অসমৰ ক্ৰীড়া ক্ষেত্ৰখনত সংযোজন হ'ব এখন নতুন ক্ৰিকেট ষ্টেডিয়াম | Construction of a New cricket stadium in Umrangso, Assam : CM Himanta Assam news - Assam Tv9

ভাল খবৰ, অসমৰ ক্ৰীড়া ক্ষেত্ৰখনত সংযোজন হ’ব এখন নতুন ক্ৰিকেট ষ্টেডিয়াম

Published: 

11 Sep 2024 13:50 PM

সামাজিক মাধ্যম এক্স হেণ্ডেলত তথ্য শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে,ৰাজ্য চৰকাৰে ক্ৰীড়া ক্ষেত্ৰত আগুৱাই নিয়াৰ লক্ষ্যৰে অসমৰ উমৰাংছ’ত নতুন ক্ৰিকেট ষ্টেডিয়াম নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰিছিল । ইতিমধ্যে নতুন ষ্টেডিয়ামখনৰ নিৰ্মাণৰ কাম দ্ৰুতগতিত আগবাঢ়িছে । ষ্টেডিয়ামখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ’লে যুৱক-যুৱতীসকলে ক্ৰিকেট খেলৰ দক্ষতাক আগুৱাই নিয়াৰ পথ মুকলি হ’ব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।

ভাল খবৰ, অসমৰ ক্ৰীড়া ক্ষেত্ৰখনত সংযোজন হব এখন নতুন ক্ৰিকেট ষ্টেডিয়াম

উমৰাংছ’ত ক্ৰিকেট ষ্টেডিয়াম নিৰ্মাণ

Follow Us On

অসমৰ ক্ৰীড়া ক্ষেত্ৰখনৰ বাবে অতিকৈ ভালখবৰ । অসমৰ ক্ৰিকেট খেলুৱৈ সকলে ক্ৰীড়াৰ সুযোগ লাভ কৰাৰ উদ্দেশ্যে নিৰ্মাণ কৰি থকা হৈছে এখন নতুন ক্ৰিকেট ষ্টেডিয়াম । উমৰাংছ’ত এখন নতুন ক্ৰিকেট ষ্টেডিয়ামৰ নিৰ্মাণৰ কাম দ্ৰুত গতিত চলি থকা কথা জানিবলৈ দিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী শৰ্মাই আশা প্ৰকাশ কৰিছে যে, এই ষ্টেডিয়ামখনৰ জৰিয়তে অসমৰ যুৱক যুৱতী সকলে ক্ৰীড়াৰ এক নতুন সুযোগ লাভ কৰিব । জানিব পৰা মতে বহু কম সময়ৰ ভিতৰত এই ষ্টেডিয়ামখন ক্ৰীড়াৰ বাবে মুকলি কৰা হ’ব ।

সামাজিক মাধ্যম এক্স হেণ্ডেলত তথ্য শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে,ৰাজ্য চৰকাৰে ক্ৰীড়া ক্ষেত্ৰত আগুৱাই নিয়াৰ লক্ষ্যৰে অসমৰ উমৰাংছ’ত নতুন ক্ৰিকেট ষ্টেডিয়াম নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰিছিল । ইতিমধ্যে নতুন ষ্টেডিয়ামখনৰ নিৰ্মাণৰ কাম দ্ৰুতগতিত আগবাঢ়িছে । ষ্টেডিয়ামখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ’লে যুৱক-যুৱতীসকলে ক্ৰিকেট খেলৰ দক্ষতাক আগুৱাই নিয়াৰ পথ মুকলি হ’ব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।

তেওঁ কয়, “আমাৰ যুৱক-যুৱতীসকলৰ বাবে ক্ৰীড়াৰ সুযোগ মুকলি কৰা বাবে ইতিবাচক পদক্ষেপ গ্ৰহণ কৰা হৈছে । উমৰাংছ’ত এখন ক্ৰিকেট ষ্টেডিয়াম নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে । নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পাছত অঞ্চলটোৰ যুৱক-যুৱতীসকলে নিজৰ ক্ৰিকেট দক্ষতা বৃদ্ধি কৰাৰ সুযোগ লাভ কৰিব!”

উল্লেখ্য যে, সূত্ৰ অনুসৰি, ডিমা হাছাওৰ উমৰাংছ’ত নিৰ্মাণ হৈ থকা এই ক্ৰিকেট ষ্টেডিয়ামখনৰ আধাৰশিলা স্থাপন কৰিছিল ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গোৰ্লোছাই। এই ষ্টেডিয়ামখন বিশ্বমানৰ এখন ক্ৰিকেট ষ্টেডিয়াম হ’ব বুলি আশা কৰা হৈছে । এই ষ্টেডিয়ামখন নিৰ্মাণ কৰাৰ বাবে উত্তৰ কাছাৰ হিলছ স্বায়ত্তশাসিত পৰিষদে অসম ক্ৰিকেট সন্থাক ৩০ বিঘা মাটি আবণ্টন দিছিল ।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version