গুৱাহাটীৰ প্ৰতিবাদস্থলীত কন্দুৱা গেছ নিক্ষেপ, নিহত কংগ্ৰেছ কৰ্মী মৃদুল ইছলাম
মঙলবাৰে বিধানসভাত উত্থাপন হৈছিল এক দেশ এক নিৰ্বাচন বিধেয়ক। এই বিধেয়কত দেশত লোকসভা আৰু বিধানসভা নিৰ্বাচন একেলগে বা এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। এই বিধেয়কখনৰেই বিৰোধিতা কৰি কংগ্ৰেছে আজি বিভিন্ন ঠাইত প্ৰতিবাদ সাব্যস্ত কৰিছে।
গুৱাহাটীত প্ৰদেশ কংগ্ৰেছে সাব্যস্ত কৰা প্ৰতিবাদৰ মাজতে অঘটন। আৰক্ষীৰ কন্দুৱা গেছ, প্ৰতিবাদকাৰীৰ সৈতে হতাহতিৰ পাছতেই নিহত হয় এগৰাকী কংগ্ৰেছ কৰ্মী। নিহত কংগ্ৰেছ কৰ্মীজন অধিবক্ত মৃদুল ইছলাম বুলি জানিব পৰা গৈছে। তেওঁ কংগ্ৰেছৰ আইনী কোষৰ নেতা আছিল। জানিব পৰা মতে কন্দুৱা গেছ প্ৰয়োগ আৰু আৰক্ষীৰ সৈতে হোৱা হতাহতিৰ ফলত আহত হোৱা মৃদুলক ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত। কিন্তু চিকিৎসাধীন অৱস্থাতে প্ৰাণ ত্যাগ কৰে মৃদুল ইছলামে।
উল্লেখ্য যে, দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বুধবাৰে গুৱাহাটী কংগ্ৰেছ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। এক দেশ এক নিৰ্বাচন, স্মাৰ্ট মিটাৰ আদিকে ধৰি বিভিন্ন বিষয়ৰ বিৰোধিতাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। কংগ্ৰেছৰ অনুষ্ঠিত কৰা ‘ৰাজভৱন চলো’ শীৰ্ষক কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰা, নেতা সাংসদকে ধৰি প্ৰায় ৫ শতাধিকলোকে অংশ গ্ৰহণ কৰে।
এই প্ৰতিবাদী কাৰ্যসূচী আৰক্ষীয়ে বেআইনী ঘোষণা কৰাৰ লগতে প্ৰতিবাদকাৰীসকলক ছত্ৰভংগ দিয়াবলৈ লাঠি চাৰ্জ কৰাৰ লগতে কন্দুৱা গেছ নিক্ষেপ কৰে। যাৰ ফলত প্ৰতিবাদী কংগ্ৰেছ কৰ্মীকে ধৰি কেইবাজনো সাংবাদিকো আঘাত প্ৰাপ্ত হয়। এই ঘটনাৰ সময়তে কংগ্ৰেছ আইনী কোষৰ নেতা মৃদুল ইছলাম আঘাতপ্ৰাপ্ত হয় আৰু পাছলৈ তেওঁৰ মৃত্যু হয়। ইয়াৰোপৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক গ্ৰেপ্তাৰ কৰাৰ লগতে আন কেইবাজন প্ৰতিবাদকাৰীক আৰক্ষীয়ে আটক কৰে বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, মঙলবাৰে বিধানসভাত উত্থাপন হৈছিল এক দেশ এক নিৰ্বাচন বিধেয়ক। এই বিধেয়কত দেশত লোকসভা আৰু বিধানসভা নিৰ্বাচন একেলগে বা এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। এই বিধেয়কখনৰেই বিৰোধিতা কৰি কংগ্ৰেছে আজি বিভিন্ন ঠাইত প্ৰতিবাদ সাব্যস্ত কৰিছে। ইয়াৰোপৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বি আৰ আম্বেদকাৰ সন্দৰ্ভত প্ৰদান কৰা এক মন্তব্যৰো বিৰোধিতা কৰিছে কংগ্ৰেছে। কংগ্ৰেছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী কৰিছে।