অসমৰ বান-গৰাখহনীয়াক লৈ কেন্দ্ৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে গৌৰৱ গগৈয়ে | Congress MP Gaurav Gogoi says Central Water Commission has ignored Assam's Floods and erosion for a long time Assam news - Assam Tv9

‘দীৰ্ঘদিন ধৰি অসমক আওকাণ কৰি আহিছে কেন্দ্ৰীয় জল আয়োগে’, বান-গৰাখহনীক লৈ ক্ষোভ উজাৰিলে গৌৰৱ গগৈয়ে

Updated On: 

09 Jul 2024 16:02 PM

Congress MP Gaurav Gogoi : বান পৰিস্থিতিৰ মাজতে কেন্দ্ৰীয় জল শক্তি মন্ত্ৰণালয়ক তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে। ইয়াৰ লগতে অসমৰ বান-গৰাখহনীয়াকলৈ কেন্দ্ৰীয় জল আয়োগে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ সাংসদ গৰাকীয়ে । সামাজিক মাধ্যম এক্সত শ্বেয়াৰ কৰা এটা ভিডিঅ’ৰ জৰিয়তে ৰাজ্যৰ বান আৰু গৰাখহনীয়াৰ সমস্যাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গৌৰৱ গগৈয়ে ।

দীৰ্ঘদিন ধৰি অসমক আওকাণ কৰি আহিছে কেন্দ্ৰীয় জল আয়োগে, বান-গৰাখহনীক লৈ ক্ষোভ উজাৰিলে গৌৰৱ গগৈয়ে

বান-গৰাখহনীয়াক লৈ কেন্দ্ৰ বিৰুদ্ধে ক্ষোভ গৌৰৱ গগৈৰ

Follow Us On

অসমৰ ভয়াবহ বান পৰিস্থিতিৰ মাজতে কেন্দ্ৰীয় জল শক্তি মন্ত্ৰণালয়ক তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে। ইয়াৰ লগতে অসমৰ বান-গৰাখহনীয়াকলৈ কেন্দ্ৰীয় জল আয়োগে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ সাংসদ গৰাকীয়ে । সামাজিক মাধ্যম এক্সত শ্বেয়াৰ কৰা এটা ভিডিঅ’ৰ জৰিয়তে ৰাজ্যৰ বান আৰু গৰাখহনীয়াৰ সমস্যাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গৌৰৱ গগৈয়ে ।

ইয়াৰ লগতে অসমৰ বান আৰু গৰাখহনীয়া সমস্যা সমাধানৰ বাবে এক ব্যাপক, দীৰ্ঘম্যাদী সমস্যা সমাধান পৰিকল্পনা আৰু যথেষ্ট আৰ্থিক বিনিয়োগৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে । তেওঁ কয় যে, যোৱা কিছু দিনৰ পৰা অসমৰ ৰাইজে বান-গৰাখহনীয়াৰ সৈতে মোকাবিলা কৰিবলগীয়া হৈছে । ইয়াৰ বাবে বানাক্ৰান্ত লোক সাংঘাতিক ধৰণে সমস্যাত ভুগি আছে । বানৰ বাবে অসমৰ বহু সংখ্যক লোক আশ্ৰয় শিবিৰত থাকিব লগীয়া হৈছে বুলি উল্লেখ কৰে গৌৰৱ গগৈয়ে।

সাংসদ গগৈয়ে লগতে উল্লেখ কৰে যে, বিশেষকৈ ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াৰ বাবে প্ৰত্যেক বছৰে ১০০ পৰা ২০০ মিটাৰ ভূমি নদীৰ বুকুত জাহ যায় । ইয়াৰ ভিতৰত আছে ঘৰ, খেতি পথাৰ, স্কুল কেম্পাচৰ ভূমি । কিন্তু এই সমস্যা সমাধানৰ ক্ষেত্ৰত কেন্দ্ৰী চৰকাৰৰ জল শক্তি মন্ত্ৰালয় সম্পূৰ্ণৰূপে বিফল হৈছে বুলি দাবী কৰে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে ।

ইয়াৰ সমান্তৰালভাৱে সাংসদ গগৈয়ে অভিযোগ কৰে যে, জল শক্তি মন্ত্ৰণালয়ে যি ধৰণে অসমৰ বান আৰু খহনীয়া সমস্যা সমাধানৰ বাবে অৰ্থ ব্যয় কৰিব লাগিছিল, সেয়া কৰা নাই । কিবা যদি কাম কৰা হৈছে, সেয়া সৰু সৰু কাম । এই কামবোৰ এছ ডি আৰ এফৰ দ্বাৰা গৃহ মন্ত্ৰালয়ে কৰাইছে বুলি কয় গৌৰৱ গগৈয়ে ।

‘এই কাম এছ ডি আৰ এফৰ নহয় । এই কাম জল শক্তি মন্ত্ৰণালয়ে কৰিব লাগে । মই সদনত কৈছিলো যে, জল শক্তি মন্ত্ৰী অসমলৈ আহি ৰাজ্যখনৰ বান-গৰাখহনীয়া সম্পৰ্কে অধ্যয়ন কৰক আৰু আমাক যি প্ৰয়োজন সেয়া দিয়ক । কিন্তু আজিৰ লৈকে সেই কাম নকৰিলে ।’ অসমৰ বান-গৰাখহনীয়া সমস্যা সমাধানৰ সন্দৰ্ভত কেন্দ্ৰৰ বিৰুদ্ধে এইদৰে ক্ষোভ প্ৰকাশ কৰে সাংসদ গৌৰৱ গগৈয়ে ।

লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীৰ প্ৰসংগ উত্থাপন কৰি তেওঁ আৰু কয়, ‘ৰাহুল গান্ধী অসম আৰু মণিপুৰলৈ আহিলে । কিন্তু প্ৰধানমন্ত্ৰী ক’ত ? গৃহমন্ত্ৰী ক’ত ? জলশক্তি মন্ত্ৰী ক’ত?’ ইয়াৰ লগতে যোৱা আঠ বছৰত অসমৰ বান-গৰাখহনীয়া সমস্যা সমাধানৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে কিমান খৰচ কৰিলে, তাৰ হিচাপ অসমৰ ৰাইজক দিব লাগে বুলি দাবী জনাই কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে ।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version