি হৈছে লবীকেন্দ্ৰিক ৰাজনীতি।  উল্লেখ কৰা প্ৰয়োজন যে, ২০২৬ চনত অসমত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। যদি কংগ্ৰেছৰ অৱস্থা এনেকুৱা হৈয়ে থাকে তেন্তে আহিবলগীয়া সময় সুখকৰ নহ’ব দলটোৰ বাবে।

 

 

অন্য খবৰ পঢ়কঃ পুনৰ কংগ্ৰেছত বিসম্বাদ! ৯ বিধায়কৰ দিল্লীলৈ গমন, ৩টা পদক লৈ টনা-আঁজোৰা…

ঘৰৰ এইসমূহ স্থানত কেতিয়াও নাৰাখিব ধন! হ'ব আৰ্থিক সংকট
গ্ৰীষ্মকালত কিদৰে চুলিৰ যতন ল'ব, অনুসৰণ কৰক এই নিয়ম!
ফেটি লিভাৰ হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক সকলো...
ফ্লেভাৰযুক্ত কণ্ডমৰ উদ্দেশ্য কি? কিয় জনপ্ৰিয়তা বাঢ়িছে ফ্লেভাৰযুক্ত কণ্ডমৰ ?