নিলম্বন নহয়, বৰ্খাস্ত কৰক OC ভাৰ্গৱ বৰবৰাক: জ্ঞানদীপক প্ৰহাৰ কৰাক লৈ সৰৱ কটনৰ ছাত্ৰ সমাজ
ৰাজপথত কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ জ্ঞানদীপক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ পিছতেই কটনিয়ানৰ হুংকাৰ। OC ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে ক্ষোভ কটনীয়ানৰ। নিলম্বন নহয়, OC ভাৰ্গৱ বৰবৰাক বৰ্খাস্ত কৰাৰ দাবী।
আৰক্ষীৰ প্ৰহাৰৰ সন্মুখীন হোৱা ডেলিভাৰী বয় জ্ঞানদীপ হাজৰিকা আছিল কটন বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ ছাত্ৰ। কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আছিল ২১ বছৰীয়া জ্ঞানদীপ হাজৰিকা।পঢ়াৰ খৰচ উলিয়াবলৈ জ্ঞানদীপে কৰি আহিছে ডেলিভাৰী বয়ৰ কাম। পিতৃহীন তেজপুৰৰ জ্ঞানদীপ হাজৰিকাৰ আছে মাতৃ আৰু ভগ্নী। পিতৃহাৰা জ্ঞানদীপৰ ঘৰ তেজপুৰত।
এই ঘটনাৰ পাছতে জাঙুৰ খাই উঠিছে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ। ৰাজপথত কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ জ্ঞানদীপক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ পিছতেই কটনিয়ানৰ হুংকাৰ। OC ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে ক্ষোভ কটনীয়ানৰ। নিলম্বন নহয়, OC ভাৰ্গৱ বৰবৰাক বৰ্খাস্ত কৰাৰ দাবী। আজি দিনৰ ১০.৩০ বজাত পাণবজাৰ আৰক্ষী চকীৰ সন্মুখত কটনৰ ছাত্ৰসকলক প্ৰতিবাদী কাৰ্যসূচীৰ বাবে একত্ৰিত হ’বলৈ অনুৰোধ জনাই কটন ছাত্ৰ একতা সভাই। দিনৰ ১২ বজাৰ পূৰ্বে অভিযুক্ত আৰক্ষী বিষয়াজনে ক্ষমা খোজাৰ দাবী কটনৰ ছাত্ৰৰ। ভৱিষ্যতে কোনো শিক্ষাৰ্থীৰ লগতে এনে ঘটনাৰ সংঘটিত নহয় বুলি আৰক্ষী বিষয়াজনে আশ্বাস দিব লাগিব বুলি দাবী কটনৰ ছাত্ৰ। এই আশ্বাস নোপোৱালৈ প্ৰতিবাদ অব্যাহত থাকিব বুলি হুংকাৰ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ।
এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জ্ঞানদীপে কয়, “No entryৰে সুমুৱাটো মোৰ ভুল আছিল। মই পাৰ হৈ যাব নালাগিছে। প্ৰথমবাৰ মাতোতে মই ভালকৈ গুৰুত্ব নিদিলো। তাৰ পাছত মই আহিলে। মোৰ ওপৰত বেছিকৈ প্ৰহাৰ কৰিলে। পিছত গৈ ভালকৈ বুজি পাইছোঁ। আৰক্ষী বিষয়াগৰাকীক শাস্তি দিয়া বুলি শুনিছো, এতিয়া মই কি ক’ম! আৰক্ষী বিষয়াগৰাকীৰ ওপৰত গোচৰ নিদিয়ে বুলি কয় জ্ঞানদীপে। লগতে কয়, “মোক আজি পৰিস্থিতিয়ে ডেলিভাৰী বয় হ’বলৈ বাধ্য কৰাইছে।এনেকুৱা হ’ব নালাগে সকলোৱে কথা বুজি পাব লাগে। মোক থানাৰ ভিতৰত প্ৰহাৰ নাই কৰা কিন্তু ফাঁচী বজাৰত প্ৰহাৰ কৰিছে। গালত অলপ দুখ পাইছো”
ইফালে OC ভাৰ্গৱ বৰবৰাই প্ৰহাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ জ্ঞানদীপৰ মাতৃ বেবী হাজৰিকাৰ। ‘আৰক্ষী বিষয়াগৰাকীয়ে বেয়া কাম কৰিছে। এনেকৈ মৰাতো উচিত হোৱা নাই। আৰক্ষীৰ ব্যৱহাৰ সদায় ভাল হ’ব লাগে। আৰক্ষী বিষয়াগৰাকীয়ে ফাইনো কাটিব পাৰিলেহেঁতেন। মোৰ ল’ৰাটোক এনেকৈ মৰাৰ বাবে মই দুখ পাইছো, তাৰ কিবা এটা হোৱা হ’লে কি হ’লহেঁতেন?” অসম আৰক্ষীত কৰ্মৰত জ্ঞানদীপৰ মাতৃ।
উল্লেখ্য যে, পাণবজাৰ থানাৰ অ’চি ভাৰ্গৱ বৰবৰাই ফাঁচী বজাৰৰ জেইল ৰোডৰ সমীপত প্ৰহাৰ কৰে এজন ফুড ডেলিভাৰী বয় হিচাপে কৰ্মৰত জ্ঞানদীপ হাজৰিকাক । ট্ৰেফিক চিগনেল অমান্য কৰাৰ অভিযোগতে ৰাজপথতে নিৰ্মমভাৱে ডেলিভাৰী বয়গৰাকীক নিৰ্মমভাৱে প্ৰহাৰ কৰে আৰক্ষী বিষয়াই। ‘মাৰি পেলাম মাৰি পেলাম’ বুলি কৈ প্ৰহাৰ যুৱকজনক। তাৰ পাছতে ঘটনাক লৈ তৎপৰ হৈ পৰিছে ডিজিপি জিপি সিং। আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাক নিলম্বন কৰি ৰখা হৈছে বুলি Xযোগে সদৰী কৰে ডিজিপি জিপি সিঙে। এই ঘটনাক লৈ এতিয়া সামাজিক মাধ্যমত চলিছে ব্যাপক চৰ্চা। সকলোৱে বিচাৰিছে আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাৰ শাস্তি।