বিন্দাবন গোস্বামীক সাক্ষাৎ কৰি কি ক'লে গৌৰৱ গগৈয়ে ? | Congress MP Gaurav Gogoi Meets former State minister Brindaban Goswami Ahead of Assam By-Elections Assam news - Assam Tv9

Congress MP Gaurav Gogoi : ‘জ্যেষ্ঠ ৰাজনীতিকৰ পৰা শিক্ষা লোৱাটো প্ৰয়োজন…’, বিন্দাবন গোস্বামীক সাক্ষাৎ কৰি আৰু কি ক’লে গৌৰৱ গগৈয়ে ?

সাংসদ গৌৰৱ গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে, সকলোৰে মাজত ৰাজনৈতিক মতানৈক্য থাকিব পাৰে । কিন্তু বিভিন্ন ৰাজনৈতিক দৃষ্টিভংগীক সন্মান কৰাটো অতি প্ৰয়োজন বুলি উল্লেখ কৰে সাংসদ গগৈয়ে ।

Congress MP Gaurav Gogoi : জ্যেষ্ঠ ৰাজনীতিকৰ পৰা শিক্ষা লোৱাটো প্ৰয়োজন..., বিন্দাবন গোস্বামীক সাক্ষাৎ কৰি আৰু কি কলে গৌৰৱ গগৈয়ে ?

সাংসদ গৌৰৱ গগৈ

Updated On: 

23 Oct 2024 15:08 PM

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’বলৈ গৈ আছে উপ-নিৰ্বাচন । ৰাজ্যৰ এই নিৰ্বাচনী বাতাবৰণৰ মাজতে শেহতীয়াকৈ কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে অসমৰ প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী বৃন্দাবন গোস্বামীক সাক্ষাৎ কৰে । গোস্বামীক সাক্ষাৎ কৰাৰ পাছতে সাংসদ গগৈয়ে বৈচিত্ৰ্যপূৰ্ণ ৰাজনৈতিক মতাদৰ্শৰ প্ৰতি শ্ৰদ্ধা প্ৰকাশ কৰে ।

সাংসদ গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে, সকলোৰে মাজত ৰাজনৈতিক মতানৈক্য থাকিব পাৰে । কিন্তু বিভিন্ন ৰাজনৈতিক দৃষ্টিভংগীক সন্মান কৰাটো অতি প্ৰয়োজন বুলি উল্লেখ কৰে সাংসদ গগৈয়ে । সাংসদ গৌৰৱ গগৈয়ে লগতে এই কথাও উল্লেখ কৰে যে, ৰাজনীতিত মতবিৰোধ থকাটো স্বাভাৱিক । বিভিন্ন ৰাজনৈতিক পটভূমিৰ ব্যক্তিসকলৰ ৰাজ্য তথা দেশলৈ যথেষ্ট অৱদান আছে বুলি উল্লেখ কৰে সাংসদ গগৈয়ে ।

ৰাজনীতিত বহু বছৰ ধৰি সক্ৰিয়তাৰে কাম কৰা আৰু ৰাজ্যৰ প্ৰগতিৰ ক্ষেত্ৰখনক সূক্ষ্মভাৱে নিৰীক্ষণ কৰা জ্যেষ্ঠ ৰাজনীতিকৰ পৰা শিক্ষা লোৱাটো অতি প্ৰয়োজন বুলি উল্লেখ কৰে সাংসদ গগৈয়ে । তেওঁ কয়, ‘মই সদায় অভিজ্ঞ লোকৰ পৰা শিক্ষা ল’বলৈ চেষ্টা কৰো । কাৰণ তেওঁলোক জ্যেষ্ঠ লোকসকলে বহু বছৰ ধৰি ৰাজনীতিত আছে আৰু বহু বছৰ ধৰি তেওঁলোকে অসমক নিবিড়ভাৱে দেখিছে…মই ৰাজনীতিৰ সেই ৰাজনৈতিক পৰম্পৰা অনুসৰণ কৰিব বিচাৰো।’

উল্লেখ্য যে, বিন্দাবন গোস্বামীক সাক্ষাৎ কৰাৰ পূৰ্বে নগাঁও জিলাৰ চামগুৰি বিধানসভা সমষ্টিত সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তঞ্জিল হুছেইনৰ হৈ উপ-নিৰ্বাচনৰ প্ৰচাৰ চলাইছিল সাংসদ গগৈয়ে । কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে তাঞ্জিল হুছেইনৰ সৈতে আগন্তুক উপ-নিৰ্বাচনৰ প্ৰচাৰ সমাৱেশত অংশগ্ৰহণ কৰে । মনকৰিলগীয়া যে, ১৩ নৱেম্বৰত ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব ।

এই নিৰ্বাচনত যদি সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইন জয়ী হয় তেন্তে তেওঁ ৰাজ্যৰ আটাইতকৈ কম বয়সীয়া বিধায়ক হ’ব ।

ভাত কেৰেলা খাই ভাল পায় নে ? জানক ভাত কেৰেলাৰ উপকাৰিতাৰ বিষয়ে...
LICৰ আকৰ্ষণীয় পলিচি: এবাৰতে পাব ২৪ লাখ টকা
আৰ্থিক সমস্যা দূৰ কৰিবলৈ ঘৰ মোচা পানীত মিহলি কৰক এই সামগ্ৰী...
ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ এই পাঁচবিধ শাক খাদ্যৰ তালিকাত ৰাখক...