পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ, বিধায়িকা শিৱামণি বৰাৰ ওপৰত দুৰ্বৃত্তৰ আক্ৰমণ, কি ক’লে মুখ্যমন্ত্ৰীয়ে?
দেওবাৰে পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰৰ সময়ত আক্ৰমণৰ বলি হয় কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়িকা শিৱামণি বৰা। আৰক্ষীয়ে জনোৱা মতে, নগাঁও জিলাৰ পঞ্চায়ত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ গৈ থকা অৱস্থাত বৰদলৈ আৰু বৰাক অচিনাক্ত দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰে। পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শাসকীয় বিজেপিয়ে এই আক্ৰমণ সংঘটিত কৰাৰ অভিযোগ।

ৰাজ্যত এতিয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি। বিভিন্ন ৰাজনৈতিক দলে পৃথকে পৃথকে চলাইছে নিৰ্বাচনী প্ৰচাৰ। ইয়াৰ মাজতে সংঘটিত হৈ কিছু অনাকাংশিত ঘটনা। দেওবাৰে পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰৰ সময়ত আক্ৰমণৰ বলি হয় কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়িকা শিৱামণি বৰা। আৰক্ষীয়ে জনোৱা মতে, নগাঁও জিলাৰ পঞ্চায়ত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ গৈ থকা অৱস্থাত বৰদলৈ আৰু বৰাক অচিনাক্ত দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰে। আৰক্ষীয়ে জনোৱা অনুসৰি, দুয়োজন নেতাই সামান্যভাৱে আঘাতপ্ৰাপ্ত হয় যদিও তেওঁলোকৰ বাহনসমূহৰ যথেষ্ট ক্ষতিসাধন হয়।
আৰক্ষী বিষয়াই জনোৱা মতে, ধিং আৰক্ষী থানা এলেকাৰ অন্তৰ্গত ওপৰ ডুমডুমিয়াত কংগ্ৰেছৰ সাংসদ তথা বিধায়কগৰাকীয়ে দলীয় কৰ্মীৰ সৈতে প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি আন এখন বৈঠকলৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই ঘটনা। আৰক্ষী বিষয়াগৰাকীয়ে কয় যে, বালিকটীয়াত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ পিছত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখপাত্ৰ মহছিন খান আৰু বৰাৰ সৈতে আন এখন বৈঠকত অংশগ্ৰহণ কৰিবলৈ জেংগনী গাঁৱৰ অভিমুখে ৰাওনা হৈছিল প্ৰদ্যুৎ বৰদলৈ। সেই সময়তে ক’লা পোছাক পৰিহিত ১০-১২ জনীয়া মুখা পিন্ধা দুষ্কৃতিকাৰীৰ এটা দলে নিৰ্জন ঠাইত কনভয়টো ৰখাই আক্ৰমণ কৰে। সাংসদ প্ৰদ্যুৎ বৰদলৈৰ কনভয়ৰ ৫খনকৈ বাহনত আক্ৰমণ কৰে দুৰ্বৃত্তৰ দলে৷ মুখত ক’লা কাপোৰ বান্ধি ৰডেৰে আক্ৰমণ কৰাৰ অভিযোগ।
এই আক্ৰমণত বৰদলৈ আৰু বৰাৰ পি এছ অ’ আহত হোৱা বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। ঘটনা সন্দৰ্ভত সোলগুৰি থানাত এফআইআৰ দাখিল কৰিছে সাংসদগৰাকীয়ে। ইয়াৰ পাছতে দোষীক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে চলাইছে অভিযান । আৰক্ষীয়ে জনোৱা মতে, আক্ৰমণত আহত কংগ্ৰেছ নেতাসকলক ওচৰৰ স্থানীয় স্বাস্থ্য কেন্দ্ৰলৈ লৈ গৈ প্ৰাথমিক চিকিৎসা প্ৰদান কৰে।
পিছত ঘটনা সন্দৰ্ভত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত সাংসদগৰাকীয়ে কয়, দুৰ্বৃত্তই তেওঁলোকক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল যদিও তেওঁলোকে গাড়ীৰ পৰা নামি নিজক বচাবলৈ পিছফালে লুকাইছিল। তেওঁলোকে লাঠি আৰু ৰডেৰে খুন্দা মাৰিবলৈ চেষ্টা কৰিছিল যদিও গাড়ীৰ পিছফালে লুকাই থকাৰ সময়তে সামান্য আঘাত পোৱা বুলি দাবী কৰে কংগ্ৰেছৰ সাংসদগৰাকীয়ে। এই ঘটনাক গৰিহণা দি বৰদলৈয়ে অভিযোগ কৰে যে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শাসকীয় বিজেপিয়ে এই আক্ৰমণ সংঘটিত কৰিছে।
ইফালে আক্ৰমণৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয়, “এয়া কংগ্ৰেছৰ প্ৰতি থকা সংখ্যালঘু লোকসকলৰ ক্ষোভ। কংগ্ৰেছৰ কামত যথেষ্ট অসন্তুষ্ট হৈ পৰিছে সংখ্যালঘু লোকসকল। সেয়ে বাৰে বাৰে বাবে তেওঁলোকৰ ওপৰত আক্ৰমণ কৰা হৈছে।” এই ক্ষেত্ৰত সাংসদ প্ৰদ্যুৎ বৰদলৈৰ নিৰাপত্তা বঢ়াই দিয়া হ’ব বুলি কয় মুখ্যমন্ত্ৰীয়ে। ইয়াৰ উপৰিও কেইমাহ পূৰ্বে সাংসদ ৰকিবুল হুছেইনৰ ওপৰত হোৱা আক্ৰমণৰ কথা দোহাৰি মুখ্যমন্ত্ৰীয়ে কয়, ” এতিয়া ধুবুৰীলৈ যাবলৈ ভয় কৰে ৰকিবুল হুছেইনে।”