5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

গুৱাহাটীত গুলীচালনা হোৱাটো বিচাৰিছে কংগ্ৰেছে: প্ৰতিবাদক লৈ ক’লে মুখ্যমন্ত্ৰীয়ে…

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত কয়, "ভূপেন বৰা, ৰিপুণ বৰা বা কংগ্ৰেছৰ যোনে নহওক, বিগত কেইদিনমানৰ পৰা তেওঁলোক গুৱাহাটীত গুলীচালনা হোৱাটো বিচাৰি আছে। কংগ্ৰেছৰ ২-৩জন নেতাৰ মাজত ডাঙৰ নেতা হোৱাৰ প্ৰতিযোগিতা চলিছে। সেই প্ৰতিযোগিতাখনত গুৱাহাটীৰ মানুহক পণবন্দী কৰি লৈছে কংগ্ৰেছে।"

গুৱাহাটীত গুলীচালনা হোৱাটো বিচাৰিছে কংগ্ৰেছে: প্ৰতিবাদক লৈ ক’লে মুখ্যমন্ত্ৰীয়ে…
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
trishna-kalita
Trishna Kalita | Published: 20 Dec 2024 16:20 PM

নগাঁৱত বিকাশৰ ১২ দিন শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। জিলাখনৰ কৃতী শিক্ষাৰ্থীক বঁটা প্ৰদান মুখ্যমন্ত্ৰীৰ। তাৰ পাছতে সাংবাদিকৰ আগত গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছে গুৱাহাটীত গুলীচালনা হোৱাতো বিচাৰিছে বুলি কয় মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত কয়, “ভূপেন বৰা, ৰিপুণ বৰা বা কংগ্ৰেছৰ যোনে নহওক, বিগত কেইদিনমানৰ পৰা তেওঁলোক গুৱাহাটীত গুলীচালনা হোৱাটো বিচাৰি আছে। কংগ্ৰেছৰ ২-৩জন নেতাৰ মাজত ডাঙৰ নেতা হোৱাৰ প্ৰতিযোগিতা চলিছে। সেই প্ৰতিযোগিতাখনত গুৱাহাটীৰ মানুহক পণবন্দী কৰি লৈছে কংগ্ৰেছে। কাৰণ গুলীচালনৰ পাছত গুলী কংগ্ৰেছ-বিজেপি সকলোৰে গাত পৰিব পাৰে। কালিৰ পৰা তেওঁলোকে ভঙাৰ কথা কৈ আছে।”

মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ আমিও কংগ্ৰেছ কৰিছো। কিন্তু কেতিয়াও ৰাজনৈতিক দল আন্দোলনকাৰী নহয়। ৰাজনৈতিক দলৰ আন্দোলন হয় নিৰ্বাচনৰ বাকচত। যি কৰিব লাগে মন্ত্ৰী-বিধায়কে কৰে। ৰাজনীতি কৰা দল কেতিয়াও ছাত্ৰ সংগঠন, যুৱ সংগঠন হ’ব নোৱাৰে। আন্দোলন কৰাটো ৰাজনৈতিক দলৰ কাম নহয়। তেওঁলোকে গুৱাহাটীত গণ্ডগোল হোৱাটো বিচাৰিছে। অৰু আমিও চাম যাতে তেওঁলোকে গণ্ডগোল কৰিব নোৱাৰে।’’

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয়, ‘‘এতিয়া অসমত আন্দোলনৰ বতাহ নাই, এতিয়া অসমত নিযুত মইনাৰ বতাহ বলিছে। আমাক বেয়া পোৱাসকলেও স্বীকাৰ কৰিব, প্ৰত্যেক জিলাতে ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হৈছে, মেডিকেল কলেজ হৈছে। আমাৰ জীৱন আৰু যৌৱন গঢ় লৈছিল হত্যা-হিংসাৰ মাজত। কিন্তু এতিয়াৰ যুৱপ্ৰজন্মৰ যৌৱন গঢ় লৈছে বিকাশৰ মাজত। আগতে অসমৰ বাতৰি কাকতত প্ৰতিদিনেই গঁড় হত্যাৰ বাতৰি প্ৰকাশিত হৈছিল।’’

ইফালে যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি উদয় ভানু শিৱক আবদ্ধ কৰি ৰখা সন্দৰ্ভত দিছপুৰ থানাত দাখিল কৰা হৈছে এজাহাৰ৷ অধিবক্তা ৰীতম সিঙে এই সন্দৰ্ভত দাখিল কৰিছে এজাহাৰ৷ অধিবক্তাগৰাকীয়ে সাক্ষাৎ কৰিবলৈ গৈছিল যদিও সাক্ষাৎ কৰিবলৈ দিয়া হোৱা নাছিল উদয় ভানু শিৱক৷ উদয় ভানু শিৱক আটক সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘তেওঁলোকে হিমাচলৰ পৰা অসমত উৎপাত কৰিব আহিছে। জে’লতেই যাব লাগিছিল, তথাপিও আমি হোটেলত থৈছোঁ। বেলেগ ৰাজ্য হোৱা হ’লে জে’লত দিলেহেঁতেন। কিন্তু অসম মৰমীয়াল ৰাজ্য কাৰণে হোটেলতে ৰাখি থৈছোঁ।’’

ৰাহুল গান্ধী সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে আকৌ কয়, “ৰাহুল গান্ধীৰ ব্যৱহাৰে আমাক স্তম্ভিত কৰিছে। মহিলা সাংসদক অপমান কৰি তেওঁ নিজৰ প্ৰকৃত স্বৰূপ উদঙাই দিলে। সংসদত নোহোৱা-নোপজা ঘটনা ঘটিছে। ৰাহুল গান্ধীৰ আচল চৰিত্ৰ পোহৰলৈ আহিছে। ৰাহুল গান্ধীৰ কামে সমাজখনক বিভক্ত কৰিব, অন্যায় কৰিব। তেওঁ আগৰ পৰাই তেনেকুৱা।”

উল্লেখ্য যে, আজি মানৱেন্দ্ৰ শৰ্মা ভৱনৰ পৰা দিছপুৰ অভিমুখে সমদল কৰি ৰাওনা হৈছিল কংগ্ৰেছৰ নেতা-কৰ্মীসকল। কিন্তু প্ৰতিবাদকাৰীক আদবাটতে বাধা প্ৰদান কৰে আৰক্ষীয়ে। হাতীগাঁও থানাৰ সন্মুখৰ পৰা আৰক্ষীয়ে আটক কৰে ভূপেন বৰা আৰু ৰিপুণ বৰাক। তাৰ পাছতে ভূপেন বৰা অসুস্থ হৈ পৰা বুলিও জানিব পৰা গৈছে।

 

Latest News