মেট্ৰিক পৰীক্ষাৰ এখন প্ৰশ্নকাকত আৰু কেইবাটাও বিতৰ্ক! সামাজিক মাধ্যমত তু্মুল বিতৰ্ক, ভিন্নজনে প্ৰকাশ কৰিলে ভিন্নমত

বৃহস্পতিবাৰে অনুষ্ঠিত হৈছিল মেট্ৰিকৰ সমাজ বিজ্ঞান পৰীক্ষা।  প্ৰশ্নকাকতখন আছিল ৬৩ পৃষ্ঠাৰ। তাৰে ৫৭ নং প্ৰশ্নটোক লৈ এতিয়া চলিছে বিতৰ্ক। সামজিক মাধ্যমত ভিন্ন জনক ভিন্ন মত। কোনোবাই যদি ভাল প্ৰশ্ন বুলি কৈছে আন একাংশ অভিহিত কৰিছে সাম্প্ৰদায়িক প্ৰশ্ন বুলি।  ইফালে প্ৰশ্নকাকতখন  ৬৩ পৃষ্ঠাৰ হোৱাৰ বাবেও আপত্তি দৰ্শাইছে একাংশ লোকে।

মেট্ৰিক পৰীক্ষাৰ এখন প্ৰশ্নকাকত আৰু কেইবাটাও বিতৰ্ক! সামাজিক মাধ্যমত তু্মুল বিতৰ্ক, ভিন্নজনে প্ৰকাশ কৰিলে ভিন্নমত

মেট্ৰিক পৰীক্ষাৰ সমাজ বিজ্ঞানৰ প্ৰশ্নকাকখন

Updated On: 

28 Feb 2025 19:41 PM

ৰাজ্যত চলি আছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। এই সময়ত বিভিন্ন বিষয়ক লৈ প্ৰায়ে হয় বিতৰ্ক। চলিত বৰ্ষটো বাতৰিত প্ৰকাশ পাইছে এনে বহু খবৰ। কেতিয়াবা যদি নকল, কেতিয়াবা আকৌ প্ৰশ্নকাকত। বহু সময়ত প্ৰশ্নকাকত ভাইৰেল হোৱা খবৰে শিৰোনাম দখল কৰে। এইবাৰ পৰীক্ষা চলি থকাৰ মাজতে এখন প্ৰশ্নকাকতক লৈ আৰম্ভ হৈ বিতৰ্ক। আচলতে  প্ৰশ্নকাকত নহয়, তাত থকা এটা প্ৰশ্নইহে সৃষ্টি কৰিছে বিতৰ্কৰ।

বৃহস্পতিবাৰে অনুষ্ঠিত হৈছিল মেট্ৰিকৰ সমাজ বিজ্ঞান পৰীক্ষা।  প্ৰশ্নকাকতখন আছিল ৬৩ পৃষ্ঠাৰ। তাৰে ৫৭ নং প্ৰশ্নটোক লৈ এতিয়া চলিছে বিতৰ্ক। সামজিক মাধ্যমত ভিন্ন জনক ভিন্ন মত। কোনোবাই যদি ভাল প্ৰশ্ন বুলি কৈছে আন একাংশ অভিহিত কৰিছে সাম্প্ৰদায়িক প্ৰশ্ন বুলি। ইফালে প্ৰশ্নকাকতখন  ৬৩ পৃষ্ঠাৰ হোৱাৰ বাবেও আপত্তি দৰ্শাইছে একাংশ লোকে। আকৌ একাংশই কোৱামতে প্ৰশ্নকাকতখনৰ উত্তৰ লিখিবলৈ ছাত্ৰ-ছাত্ৰীক দিয়া হৈছিল বাবে  ৩ ঘণ্টা ৩০ মিনিট সময়।

এতিয়া আহিছো সেই বিশেষ প্ৰশ্নটোলৈ। প্ৰশ্নটো আছিল- “ধৰাহওঁক, চৰকাৰে ডাম্বুক নামৰ গাওঁখনত এখন চিকিৎসালয় স্থাপন কৰিলে। চিকিৎসায়লয়খনত হিন্দুসকলক বিনামূলীয়াকৈ চিকিৎসা প্রদান কৰা হয়। অন্য ধৰ্মৰ লোকে চিকিৎসাৰ খৰচ পাতি নিজে বহন কৰিব লাগে। ভাৰতৰ দৰে এখন দেশত চৰকাৰে তেনেধৰণৰ ব্যৱস্থা ল’ব পাৰেনে? তোমাৰ মতামত দাঙি ধৰা।”

