কংগ্ৰেছৰ চিহ্ন ‘লুঙী’, বিজেপিৰ ‘গডছেৰ বন্দুক’- কোনে কিয় কৰিব সলনি…
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিতৰ্কিত মন্তব্যই পুনৰ তোলপাৰ লগাইছে ৰাজ্যৰ ৰাজনীতি। নিৰ্বাচনী প্ৰচাৰৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক দলীয় প্ৰতীক হাতৰ সলনি লুঙী কৰিব দিয়ে। ইয়াৰ বিপৰীতে প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে দিয়ে ইয়াৰ প্ৰত্যুত্তৰ।

হিমন্ত বিশ্ব- ভূপেন বৰা
বৰ্তমান নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আছে ৰাজ্যৰ দল-সংগঠন। শাসকীয়-বিৰোধী প্ৰতিটো দলেই প্ৰচাৰ চলাই থকাৰ মাজত সোমবাৰে ধেমাজিত বিশাল জনসভা সম্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই সময়চোৱাত শৰ্মাই বিভিন্ন দিশৰ ওপৰত মন্তব্য কৰাৰ লগতে কংগ্ৰেছ দলকো কটাক্ষ কৰে। শৰ্মাৰ মতে কংগ্ৰেছ দলে লুঙী, কম্বল, আঠুৱাৰ বাহিৰে একো নাজানে, গতিকে তেওঁলোকে দলীয় প্ৰতীক ‘হাত’ৰ সলনি ‘লুঙী’ কৰিব লাগে।
শৰ্মাই কয় যে, কংগ্ৰেছে তেওঁলোকৰ শাসনকালত কেৱল লুঙী, ধূতি আৰু আঠুৱা বিতৰণ কৰিছিল। লুঙী আৰু কম্বল সংগ্ৰহ কৰিবলৈ দীঘলীয়া শাৰী পাতিবলগীয়া হৈছিল। কিন্তু এতিয়া বিজেপি চৰকাৰৰ দিনত পইচা পোনে পোনে একাউন্টত সোমাই যায়। শাৰী পতাৰ দৰকাৰ নাই। শৰ্মাই কয়, নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পাছতে সমগ্ৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়া হৈছে। আমি বিনামূলীয়া চাউল, অৰুণোদয় আঁচনি, উজ্বলা আঁচনিৰ অধীনক ৰন্ধন গেছ আদিকে ধৰি বহু আঁচনি আনিছো। আজিৰ অসমৰ জনতাই লুঙী আৰু ধূতি নিবিচাৰে।
শৰ্মাই কয়, “কংগ্ৰেছক সুধিব তেওঁলোকৰ দিনত কলেজত বিনামূলীয়া নামভৰ্তি, মেট্ৰিকত বিনামূলীয়া আবেদন, নিযুত মইনা আঁচনি, অৰুণোদয় আঁচনি, বিনামূলীয়া চাউল আছিল নে নাই? তেওঁলোকে মাত্ৰ লুঠী , সূতা আৰু আঠুৱা দিছিল। সেয়ে মই কংগ্ৰেছক মাজে সময়ে কওঁ, তেওঁলোকে ‘হাত’ৰ ছবিৰ সলনি ‘লুঙী’ৰ ছবিত নিৰ্বাচন খেলিব লাগে। হাতৰ ছবি সলনি কৰি দিব লাগে”।
শৰ্মাই লগতে সামাজিক মাধ্যমত লিখে যে- বিকাশৰ মাপকাঠীলৈ মন কৰিলেই কংগ্রেছৰ দিন আৰু আজিৰ দিনৰ মাজত আকাশ-পাতাল পার্থক্য দেখা পোৱা যায়। আমি কথা দিয়া ধৰণেই প্রতিটো কাম পূর্ণ কৰিবলৈ প্রয়াস কৰোঁ, অথচ কংগ্রেছে অসমৰ বিকাশক অংগুষ্ঠ দেখুৱাই লুঙী-সূতা-কম্বলেৰে তোষামোদৰ ৰাজনীতি কৰাতে সদায় অগ্রাধিকাৰ দি থাকে।
মুখ্যমন্ত্ৰীৰ এই কথাৰ প্ৰত্যুত্তৰ দি প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে বিজেপিক ‘বন্দুক’ৰ ছবিত নিৰ্বাচন খেলিবলৈ পৰামৰ্শ দিয়ে। ভূপেন বৰাই কয় যে, ”বিজেপিৰ প্ৰতীক চিহ্ন ‘পদুম ফুল’ৰ সলনি ‘বন্দুক’ হ’ব লাগে। নাথুৰাম গডছে যি বন্দুকেৰে গান্ধীক হত্যা কৰিছিল সেই বন্দুক বিজেপিৰ প্ৰতীক হ’ব লাগে। নথুৰাম গডছেৰ বন্দুকৰ গুলীৰ পৰা আৰ এছ এছৰ জন্ম হৈছিল। গতিকে বন্দুকৰ ছবিত নিৰ্বাচন খেলত বিজেপিয়ে”।
উল্লেখ্য যে, এইবাৰ ৰাজ্যত দুটা পৰ্যায়ত ২ মে’ আৰু ৭ মে’ত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। লগতে ভোট গণনা অনুষ্ঠিত হ’ব ১১ মে’ত। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি পঞ্চায়ত নিৰ্বাচনৰ বাবে মুঠ ভোটাৰৰ সংখ্যা ১ কোটি ৮০ লাখ ৩৬ হাজাৰ ৬৮২ গৰাকী। ইয়াৰে প্ৰায় ৯০ লাখ পুৰুষ ভোটাৰ আৰু প্ৰায় ৮৯ লাখ মহিলা ভোটাৰ। অৱশ্যে এই সংখ্যা বৃদ্ধি পাব পাৰে বুলি জনাই নিৰ্বাচনী আয়োগে।
অন্য খবৰ পঢ়কঃ ২০০ ৰ পৰা ৩০০ টকা পৰ্যন্ত কম হ’ব ৰন্ধন গেছৰ মূল্য! মুখ্যমন্ত্ৰীয়ে ক’লে…