শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

টুইন টাৱাৰ দেখিব অসমত! গুৱাহাটীত চলিছে টুইন টাৱাৰৰ নিৰ্মাণ কাৰ্য, মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰিলে ফটো

গুৱাহাটীত অচিৰেই অসমত মুকলি হ'ব টুইন টাৱাৰ। ৮০০ কোটি টকা ব্যয়েৰে অসমত নির্মাণ কৰি থকা হৈছে টুইন টাৱাৰ। ইতিমধ্যে সম্পন্ন হৈছে ৬০ শতাংশ কাম।

টুইন টাৱাৰ দেখিব অসমত! গুৱাহাটীত চলিছে টুইন টাৱাৰৰ নিৰ্মাণ কাৰ্য, মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰিলে ফটো
টুইন টাৱাৰ চাবলৈ যাব নালাগে অসমৰ বাহিৰলৈ!
barasha-misra
Barasha Misra | Updated On: 02 Mar 2025 14:20 PM

অসমবাসীৰ বাবে সুখবৰ, উন্নয়নৰ দিশত যথেষ্ঠ আগবাঢ়িছে গুৱাহাটী মহানগৰ। Advantage assam 2.0 ই ৰাজ্যৰ লগতে সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছিল। দেশ-বিদেশৰ কেইবাটাও উদ্যোগ প্ৰতিষ্ঠান আৰু উদ্যোগীয়ে অসম চৰকাৰৰ সৈতে বিনিয়োগৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলৰ জৰিয়তে জনোৱা মতে, “এই সন্মিলনত প্ৰায় ১৬৪ খন বুজাবুজি চুক্তি হৈছে। এডভাণ্টেজ আছাম ২.০ত সৰ্বমুঠ ৫ লাখ ১৮ হাজাৰ ২৯৫ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি দিয়া হৈছে । এই সন্মিলনে অসমত ঔদ্যোগিক বিকাশৰ পৰিৱেশ সৃষ্টি কৰিছে।”

সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয়, “অসমত ৮০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হৈ আছে টুইন টাৱাৰ। কিছুমানে সামাজিক মাধ্যমত লিখি আছে এডভান্টেজ আসাম ১ ৰ কি হ’ল? টুইন টাৱাৰেই নহ’ল…কিন্তু কোনোবাই ইয়াকেলৈ প্ৰশ্ন কৰিছে নেকি? টুইন  টাৱাৰ নিৰ্মাণ কৰা হৈ আছে, ইতিমধ্যে ৬০% কামো সম্পূৰ্ণ হৈছে। অচিৰেই অসমত মুকলি হ’ব টুইন টাৱাৰ।”

তথ্যনুসৰি, ৬৪ মহলীয়াৰ পৰিৱৰ্তে ১৬ মহলীয়া হ’ব টুইন টাৱাৰ। একত্ৰিত সঞ্চালকালয়ৰ কাৰ্যালয়কে টুইন টাৱাৰ হিচাপে মুখ্যমন্ত্ৰীয়ে উপহাৰ দিব অসমবাসীক।

ইফালে মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত টুইন টাৱাৰৰ পোষ্ট দি লিখে- “টুইন টাৱাৰৰ বিষয়ে সুধি থকাসকলক জনাব বিচাৰিছোঁ যে এয়া গুৱাহাটীৰ বেতকুছিত আমি নিৰ্মাণ কৰি থকা সংহত সঞ্চালকালয় পৰিসৰৰ ৰূপ।”

মুখ্যমন্ত্ৰীৰ টুইন টাৱাৰ সন্দৰ্ভত মন্তব্য কৰাৰ পিছত বহুজনে দিছে প্ৰতিক্ৰিয়া। কোনোৱে যদি মুখ্যমন্ত্ৰীৰ কামক শলাগিছে আন কোনোৱে সমালোচনা কৰিছে।

মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়াৰ পিছতে সামাজিক মাধ্যমত ইজনৰ পৰা সিজনে চৰ্চা কৰিছে। কোনোৱে সহজভাৱে হৈছে আন কোনোৱে যেন আলোচনাৰ বিষয় হিচাপেহে লৈছে।

আন এজনে সংবাদ মাধ্যমে বিজেপি চৰকাৰৰ অভূতপূৰ্ব বিকাশৰ আঁন্তগাঁথনিবোৰ জনতাক নেদেখুৱাই বুলি লিখি সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে মুখ্যমন্ত্ৰীৰ এই ভিডিঅ’।

মুঠৰ ওপৰত ভাল বেয়া সকলো কামৰ সমালোচনা থাকিবই। অসমৰ জনসাধৰণে এখন সৰ্বাংগসুন্দৰ অসমৰ কল্পনা কৰে।অসমৰ উন্নয়নৰ বাবে বহু ডাঙৰ পৰিকল্পনা মুখ্যমন্ত্ৰীৰ । উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ আন্তঃগাঁথনি আৰু বিনিয়োগ সন্মিলন এডভান্টেজ আসাম ২.০ৰ জৰিয়তে ইয়াৰে প্ৰমাণ পাইছে অসমৰ জনসাধাৰণে।