কংগ্ৰেছ কৰ্মীৰ মৃত্যুক লৈ জ্বলিছে ৰাজ্যৰ ৰাজনীতি, আৰক্ষী আয়ুক্তই অনুমতি লোৱা নাই বুলি কোৱাৰ পাছতে পত্ৰ ৰাজহুৱা!
প্ৰতিবাদত অংশ ল’বলৈ আহি প্ৰাণ গ’ল মৃদুল ইছলাম নামৰ এগৰাকী অধিবক্তাৰ। এই প্ৰতিবাদৰ মাজতে প্ৰতিবাদী কংগ্ৰেছ কৰ্মীসকলক ছত্ৰ ভংগ দিয়াবলৈ লাঠি চাৰ্জ কৰাৰ লগতে কন্দুৱা গেছ প্ৰয়োগ কৰে আৰক্ষীয়ে। যাৰ ফলত বহু কংগ্ৰেছ কৰ্মী আহত হোৱাৰ লগতে বাতৰি সংগ্ৰহৰ বাবে যোৱা কেইবাজনো সংবাদ কৰ্মীও আহত হয়।
গুৱাহাটীত অসম প্ৰদেশ কংগ্ৰেছে ৰাজভৱন চলো শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ মাজত সংঘটিত অনাকাক্ষিত ঘটনাক লৈ জ্বলিছে ৰাজ্যৰ ৰাজনীতি। প্ৰতিবাদত অংশ ল’বলৈ আহি প্ৰাণ গ’ল মৃদুল ইছলাম নামৰ এগৰাকী অধিবক্তাৰ। এই প্ৰতিবাদৰ মাজতে প্ৰতিবাদী কংগ্ৰেছ কৰ্মীসকলক ছত্ৰ ভংগ দিয়াবলৈ লাঠি চাৰ্জ কৰাৰ লগতে কন্দুৱা গেছ প্ৰয়োগ কৰে আৰক্ষীয়ে। যাৰ ফলত বহু কংগ্ৰেছ কৰ্মী আহত হোৱাৰ লগতে বাতৰি সংগ্ৰহৰ বাবে যোৱা কেইবাজনো সংবাদ কৰ্মীও আহত হয়।
কিন্তু অধিবক্তাগৰাকীৰ মৃত্যুক লৈ এতিয়া সৃষ্টি হৈছে ৰহস্যৰ। এই সন্দৰ্ভত সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই। আৰক্ষী আয়ুক্তগৰাকীয়ে কয়,”কোনো ধৰণৰ আঘাতৰ চিন নাই মৃতদেহত। মৰণোত্তৰ পৰীক্ষাৰ পাছতহে গম পোৱা যাব মৃত্যুৰ প্ৰকৃত কাৰণ। ইতিমধ্যে দণ্ডাধীশ পৰ্যায়ত আৰম্ভ হৈছে তদন্ত।” ইয়াৰ উপৰিও এই প্ৰতিবাদক বেআইনী আখ্যা দি তেওঁ কয়, “আজিৰ প্ৰতিবাদৰ বাবে অনুমতি লোৱা নাছিল কংগ্ৰেছে। অনুমতি বিচৰাও নাছিল আৰু দিয়াও নাছিলোঁ।”
মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ মন্তব্যৰ পাছতেই প্ৰতিবাদী কাৰ্যসূচী সম্পৰ্কে আৰক্ষী আয়ুক্তক অৱগত কৰা কংগ্ৰেছৰ পত্ৰ ৰাজহুৱা কৰা হৈছে। প্ৰতিবাদী কাৰ্যসূচীৰ বাবে অনুমতি বিচাৰি কৰা আবেদন ৰাজহুৱা কৰিলে কংগ্ৰেছে৷ য’ত দেখা গৈছে অনুমতি প্ৰদান প্ৰদান কৰাৰ স্বাক্ষৰ। পত্ৰখন ৰাজহুৱা হোৱা পাছতে এতিয়া সৃষ্টি হৈছে ৰহস্যৰ।
ইফালে অধিবক্তা তথা অসম প্ৰদেশ কংগ্ৰেছৰ আইনী কোষৰ সম্পাদক মৃদুল ইছলামৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ৷ কংগ্রেছ নেতা মৃদুল ইছলামৰ মৃত্যুৰ সন্দৰ্ভত APCCৰ সভাপতি ভূপেন বৰাৰ মন্তব্য। তেওঁ কয়, “বিজেপি চৰকাৰৰ সম্পূৰ্ণ এইয়া পৰিকল্পিত হত্যাকাণ্ড। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ পৰিকল্পিত ষড়যন্ত্ৰৰ বাবে আজি মৃদুল ইছলামক আমি হেৰুৱাইছোঁ। লগতে তেওঁ কয়, “বিজেপিৰ দুৰ্নীতিৰ বিৰুদ্ধে কৰা যুদ্ধৰ প্ৰথমজন ছহিদ মৃদুল ইছলাম।আৰক্ষীৰ বৰ্বৰতাৰ বাবেই প্ৰাণ গ’ল মৃদুল ইছলামৰ। মৃদুল ইছলামৰ মৃত্যু অথলে যাবলৈ নিদিও।”
ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে কয়, “ইয়াতকৈ নিৰ্মম আৰু নিন্দনীয় ঘটনা অসমত ঘটা নাই। ৰাজ্যৰ সৰ্ববৃহৎ বিৰোধী ৰাজনৈতিক দলটোৱে গণতান্ত্ৰিক প্ৰতিবাদ কৰোতে পুলিচে অত্যাচাৰ কৰি আন্দোলনকাৰীক হত্যা কৰাৰ ঘটনা বোধহয় এয়ে প্ৰথম। মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকৈ ক্ষমা খোজক আৰু পুলিচৰ ওপৰত ব্যৱস্থা লওক।”
উল্লেখ্য যে, মঙলবাৰে লোকসভা দাখিল কৰা হৈছিল এক দেশ এক নিৰ্বাচন বিধেয়ক। এই বিধেয়কত দেশত লোকসভা আৰু বিধানসভা নিৰ্বাচন একেলগে বা এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। এই বিধেয়কখনৰেই বিৰোধিতাৰে দেশৰ বিভিন্ন প্ৰান্তত আজি প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছে। ইয়াৰ উপৰিও কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বি আৰ আম্বেদকাৰ সন্দৰ্ভত প্ৰদান কৰা এক মন্তব্যৰো বিৰোধিতা কৰিছে কংগ্ৰেছৰ।