আজি প্ৰদেশ কংগ্ৰেছৰ জনতা ভৱন ঘেৰাও কাৰ্যসূচী: প্ৰতিবাদ ৰুধিবলৈ সাজু আৰক্ষী-প্ৰশাসন!
আজি প্ৰদেশ কংগ্ৰেছৰ জনতা ভৱন ঘেৰাও কাৰ্যসূচী। কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী ৰুধিবলৈ সষ্টম আৰক্ষী-প্ৰশাসন। মোতায়ন কৰা হৈছে আৰক্ষী-নিৰাপত্তাৰক্ষী, অতিৰিক্ত বাহিনী। প্ৰতিটো দলৰ নেতৃত্বত থাকিব একোজনকৈ জ্যেষ্ঠ বিষয়া। লগতে থাকিব CRPF, SSBৰ জোৱান। গঢ়ি তোলা হৈছে কেইবা তৰপীয়া নিৰাপত্তা বেহু।
আজি প্রদেশ কংগ্রেছে ঘেৰাও কৰিব জনতা ভৱন। গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্স, ৰাজীৱ ভৱনৰ পৰা উলিয়াব প্রতিবাদী সমদল। APCCৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত হ’ব এই প্রতিবাদী কাৰ্যসূচী। সহস্রাধিক কংগ্রেছ নেতা-কর্মীয়ে অংশ ল’ব প্রতিবাদত।
ইফালে কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী ৰুধিবলৈ সষ্টম আৰক্ষী-প্ৰশাসন। মোতায়ন কৰা হৈছে আৰক্ষী-নিৰাপত্তাৰক্ষী, অতিৰিক্ত বাহিনী। প্ৰতিটো দলৰ নেতৃত্বত থাকিব একোজনকৈ জ্যেষ্ঠ বিষয়া। লগতে থাকিব CRPF, SSBৰ জোৱান। গঢ়ি তোলা হৈছে কেইবা তৰপীয়া নিৰাপত্তা বেহু।
ইফালে, আজি হ’বলগীয়া কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীত অংশ ল’বলৈ আহি গুৱাহাটীত আবদ্ধ হ’বলগীয়া হয় যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি উদয় ভানু শিৱ।হোটেলতে সুৰক্ষামূলক ব্যৱস্থাৰ বাবে আবদ্ধ উদয় ভানুক। ভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি উদয় ভানু শিৱক আবদ্ধ কৰি ৰাখে মহানগৰ আৰক্ষীয়ে।
পুৱতি নিশাৰ পৰাই এখন হোটেলত আবদ্ধ কৰি ৰখা হয় যুৱ কংগ্ৰেছৰ নেতাজন। মাণিক নগৰৰ IRS হোটেলত আবদ্ধ কৰি ৰাখে উদয় ভানু শিৱক। উদয় ভানু শিৱক সাক্ষাতত বাধা যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি জুবেৰ আনমকো। হোটেলত সাক্ষাৎ কৰিবলৈ গৈছিল ৰাষ্ট্ৰীয় সভাপতিজনক। উদয় ভানু শিৱক সাক্ষাতত আৰক্ষীয়ে বাধা দিয়ে জুবেৰ আনমক।
উল্লেখ্য যে, বুধবাৰে কংগ্ৰেছৰ প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ আহি প্ৰাণ হেৰুৱাইছিল মৃদুল ইছলাম নামৰ এজন লোকে। প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ হতাহতিত আঘাতপ্ৰাপ্ত হৈ জিএমচিএইচত মৃত্যুক সাৱটি লৈছিল মৃদুল ইছলামে। মৃদুল ইছলাম আছিল কংগ্ৰেছৰ আইনী কোষৰ অধিবক্তা। এই ঘটনাৰ পাছতে জনতা ভৱন ঘেৰাও কৰা হ’ব বুলি বৃহস্পতিবাৰে ঘোষণা কৰিছিল কংগ্ৰেছে। বুধবাৰে কংগ্ৰেছৰ ৰাজভৱন চলো কাৰ্যসূচীৰ মাজতে কন্দুৱা গেছ নিক্ষেপ কৰিছিল আৰক্ষীয়ে । এই ঘটনাত বহু কেইজন সাংবাদিক অসুস্থ হৈ পৰে।
ইফালে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সামাজিক মাধ্যমৰ এটা পোষ্টত মুখ্যমন্ত্ৰীয়ে লিখিছিল, “ৰাজ্যপালৰ সাংবিধানিক পদমৰ্যাদা সদায়েই দলীয় ৰাজনীতিৰ ঊৰ্ধ্বত। কালি কংগ্ৰেছ দলৰ নেতাসকলে আৰক্ষীৰ বেৰিকেড ভংগ কৰি অসমৰ ৰাজভৱনত বলপূৰ্বকভাৱে প্ৰৱেশ কৰাৰ চেষ্টা চলাইছিল আৰু সন্মুখভাগত বিশৃংখলতাৰ সৃষ্টি কৰিছিল। আৰক্ষীয়ে এফ আই আৰ পঞ্জীয়ন কৰি ভিডিঅ’ ৰেকৰ্ডিঙৰ পৰ্যালোচনাকে ধৰি ঘটনাৰ পুংখানুপুংখ তদন্ত আৰম্ভ কৰিব। এতিয়াৰ পৰা ৰাজভৱনৰ সমীপত কোনো ধৰণৰ বিক্ষোভ কাৰ্যসূচীৰ অনুমতি দিয়া নহ’ব। ইতিমধ্যে প্ৰতিবাদ আৰু বিক্ষোভৰ বাবে নিৰ্দিষ্ট এলেকা নিৰ্ধাৰণ কৰি দিয়া হৈছে।”
লগতে পঢ়ক: বসুন্ধৰা ৩.০ৰ পৰা নামৰূপ সাৰ কাৰখানালৈ… কেবিনেটৰ সিদ্ধান্তৰ কথা সদৰি কৰি কি কি ক’লে মুখ্যমন্ত্ৰীয়ে?