অসমত সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰীঃ গৌৰৱ গগৈ

মুখ্যমন্ত্ৰীৰ বাস্তৱ অস্ত্ৰ আছিল বদৰুদ্দিন আজমল। কিন্তু কংগ্ৰেছে সেই আজমলক শেষ কৰি দিলে। এতিয়া মুখ্যমন্ত্ৰীয়ে সৰু আজমলৰ সন্ধানত আছে।

অসমত সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰীঃ গৌৰৱ গগৈ

গৌৰৱ গগৈ, হিমন্ত বিশ্ব

Published: 

25 Aug 2024 18:33 PM

পুনৰ এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰিল কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ। কংগ্ৰেছ নেতাগৰাকীয়ে অসমৰ জনসাধাৰণ শংকাত থকাৰ কথা উল্লেখ কৰাৰ লগতে মুখ্যমন্ত্ৰীক VRS (স্বেচ্ছামূলক অৱসৰ) লৈ তেওঁৰ নিজৰ বাগানত জিৰণি লোৱাৰ উপদেশ দিয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত সুৰক্ষিত পৰিৱেশ সৃষ্টি কৰিবলৈ ব্যৰ্থ হোৱা বুলিও গগৈয়ে কয়। ইয়াৰ লগতে ধিঙৰ ধৰ্ষণ কাণ্ড আৰু অভিযুক্তৰ মৃত্যু সন্দৰ্ভতো মন্তব্য আগবঢ়াই তেওঁ।

গৌৰৱ গগৈয়ে কয় যে, আজি অসমত কোনো সুৰক্ষিত। গুৱাহাটীত ঘৰত মানুহ থাকোতেই চোৰে সকলো লুটি নিয়, আলফ (স্বা) য়ে ২৫ ঠাইত সন্দেহজনক সামগ্ৰী থ’লে, এতিয়া সমাজ অস্থিৰ হৈ পৰিছে। মুখ্যমন্ত্ৰীৰ শাসনত অসমত কোনো এটা সম্প্ৰদায়ৰলোকে সুৰক্ষিত অনুভৱ নকৰে। অসমীয়া, মুছলিম, বেংগলী, জৈন আদি সকলোৱে এতিয়া অসুৰক্ষিত অনুভৱ কৰিবলৈ লৈছে। সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰীগৰাকীয়।

লগতে কয় যে, মুখ্যমন্ত্ৰীৰ বাস্তৱ অস্ত্ৰ আছিল বদৰুদ্দিন আজমল। কিন্তু কংগ্ৰেছে সেই আজমলক শেষ কৰি দিলে। এতিয়া মুখ্যমন্ত্ৰীয়ে সৰু আজমলৰ সন্ধানত আছে। সেয়ে কেতিয়াবা বিশ্ববিদ্যালয়ৰ মালিক, কেতিয়াবা সাংবাদিকৰ কথা হয়। তেওঁ এতিয়া নিৰাশ আৰু উপায়হীন হৈ পৰিছে। অসমৰ ৰাইজে গম পাইছে তেওঁৰ সকলো ব্যৰ্থতা।

মুখ্যমন্ত্ৰীৰ ব্যৰ্থতাৰ কথা উল্লেখ কৰি গগৈয়ে কয় যে, মুখ্যমন্ত্ৰীয়ে নিবনুৱা, স্বাস্থ্য , শিক্ষা, বিত্ত আদি সকলো দিশতে ব্যৰ্থ হৈছে। কেৱল এটা দিশতে তেওঁ সফলতা লাভ কৰিছে। সেয়া হ’ল, মুখ্যমন্ত্ৰীয়ে বসুন্ধৰা আঁচনি ৰূপায়ন কৰি তেওঁৰ সম্পত্তি বৃদ্ধি কৰি গৈ আছে। মুখ্যমন্ত্ৰীয়ে এতিয়ালৈকে হয়তো বহু সম্পত্তি গঢ়িলে, যাৰ বাবে অনুৰোধ, তেওঁ VRS লৈ নিজৰ বাগানত জিৰণি লওক।

ধিং কাণ্ডৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি গগৈয়ে কয় যে, ধিং কাণ্ড গৰিহনাৰ যোগ্য, কিন্তু সকলো আইনমতে হোৱা বিচাৰিছিলো। যদি এনেয়ে হৈ থাকে তেন্তে কোৰ্টা আদি নোহোৱা কৰাৰ আইন আনিব লাগে। ধিঙৰ জনতাই অভিযুক্তৰ জানাজাৰ বাবে ঠাই নিদিয়াৰ কথা উল্লেখ কৰি গগৈয়ে কয় যে ধিঙৰ জনতাৰ সিদ্ধান্তই এয়াই ইংগিত দিয়ে যে অসমৰ সমাজত কোনো অপৰাধীৰ স্থান নাথাকে। সেয়া লাগিলে হিন্দু,মুছলিম বা যিয়েই নহওক কিয়।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তিক লৈ পূৰ্বতেও গৌৰৱ গগৈয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল। মুখ্যমন্ত্ৰীৰ বিশাল সম্পত্তিৰ হিচাপ দি গৌৰৱ গগৈয়ে প্ৰায়ে বিভিন্ন মন্তব্য কৰি আহে। শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ মন্তব্যত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৯৯ শতাংশ সম্পত্তি গগৈক দি যাব বুলি কটাক্ষ কৰিছিল।তাৰ পাছতে আজি পুনৰ গৌৰৱ গগৈয়ে উভতি ধৰিছে হিমন্ত বিশ্বক। গতিকেই এইবাৰ মুখ্যমন্ত্ৰীয়ে কি প্ৰতিক্ৰিয়া আগবঢ়াই সেয়া হ’ব লক্ষণীয়।

নতুন বছৰত গ্ৰাহকলৈ সুখৰ বতৰা আনিছে Jioই, নানা সুবিধাৰে আগবঢ়াইছে বেষ্ট প্লেন
কমেডি ষ্টাৰ গোবিন্দাৰ সেইসমূহ ছবি, যিবোৰৰ নিৰ্মাণ এতিয়ালৈ সম্পূৰ্ণ নহ'ল...
নৱবৰ্ষত ছবিগৃহলৈ আহিব নতুন অসমীয়া ছবি 'বনৰজা'।
Beharbari Outpost:বেহাৰবাৰী আউটপোষ্টত পুনৰ দেখিব কে কে আৰু মোহনক