5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

অহংকাৰেই হিমন্ত চৰকাৰৰ পতনৰ মূল কাৰণ হ’ব: অজিত ভূঞা-লুৰীণ গগৈ

বুধবাৰে গুৱাহাটীত প্ৰদেশ কংগ্ৰেছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদতেই মৃত্যু হয় কংগ্ৰেছ নেতা মৃদুল ইছলামৰ। কংগ্ৰেছ নেতাগৰাকীৰ মৃত্যুৰ পাছতেই ইয়াৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম সন্মিলিত মৰ্চাই।

অহংকাৰেই হিমন্ত চৰকাৰৰ পতনৰ মূল কাৰণ হ’ব: অজিত ভূঞা-লুৰীণ গগৈ
লুৰিণ জ্যোতি গগৈ
barasha-sarma
Barasha Sarma | Updated On: 18 Dec 2024 18:34 PM

বুধবাৰে প্ৰতিবাদৰ মাজতে প্ৰাণ হেৰুৱাই এজন কংগ্ৰেছ নেতাই। এই ঘটনাৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মত পোষণ কৰে অসম সন্মিলিত মৰ্চাই। ঘটনা সন্দৰ্ভত এক বিবৃতি প্ৰদান কৰি মৰ্চাই কয় যে, প্ৰতিবাদী জনতাৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আৰক্ষী বাহিনীয়ে কৰা নিৰ্মম অত্যাচাৰ আৰু এগৰাকী প্ৰতিবাদকাৰীক মৃত্যুৰ মুখলৈ ঠেলি দিয়া ঘটনাক তীব্ৰ গৰিহণা দিছে অসম সন্মিলিত মৰ্চা চমুকৈ অসমে ৷ মিত্ৰ শক্তিটোৰ সভাপতি,সাংসদ অজিত কুমাৰ ভূঞা আৰু সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে বুধবাৰে পুলিচী নিৰ্যাতনত প্ৰাণ ত্যাগ কৰা  কংগ্ৰেছ কৰ্মীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ শোকসন্তপ্ত পৰিয়াল বৰ্গৰ প্ৰতি সমবেদনা ব্যক্ত কৰে ৷

ভূঞা আৰু গগৈয়ে কয় যে আজি ৰাজভৱনৰ সন্মুখত প্ৰতিবাদকাৰী আৰু সাংবাদিকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ কৰি অসম আৰক্ষীয়ে চৰকাৰৰ দমননীতি আৰু ফেচিষ্ট মানসিকতাক উদঙাই দিলে৷ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এনে ফেচিবাদী দমনমূলক কৰ্মকাণ্ডৰে জনসাধাৰণৰ পুঞ্জীভূত ক্ষোভৰ জুইত ইন্ধন প্ৰদানৰহে কাম কৰিছে৷ চৰকাৰৰ এনে অহংকাৰেই এইখন চৰকাৰৰ পতনৰ মূল কাৰণ হ’ব ৷

উল্লেখ্য যে, আজি সমগ্ৰ দেশৰ লগতে গুৱাহাটী মহানগৰীটো কংগ্ৰেছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, নেতা, সাংসদৰ লগতে প্ৰায় ৫ শতাধিকলোকে ৰাজভৱন চলো কাৰ্যসূচীত অংশ গ্ৰহণ কৰিছিল। এক দেশ এক নিৰ্বাচন, স্মাৰ্ট মিটাৰ আদিকে ধৰি বিভিন্ন বিষয়ৰ বিৰোধিতা কৰি কংগ্ৰেছে এই প্ৰতিবাদ সাব্যস্ত কৰিছিল। কিন্তু অসম আৰক্ষীয়ে এই প্ৰতিবাদ অবৈধ বুলি উল্লেখ কৰি প্ৰতিবাদকাৰীসকলক ছত্ৰভংগ দিয়াবলৈ চেষ্টা কৰে।

তাৰ মাজতে আৰক্ষী আৰু প্ৰতিবাদকাৰীসকলৰ মাজত হতাহতি হয়। প্ৰতিবাদ বন্ধ কৰাৰ বাবে আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত লাঠী চাৰ্জ কৰাৰ লগতে কন্দুৱা গেছো নিক্ষেপ কৰে। এই কন্দুৱা গেছ নিক্ষেপ কৰাৰ ফলতেই অসুস্থ হৈ পৰে কংগ্ৰেছ নেতা মৃদুল ইছলাম। পৰৱৰ্তী সময়ত মৃদুল ইছলামক জি এম চি এইচত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়। মৃদুল ইছলাম কংগ্ৰেছৰ আইনী কোষৰ নেতা আছিল।

নেতাগৰাকীৰ মৃত্যুৰ পাছতে তীব্ৰ চাঞ্চল্যৰ সৃ্ষ্টি হয় আৰু কংগ্ৰেছে  বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মৃদুল ইছলামক বিজেপি বিৰোধী যুঁজৰ প্ৰথম শ্বহীদ আখ্যা দিয়ে। কংগ্ৰেছৰ উপৰিও এই মৃত্যুত বিভিন্নজনে শোক প্ৰকাশ কৰে।

 

অন্য খবৰ পঢ়কঃ গুৱাহাটীৰ প্ৰতিবাদস্থলীত কন্দুৱা গেছ নিক্ষেপ, নিহত কংগ্ৰেছ কৰ্মী মৃদুল ইছলাম

Latest News