প্ৰশ্নকাকতখনৰ সন্দৰ্ভত সাংবাদিক আফ্ৰিদা হুছেইনে এক্সত পোষ্ট শ্বেয়াৰ কৰি লিখিছে, “আমাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আমি এইধৰণৰ শিক্ষা বিচাৰো নে? ছেবাৰ দশম শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাৰ প্ৰশ্নত প্ৰশ্ন কৰা হৈছে যে এখন চিকিৎসালয় স্থাপন কৰিলে। চিকিৎসায়লয়খনত হিন্দুসকলক বিনামূলীয়াকৈ চিকিৎসা প্রদান কৰা হয়। অন্য ধৰ্মৰ লোকে চিকিৎসাৰ খৰচ পাতি নিজে বহন কৰিব লাগে। সঁচাকৈ? আমাৰ সংবিধানৰ সমতা আৰু ধৰ্মনিৰপেক্ষতাৰ বিষয়ে শিকোৱাৰ পৰিৱৰ্তে ছাত্ৰ-ছাত্ৰীসকলক কিয় বিভাজনকাৰী নীতিৰ সন্মুখীন কৰা হৈছে?”

বিশিষ্ট কবি নীলিম কুমাৰে লিখিছে, “এইটো আচলতে প্ৰশ্ন নহয় ৷ ই সাম্প্ৰদায়িক -ৰাজনীতিৰ বিষ ৷প্ৰশ্নটোৰ নিৰ্দিষ্ট কোনো উত্তৰ নাই ৷ এই প্ৰশ্নটোৰ “পাৰি” বা “নোৱাৰি” দুয়োটা উত্তৰেই শুদ্ধ ৷ যিহেতু ছাত্ৰছাত্ৰী সকলক তেওঁলোকৰ মতামতহে আগবঢ়াব দিয়া হৈছে ৷ আৰু মতামত সকলোৰে ভিন্ন ভিন্ন হ’ব পাৰে ! ব্যক্তিগত মতামতত শুদ্ধ/ অশুদ্ধৰ কোনো কথা নাই ৷ আচলতে প্ৰশ্নত্তোৰ নহয় , মতামত জানিব খোজাটোহে এক ধৰণৰ উদ্দেশ্য ৷”

এয়া প্ৰতিযোগিতামূলক পৰীক্ষাৰ আৰ্হিত প্ৰশ্নকাকত বুলি মন্তব্য একাংশ লোকৰ। এজনে কৈছে- “মেট্ৰিকৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকত খন ইমান জটিল কৰি অসমৰ ছাত্ৰ ছাত্ৰী সকলক মানসিক অত্যাচাৰ কৰা হৈছে।” এজনৰ মন্তব্য- “মেট্ৰিকৰ দৰে এটা পৰীক্ষাত এনেকুৱা প্ৰশ্ন মুঠেও গ্ৰহণযোগ্য নহয়। বৰ দুৰ্ভাগ্য জনক।”

এজনে আকৌ ক’লে, “আজিৰ মেট্ৰিকৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন এটা দেখি এনে লাগিছে সৰু সৰু লৰা ছোৱালীবোৰৰ মগজুতো বিষাক্ত বীজাণু সুমুৱাই দিবলৈ চেষ্টা কৰা হৈছে। যিটো ভয়ংকৰ। এই যি বীজাণু সেয়া দেশৰ ৰাজনৈতিক পৰিৱেশ সলনি হোৱাৰ পিছতো মানুহৰ মগজুত ৰৈ যাব বহু দিনলৈ। এনে প্ৰশ্নকাকতৰ নমুনা হয়তো বিশ্বতে বিচাৰি পোৱা নাযাব।” এজনৰ মতে, “আজিৰ HSLC-2025 সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকতখন মেট্ৰিকৰ নে প্ৰতিযোগিতামূলক পৰীক্ষা APSC ৰ আছিল ধৰিবই নোৱাৰি। ছাত্ৰ-ছাত্ৰীয়ে বহুত অধ্যয়ন কৰাৰ পিছতো লিখিব পৰা নাই।”

