মৃত কংগ্ৰেছকৰ্মীৰ পত্নীৰ চাকৰি বিচাৰি মুখ্যমন্ত্ৰীলৈ ভূপেন বৰাৰ পত্র, নিযুক্তি নিদিলে ৰাজ্যজুৰি কৰিব পদযাত্ৰা!
বুধবাৰে কংগ্ৰেছৰ 'ৰাজভৱন চলো' প্ৰতিবাদত মৃত্যু হৈছিল মৃদুল ইছলামৰ।ৰাজভৱনত প্ৰতিবাদ কৰিবলৈ গৈ মৃত্যু হৈছিল অধিবক্তা মৃদুল ইছলামৰ। মৃদুলৰ পত্নীক চাকৰিত নিযুক্তি নিদিলে ৰাজ্যজুৰি পদযাত্ৰা কৰিব কংগ্রেছে। পদযাত্ৰা কৰি মৃদুলৰ পৰিয়ালৰ বাবে ১ কোটি টকা সংগ্ৰহৰ লক্ষ্য কংগ্ৰেছৰ। চৰকাৰে মৃদুলৰ পত্নীক সংস্থাপন নিদিলে কংগ্ৰেছে সহায় কৰিব পৰিয়ালটোক।
মৃদুল ইছলামৰ পত্নীৰ চাকৰি বিচাৰি মুখ্যমন্ত্ৰীলৈ পত্র লিখিছে প্ৰদেশ কংগ্ৰেছে। মৃদুলৰ পত্নীক চাকৰি নিদিলে শদিয়াৰ পৰা ধুবুৰীলৈ কংগ্ৰেছে উলিয়াব যাত্ৰা। মৃদুলৰ পত্নীৰ ক্ষতিপূৰণ বিচাৰি ৰাইজৰ কাষ চাপিব ভূপেন বৰা। জনতাই আগবঢ়োৱা দান-বৰঙনি কংগ্ৰেছে প্ৰদান কৰিব মৃদুলৰ পত্নীক। প্ৰায় ১ কোটি টকা সংগ্ৰহৰ লক্ষ্য লৈছে কংগ্ৰেছ নেতৃত্বই।
বুধবাৰে কংগ্ৰেছৰ ‘ৰাজভৱন চলো’ প্ৰতিবাদত মৃত্যু হৈছিল মৃদুল ইছলামৰ।ৰাজভৱনত প্ৰতিবাদ কৰিবলৈ গৈ মৃত্যু হৈছিল অধিবক্তা মৃদুল ইছলামৰ। মৃদুলৰ পত্নীক চাকৰিত নিযুক্তি নিদিলে ৰাজ্যজুৰি পদযাত্ৰা কৰিব কংগ্রেছে। পদযাত্ৰা কৰি মৃদুলৰ পৰিয়ালৰ বাবে ১ কোটি টকা সংগ্ৰহৰ লক্ষ্য কংগ্ৰেছৰ। চৰকাৰে মৃদুলৰ পত্নীক সংস্থাপন নিদিলে কংগ্ৰেছে সহায় কৰিব পৰিয়ালটোক। এই সন্দর্ভত পত্রযোগে মুখ্যমন্ত্ৰীক অৱগত কৰিব ভূপেন বৰাই। আজি ১১ বজাৰ পূৰ্বে APCCৰ এটা দলে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে এই পত্ৰ দাখিল কৰিব বুলি সামাজিক মাধ্যমযোগে উল্লেখ কৰে ভূপেন বৰাই।
My letter to Dr. @himantabiswa , @CMOfficeAssam .
Today before 11 am a team from APCC will submit the letter formally in the CM’s office. pic.twitter.com/q2c61bxjTf
— Bhupen kumar Borah (@BhupenKBorah) December 21, 2024
গুৱাহাটীত অসম প্ৰদেশ কংগ্ৰেছে ৰাজভৱন চলো শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ মাজত সংঘটিত অনাকাক্ষিত ঘটনাক লৈ জ্বলিছে ৰাজ্যৰ ৰাজনীতি। প্ৰতিবাদত অংশ ল’বলৈ আহি প্ৰাণ গৈছিল মৃদুল ইছলাম নামৰ এজন অধিবক্তাৰ। এই প্ৰতিবাদৰ মাজতে প্ৰতিবাদী কংগ্ৰেছ কৰ্মীসকলক ছত্ৰ ভংগ দিয়াবলৈ কন্দুৱা গেছ প্ৰয়োগ কৰে আৰক্ষীয়ে। যাৰ ফলত বহু কংগ্ৰেছ কৰ্মী আহত হোৱাৰ লগতে বাতৰি সংগ্ৰহৰ বাবে যোৱা কেইবাজনো সংবাদ কৰ্মীও আহত হয়।
মৃদুল ইছলামৰ মৃত্যুৰ সন্দৰ্ভত APCCৰ সভাপতি ভূপেন বৰাই তেওঁ কৈছিল, “বিজেপি চৰকাৰৰ সম্পূৰ্ণ এইয়া পৰিকল্পিত হত্যাকাণ্ড। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ পৰিকল্পিত ষড়যন্ত্ৰৰ বাবে আজি মৃদুল ইছলামক আমি হেৰুৱাইছোঁ। লগতে তেওঁ কয়, “বিজেপিৰ দুৰ্নীতিৰ বিৰুদ্ধে কৰা যুদ্ধৰ প্ৰথমজন ছহিদ মৃদুল ইছলাম।আৰক্ষীৰ বৰ্বৰতাৰ বাবেই প্ৰাণ গ’ল মৃদুল ইছলামৰ। মৃদুল ইছলামৰ মৃত্যু অথলে যাবলৈ নিদিও।”
ইয়াৰ পাছতে মৃদুল ইছলাম মৃত্যুৰ ঘটনাৰ তদন্ত ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে। এফআইআৰ পঞ্জীয়ন, ভিডিঅ’ ৰেকৰ্ডিংৰ পৰ্যালোচনা কৰি আৰক্ষীয়ে ঘটনাৰ সম্যক তদন্ত কৰিব বুলি সামাজিক মাধ্যমযোগে জনাইছিল মুখ্যমন্ত্ৰীয়ে। এতিয়াৰ পৰা ৰাজভৱনৰ সমীপত কোনো ধৰণৰ বিক্ষোভ কাৰ্যসূচীৰ অনুমতি দিয়া নহ’ব বুলি উল্লেখ কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
ইফালে শুকুৰবাৰে মৃদুল ইছলামৰ মৃত্যুক লৈ দিছপুৰত কংগ্রেছৰ জনতা ভৱন ঘেৰাও কাৰ্যসূচী ৰূপায়ন কৰে কংগ্ৰেছে। সেই সময়ত আৰক্ষীৰে খণ্ডযুদ্ধত লিপ্ত বহু কংগ্ৰেছ নেতা-কৰ্মীক আটক কৰে আৰক্ষীয়ে। আটক কৰি কাহিলিপাৰাৰ দশম আৰক্ষী বেটেলিয়ানলৈ লৈ যোৱা হৈছিল ভূপেন বৰাক।। আৰক্ষীয়ে আটক কৰিছিল ৰিপুণ বৰাকো। কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰকো আটক কৰিছিল আৰক্ষীয়ে।