শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অহা ২ বছৰত ১০০ শতাংশ কাৰ্যকৰী হ’ব বড়ো শান্তি চুক্তি, ইতিমধ্যে সম্পন্ন ৮০% চৰ্ত: অমিত শ্বাহ

বৰ্তমান অসম ভ্ৰমণত ব্যস্ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আজি কোকৰাঝাৰত উপস্থিত হৈ শ্বাহে কয় যে বড়ো শান্তি চুক্তিৰ বাবে কংগ্ৰেছে আমাক হাঁহিছিল, কিন্তু সেই চুক্তিৰ বাবে আজি বিটিআৰত শান্তি স্থাপন হৈছে।

অহা ২ বছৰত ১০০ শতাংশ কাৰ্যকৰী হ’ব বড়ো শান্তি চুক্তি, ইতিমধ্যে সম্পন্ন ৮০% চৰ্ত: অমিত শ্বাহ
অমিত শ্বাহImage Credit source: social media
barasha-sarma
Barasha Sarma | Published: 16 Mar 2025 17:18 PM

বৰ্তমান অসম ভ্ৰমণত ব্যস্ত আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। দেওবাৰে (১৬ মাৰ্চ) কোকৰাঝাৰৰ সদৌ বড়ো ছাত্ৰ সন্থা (ABSU)ৰ ৫৭ সংখ্যক বাৰ্ষিত সন্মিলনত অংশ গ্ৰহণ কৰি শ্বাহে বহু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। যুৱক-যুৱতীসকলক সম্বোধন কৰি শ্বাহে কংগ্ৰেছ দলক লক্ষ্য কৰি কয় যে, বড়ো শান্তি চুক্তি (Bodo Peace Accord)  স্বাক্ষৰ কৰাৰ বাবে কংগ্ৰেছে আমাক উপহাস কৰিছিল। কিন্তু এই চুক্তিয়ে বড়োলেণ্ডলৈ শান্তি আৰু উন্নয়ন কঢ়িয়াই আনিছে। চুক্তিৰ ৮২ শতাংশ দফা কাৰ্যকৰী কৰা হৈছে আৰু আগন্তুক দুবছৰত ১০০ শতাংশ দফা কাৰ্যকৰী হ’ব।

শ্বাহে ক, ৩৫ লাখ জনসংখ্যা থকা বড়োলেণ্ডৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে ১৫০০ কোটি টকা দিছে। বড়ো যুৱকসকলৰ প্ৰতি লক্ষ্য কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে, ২০৩৬ চনৰ অলিম্পিকৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিব লাগে, যাৰ আয়োজন আহমেদাবাদত হ’ব।

কংগ্ৰেছে কৰিছিল ঠাট্টা

জনতাক আশ্বাস প্ৰদান কৰি শ্বাহে কয় যে, বড়োলেণ্ডত শান্তি প্ৰতিষ্ঠা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে বড়ো চুক্তি ১০০ শতাংশই কাৰ্যকৰী কৰিব। কংগ্ৰেছে সন্দেহ কৰাৰ পাছতো অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে চুক্তিৰ ৮২ শতাংশ চৰ্ত কাৰ্যকৰী কৰিছে। তেওঁ কয়, এই অনুষ্ঠানটো বড়োলেণ্ডত শান্তি প্ৰতিষ্ঠাৰ এক বিশেষ বাৰ্তা। মোৰ এতিয়াও মনত আছে যে ২০২০ চনৰ ২৭ জানুৱাৰীত যেতিয়া বিটিআৰ (বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিঅ’ন) শান্তি চুক্তি স্বাক্ষৰিত হৈছিল তেতিয়া কংগ্ৰেছ দলে মোক উপহাস কৰিছিল যে বড়োলেণ্ডত কেতিয়াও শান্তি সম্ভৱ নহয় আৰু এই চুক্তি ফুটুকাৰ ফেনলৈ পৰিণত হৈ পৰিব।

তেওঁ কয়, কিন্তু আজি অসম চৰকাৰ আৰু কেন্দ্ৰই এই চুক্তিৰ প্ৰায় ৮২ শতাংশ চৰ্ত কাৰ্যকৰী কৰিছে। অহা ২ বছৰত মোদী চৰকাৰে চুক্তিৰ ১০০ শতাংশ চৰ্ত কাৰ্যকৰী কৰিব। ইয়াৰ পিছত বিটিআৰ অঞ্চলত দীৰ্ঘদিনলৈ শান্তি থাকিব। চুক্তিখনৰ বিধান অনুসৰি ২০২২ চনৰ ১ এপ্ৰিলত সমগ্ৰ বড়োলেণ্ডৰ পৰা সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন (আফছা আইন) আঁতৰাই পেলোৱা হৈছে।

শান্তি চুক্তি

উল্লেখ্য যে, ২০২০ চনৰ জানুৱাৰী মাহত অসম চৰকাৰ আৰু বড়ো সম্প্ৰদায়ৰ মাজত বড়ো চুক্তি স্বাক্ষৰ হৈছিল। সেই চুক্তিৰ উদ্দেশ্য আছিল আভ্যন্তৰীণ সংঘাতৰ অন্ত পেলোৱা। উল্লেখ্য যে, বড়োসকলে দশক দশক ধৰি ব্ৰহ্মপুত্ৰ নদীৰ ওপৰ অংশত সুকীয়া বড়োলেণ্ড ৰাজ্য গঢ়ি তুলিবলৈ দাবী জনাই আহিছে। তেওঁলোকে শংকিত হৈছিল যে আন সম্প্ৰদায়ৰ উপস্থিতিয়ে জনগোষ্ঠীটোৰ পৰিচয় আৰু সংস্কৃতিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।

বড়ো সম্প্ৰদায় আৰু তেওঁলোকৰ অধীনত গঠন হোৱা বিভিন্ন সংগঠনে নিজৰ দাবী প্ৰকাশ কৰিবলৈ হিংসাৰ আশ্ৰয় লৈছিল।দীৰ্ঘদিন ধৰি চলা হিংসা, ৰক্তাক্ত খেলৰ অন্তত ২০২০ চনত বড়ো শান্তি চুক্তি স্বাক্ষৰ হৈছিল। এই চুক্তিৰ পাছতে কেইবাটাও সন্ত্ৰাসবাদী সংগঠন মূলসূঁতিলৈ ঘূৰি আহিছিল। অৱশ্যে এতিয়াও বড়ো শান্তি চুক্তিৰ প্ৰতিটো দিশ কাৰ্যকৰী হ’বলৈ বাকী আছে।