ইফালে সামাজিক মাধ্যমত একাংশই প্ৰশ্নটোৰ সমৰ্থনত আগবঢ়াইছে মন্তব্য- “মেট্ৰিকৰ সমাজ বিজ্ঞানৰ প্ৰশ্নকাকতখন দেখি ভাল লাগি গ’ল। প্ৰশ্ন কটাজনক চেল্যুট। প্ৰশ্ন সোধাৰ ধৰণটো প্ৰশাসনীয়(লোক) সেৱাৰ পৰীক্ষাৰ দৰে হৈছে। মুখস্থবিদ্যাকেই শেষ সাৰথি হিচাপে লোৱা কেইটাই ঢোকে ঢোকে পানী খাইছে।” এজনে ক’লে- “৫৭ নং প্ৰশ্নটো একো ভুল বা বেয়া নহয় ৷ উত্তৰটো হ’ব ভাৰতবৰ্ষ সাংবিধানিক ভাৱে এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ৷ ইয়াত জাতি ,ধৰ্ম,বৰ্ণ নিৰ্বিশেষে সকলোৱে সমান অধিকাৰ উপভোগ কৰিবলৈ পাব ৷ গতিকে ধৰ্মৰ ভিত্তিত কাকো অধিকাৰ উপভোগৰ পৰা বঞ্চিত কৰিব পৰা নাযায় ৷ইয়াত প্ৰশ্নটোৰ জৰিয়তে ছাত্ৰ জনৰ সাংবিধানিক অধিকাৰৰ সচেতনতা জুখি চোৱা হৈছে ৷”

কেৱল ইমানে নহয় কেইজনে ক’লে প্ৰশ্নটোৰ উত্তৰ কি হ’ব। এজনৰ মতে, এই প্ৰশ্নৰ উত্তৰ হ’ল , “ভাৰতৰ দৰে দেশত এনেকুৱা কৰিব নোৱাৰি। কাৰণ ভাৰত এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। ইয়াতে সকলো ধৰ্মই সমান মৰ্যদা পাই আৰু নিজ ধৰ্মৰ নীতি নিয়ম পালন কৰাত কোনেও বাধা দিব নোৱাৰে ।। এনেকৈ অলপ লিখি দিলে হৈ যায়।”

এজনৰ মতে, “ভাৰতৰ দৰে দেশত চৰকাৰে এনে ব্যৱস্থা ল’ব নোৱাৰে, ভাৰতীয় সংবিধানে(অনুচ্ছেদ১৪ ) সমতাৰ অধিকাৰ আৰু (অনুচ্ছেদ ১৫) ধৰ্মৰ ভিত্তিত বৈষম্য নিষিদ্ধ কৰিছে আন ধৰ্মৰ লোকক খৰচ বহন কৰিবলৈ বাধ্য কৰাই কেৱল হিন্দুসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰাটো ভাৰতীয় ৰাষ্ট্ৰৰ ধৰ্মনিৰপেক্ষ স্বৰূপ (২৫ অনুচ্ছেদ) উলংঘা কৰা আৰু আইনৰ সন্মুখত সমতাৰ নীতিৰ বিৰুদ্ধে যোৱা হয়৷”

এতিয়া প্ৰশ্নটো হ’ল বৃহস্পতিৰে হৈ যোৱা মেট্ৰিকৰ ‘সমাজ বিজ্ঞান’ৰ পৰীক্ষাৰ প্ৰশ্ন কাকতটো ছাত্ৰ-ছাত্ৰীসকলৰ গ্ৰহণযোগ্য নে? মেট্ৰিকৰ সমাজ বিজ্ঞানৰ প্ৰশ্নকাকতক লৈ সৃষ্টি হোৱা এই বিতৰ্ক সমীচিন নেকি ? যদি আপুনি বা আপোনাৰ সন্তান বা আত্মীয়ই এই পৰীক্ষাত অৱতীৰ্ণ হৈছে তেওঁলোকে কি ভাৱে? জনাব পাৰিব আমাক…

ইতিহাস প্ৰসিদ্ধ চৰাইদেউ মৈদামৰ আছে বহু ৰহস্য, মৈদাম কি জানেনে?
আপোনাৰ পাৰ্ছত ৰাখক এই সামগ্ৰী, কেতিয়া নহ'ব ধনৰ অভাৱ!
সমগ্ৰ বিশ্বত কিমান সনাতনী লোক আছে?
কোন দেশৰ লোকে সবাতোকৈ বেছি গো মাংস খায়? জানক সবিশেষ...