শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পৰিয়ালৰ সৈতে মিলি অসমত লুটপাত চলাইছে ! কাৰ কথা ক’লে কংগ্ৰেছ নেতা জীতেন্দ্ৰ সিঙে

অসমত চলিছে ছিণ্ডিকেট আৰু গুণ্ডাৰাজ । এগৰাকী নেতাই পৰিয়ালৰ সৈতে মিলি লুটিছে অসমক । বিক্ৰী কৰা হৈছে অসমক । কোন নেতাৰ বিৰুদ্ধে এই অভিযোগ কংগ্ৰেছ নেতা জীতেন্দ্ৰ সিঙৰ ।

পৰিয়ালৰ সৈতে মিলি অসমত লুটপাত চলাইছে ! কাৰ কথা ক’লে কংগ্ৰেছ নেতা জীতেন্দ্ৰ সিঙে
ফাইল ফটোImage Credit source: X handle @JitendraSAlwar
raj-saikia
Raj Saikia | Published: 28 Feb 2025 15:12 PM

অসম লুটিছে । অকল এজনে নহয়, গোটেই পৰিয়ালে মিলি লুটিছে অসম । ছিণ্ডিকেট, মাফিয়াৰাজ আদি চলিছে অসমত । বিক্ৰী কৰিবলৈ ওলাইছে অসমক । পাতনিটো পঢ়ি নিশ্চয় ভাবিছে কাৰ ওপৰত আমি এই অভিযোগ তুলিছোঁ । আৰম্ভণিতেই আপোনাৰ ভুলটো ভাঙি দিওঁ । এয়া কাৰো প্ৰতি আমাৰ অভিযোগ নহয় । এগৰাকী ৰাজনীতিকে আন এগৰাকী ৰাজনীতিকৰ প্ৰতি তোলা অভিযোগহে এয়া ।

জীতেন্দ্ৰ সিং, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক এইগৰাকী নেতাৰ নাম নিশ্চয় আপুনি শুনিছে । কংগ্ৰেছৰ বহু সভা-সমিতিত তেওঁক হয়তো আপোনালোকে দেখিছেও । এই জীতেন্দ্ৰ সিঙেই অসমৰ এগৰাকী প্ৰতাপী ৰাজনীতিকৰ বিৰুদ্ধে উত্থাপন কৰিছে এই অভিযোগ । পৰিয়ালৰে মিলি এইগৰাকী প্ৰতাপী নেতাই অসমখন লুটি-পুতি খোৱা বুলি অভিযোগ কৰিছে জীতেন্দ্ৰ সিঙে । কাৰ বিৰুদ্ধে এই অভিযোগ তুলিছে জীতেন্দ্ৰ সিঙে ?

উল্লেখ্য যে বৃহস্পতিবাৰে দিল্লীত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ সৈতে ৰাজ্যিক নেতৃত্বৰ এখন বৈঠক অনুষ্ঠিত হয় । তাৰ পাছতেই কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এই অভিযোগ তোলে । সিঙে অভিযোগ কৰা নেতাগৰাকী আন কোনো নহয়, তেওঁ হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্ৰী শৰ্মাৰ বিৰুদ্ধে অসমত লুটপাত কৰাৰ অভিযোগ জীতেন্দ্ৰ সিঙৰ ।

তেওঁ কয়, “অসমৰ ভিন্ন ঠাইৰ মানুহে বৈঠকত অংশগ্ৰহণ কৰিছিল । অহা ২০২৬ ৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে কিদৰে প্ৰস্তুতি চলোৱা হৈছে আৰু কি কি অভিযান চলোৱা হ’ব সেই সম্পৰ্কে আলোচনা কৰা হয় বৈঠকত । সকলো জ্যেষ্ঠ নেতাই উত্থাপন কৰা মূল কথাবোৰ হ’ল অসম বিক্ৰী হৈছে, ছিণ্ডিকেটৰ শাসন চলি আছে, মাফিয়া শাসন চলি আছে, মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালে সমগ্ৰ ৰাজ্যখনত লুটপাত কৰিছে ।”

সিঙে লগতে কয় যে এই বিষয়ত আৰু কেতবোৰ আলোচনা কৰা হয় । “আমাৰ জ্যেষ্ঠ নেতাসকলে কিদৰে অভিযান চলোৱা হ’ব সেই বিষয়ে পৃথকে আলোচনা কৰে । ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ সকলো নেতাৰ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখন ভ্ৰমণ কৰিবলৈ পৰামৰ্শ দিয়ে । শাসকীয় দলে মিথ্যাচাৰ বিয়পাইছে আৰু ছয় জনগোষ্ঠীয়ে সংৰক্ষণ পাব বুলি কৈ আহিছে । চাহ শ্ৰমিকে দৈনিক মজুৰি ২৫১ টকা পাব বুলি কৈছিল কিন্তু বৰাক উপত্যকাত তেওঁলোকে ২২০ টকাকৈহে পাইছে । হতাশ হৈ তেওঁলোকে (শাসক দলে) গৌৰৱ গগৈক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ।” সিঙে কয় ।

বৃহস্পতিবাৰে কংগ্ৰেছ নেতৃত্বই অসমৰ কংগ্ৰেছ নেতাসকলৰ সৈতে এখন বৈঠক আয়োজন কৰে । য’ত ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰা হয় । ইন্দিৰা ভৱনত অনুষ্ঠিত হয় এই বৈঠক । কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, দলটোৰ নেতা ৰাহুল গান্ধীয়ে এই বৈঠকত অংশ লয় । অসমৰ পৰা সাংসদ গৌৰৱ গগৈ, বিধানসভাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াও এই বৈঠকত উপস্থিত থাকে ।

বৈঠকৰ পিছত গৌৰৱ গগৈয়ে কয় যে “গণতন্ত্ৰ ৰক্ষা কৰিবলৈ” অসমৰ পৰা “দুৰ্নীতিগ্ৰস্ত বিজেপি চৰকাৰ”ৰ শিপা উঘালি পেলোৱা হ’ব ।

খৰ্গে Xত এটা পোষ্টত কয় যে অসমৰ ৰাইজে “দুৰ্নীতি, বিভাজন আৰু প্ৰতিশোধৰ ৰাজনীতি” উফৰাই দিব । “অসমৰ চাৰে তিনি কোটি জনসাধাৰণে এই পৰিৱৰ্তনৰ সূচনা কৰিবলৈ কংগ্ৰেছৰ মুখলৈ চাই আছে । কেইটামান নিৰ্বাচিত সংবাদ মাধ্যমৰ দ্বাৰা পৰিচালিত অপপ্ৰচাৰে তেওঁলোকৰ ৰূপান্তৰৰ সংকল্পক বিচলিত কৰিব নোৱাৰে । আজি আমি নতুন দিল্লীৰ ইন্দিৰা ভৱনত অসম কংগ্ৰেছৰ নেতাৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰোঁ ।”