‘দীৰ্ঘদিন ধৰি অসমক আওকাণ কৰি আহিছে কেন্দ্ৰীয় জল আয়োগে’, বান-গৰাখহনীক লৈ ক্ষোভ উজাৰিলে গৌৰৱ গগৈয়ে
Congress MP Gaurav Gogoi : বান পৰিস্থিতিৰ মাজতে কেন্দ্ৰীয় জল শক্তি মন্ত্ৰণালয়ক তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে। ইয়াৰ লগতে অসমৰ বান-গৰাখহনীয়াকলৈ কেন্দ্ৰীয় জল আয়োগে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ সাংসদ গৰাকীয়ে । সামাজিক মাধ্যম এক্সত শ্বেয়াৰ কৰা এটা ভিডিঅ’ৰ জৰিয়তে ৰাজ্যৰ বান আৰু গৰাখহনীয়াৰ সমস্যাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গৌৰৱ গগৈয়ে ।
অসমৰ ভয়াবহ বান পৰিস্থিতিৰ মাজতে কেন্দ্ৰীয় জল শক্তি মন্ত্ৰণালয়ক তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে। ইয়াৰ লগতে অসমৰ বান-গৰাখহনীয়াকলৈ কেন্দ্ৰীয় জল আয়োগে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ সাংসদ গৰাকীয়ে । সামাজিক মাধ্যম এক্সত শ্বেয়াৰ কৰা এটা ভিডিঅ’ৰ জৰিয়তে ৰাজ্যৰ বান আৰু গৰাখহনীয়াৰ সমস্যাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গৌৰৱ গগৈয়ে ।
ইয়াৰ লগতে অসমৰ বান আৰু গৰাখহনীয়া সমস্যা সমাধানৰ বাবে এক ব্যাপক, দীৰ্ঘম্যাদী সমস্যা সমাধান পৰিকল্পনা আৰু যথেষ্ট আৰ্থিক বিনিয়োগৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে । তেওঁ কয় যে, যোৱা কিছু দিনৰ পৰা অসমৰ ৰাইজে বান-গৰাখহনীয়াৰ সৈতে মোকাবিলা কৰিবলগীয়া হৈছে । ইয়াৰ বাবে বানাক্ৰান্ত লোক সাংঘাতিক ধৰণে সমস্যাত ভুগি আছে । বানৰ বাবে অসমৰ বহু সংখ্যক লোক আশ্ৰয় শিবিৰত থাকিব লগীয়া হৈছে বুলি উল্লেখ কৰে গৌৰৱ গগৈয়ে।
Flood and erosion response need a long term solution and significant financial investment the problem.
Unfortunately, very little has been done over the last eight years by the ‘double-engine’ BJP government at the state and central levels. The Central Water Commission has… pic.twitter.com/Papq4qoFcI
— Gaurav Gogoi (@GauravGogoiAsm) July 8, 2024
সাংসদ গগৈয়ে লগতে উল্লেখ কৰে যে, বিশেষকৈ ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াৰ বাবে প্ৰত্যেক বছৰে ১০০ পৰা ২০০ মিটাৰ ভূমি নদীৰ বুকুত জাহ যায় । ইয়াৰ ভিতৰত আছে ঘৰ, খেতি পথাৰ, স্কুল কেম্পাচৰ ভূমি । কিন্তু এই সমস্যা সমাধানৰ ক্ষেত্ৰত কেন্দ্ৰী চৰকাৰৰ জল শক্তি মন্ত্ৰালয় সম্পূৰ্ণৰূপে বিফল হৈছে বুলি দাবী কৰে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে ।
ইয়াৰ সমান্তৰালভাৱে সাংসদ গগৈয়ে অভিযোগ কৰে যে, জল শক্তি মন্ত্ৰণালয়ে যি ধৰণে অসমৰ বান আৰু খহনীয়া সমস্যা সমাধানৰ বাবে অৰ্থ ব্যয় কৰিব লাগিছিল, সেয়া কৰা নাই । কিবা যদি কাম কৰা হৈছে, সেয়া সৰু সৰু কাম । এই কামবোৰ এছ ডি আৰ এফৰ দ্বাৰা গৃহ মন্ত্ৰালয়ে কৰাইছে বুলি কয় গৌৰৱ গগৈয়ে ।
‘এই কাম এছ ডি আৰ এফৰ নহয় । এই কাম জল শক্তি মন্ত্ৰণালয়ে কৰিব লাগে । মই সদনত কৈছিলো যে, জল শক্তি মন্ত্ৰী অসমলৈ আহি ৰাজ্যখনৰ বান-গৰাখহনীয়া সম্পৰ্কে অধ্যয়ন কৰক আৰু আমাক যি প্ৰয়োজন সেয়া দিয়ক । কিন্তু আজিৰ লৈকে সেই কাম নকৰিলে ।’ অসমৰ বান-গৰাখহনীয়া সমস্যা সমাধানৰ সন্দৰ্ভত কেন্দ্ৰৰ বিৰুদ্ধে এইদৰে ক্ষোভ প্ৰকাশ কৰে সাংসদ গৌৰৱ গগৈয়ে ।
লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীৰ প্ৰসংগ উত্থাপন কৰি তেওঁ আৰু কয়, ‘ৰাহুল গান্ধী অসম আৰু মণিপুৰলৈ আহিলে । কিন্তু প্ৰধানমন্ত্ৰী ক’ত ? গৃহমন্ত্ৰী ক’ত ? জলশক্তি মন্ত্ৰী ক’ত?’ ইয়াৰ লগতে যোৱা আঠ বছৰত অসমৰ বান-গৰাখহনীয়া সমস্যা সমাধানৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে কিমান খৰচ কৰিলে, তাৰ হিচাপ অসমৰ ৰাইজক দিব লাগে বুলি দাবী জনাই কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে ।