শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ নিৰ্বাচন: GS পদৰ বাবে পুনৰ হ’ব ভোটগণনা

সাঃ সম্পাদক পদক লৈ নিশা কটনত উত্তেজনা। GS পদৰ ভোটগণনাত বাতিল হৈছিল ২৭টা ভোট। এটা ভোটৰ ব্যৱধানত জয়ী হয় ছাত্ৰমুক্তিৰ সমৰ্থিত প্ৰাৰ্থী। যাৰ সাধাৰণ সম্পাদক পদৰ বাবে সোমবাৰে কটনত হ'ব পুনৰ ভোটগণনা।

কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ নিৰ্বাচন: GS পদৰ বাবে পুনৰ হ’ব ভোটগণনা
কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ নিৰ্বাচন
trishna-kalita
Trishna Kalita | Updated On: 21 Feb 2025 11:06 AM

কটন বিশ্ববিদ্যালয়ৰ নিৰ্বাচনী ফলাফলৰ ঘোষণাৰ পাছতেই খেলিমেলি। সাঃ সম্পাদক পদক লৈ নিশা কটনত উত্তেজনা। GS পদৰ ভোটগণনাত বাতিল হৈছিল ২৭টা ভোট। এটা ভোটৰ ব্যৱধানত জয়ী হয় ছাত্ৰমুক্তিৰ সমৰ্থিত প্ৰাৰ্থী। যাৰ সাধাৰণ সম্পাদক পদৰ বাবে সোমবাৰে কটনত হ’ব পুনৰ ভোটগণনা। ছাত্ৰ-ছাত্ৰীৰে আলোচনাৰ অন্তত কৰ্তৃপক্ষই ল’লে এই সিদ্ধান্ত। ৩ অক্টোবৰত অনুষ্ঠিত হৈছিল কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন। বেলট বাকচত বন্দী হৈছিল ৩৬ প্ৰাৰ্থীৰ ভাগ্য। ১৩টা পদৰ বাবে ৩৬জন প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা। বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছিল ৩জন প্ৰাৰ্থী শুকুৰবাৰে ঘোষণা কৰা হয় নিৰ্বাচনৰ ফলাফল।

বাতিল হোৱা ২৭টা ভোটৰ ৭টা ভোট দিয়া আছিল ৰঙা চিয়াঁহীৰে। কিন্তু জাননীত উল্লেখ নাছিল ৰঙা চিয়াঁহীৰে বেলটত ভোট দিব নোৱাৰিব বুলি। এই অভিযোগ RKB ছাত্ৰাৱাসৰ আৱাসীৰ। বিয়লিৰ পৰা পুৱতিনিশালৈ ছাত্ৰ-ছাত্ৰীৰে আলোচনাৰ অন্তত কৰ্তৃপক্ষই ল’লে পুনৰ ভোটগণনাৰ সিদ্ধান্ত। RKB ছাত্ৰাৱাসৰ ছাত্ৰসকলে পুৱতিনিশালৈকে আবদ্ধ কৰি ৰাখিছিল উপাচাৰ্যক। পুনৰ ভোটগণনাৰ বাবে প্ৰতিবাদো কৰিছিল ছাত্ৰ-ছাত্ৰীসকলে।

ছাত্ৰ ৰাজনীতিৰ অন্যতম অভিকেন্দ্ৰ কটন বিশ্ববিদ্যালয়। অসমৰ শৈক্ষিক আৰু বৌদ্ধিক ক্ষেত্ৰতো অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে কটনে। শুকুৰবাৰে ঘোষিত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফলত সভাপতি পদত বিজয়ী জুবেইৰ হাবিব। ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ সমৰ্থিত জুবেইৰ হাবিব। মহেন্দ্ৰ নাথ ডেকা ফুকন ছাত্ৰাৱাসৰ এগৰাকী আৱাসী জুবেইৰ হাবিব।
সাধাৰণ সম্পাদকৰ পদত নীৰৱ হাজৰিকাই জয়লাভ কৰিছে। এটা ভোটত পৰাস্ত হয় সাধাৰণ সম্পাদক পদৰ প্ৰাৰ্থী কুলদ্বীপ গৌতম শৰ্মা। আৰ কে বি হোষ্টেলৰ সমৰ্থিত প্ৰাৰ্থী আছিল কুলদ্বীপ গৌতম শৰ্মা। কুলদ্বীপৰ সমৰ্থকৰ পুনৰ ভোটগণনাৰ দাবীত অহা ৭ অক্টোবৰত পুনৰ হ’ব ভোট গণনা।

একেদৰে, উপ-সভাপতি পদত বিজয়ী হৈছে নীলাক্ষি কাকতি। আৰ কে বি আৰু এন বি ডি হোষ্টেলৰ সমর্থিত প্রার্থী নীলাক্ষি। সহকাৰী সাধাৰণ সম্পাদক পদত বিজয়ী মুনমী তালুকদাৰ। এম এন ডি পি হোষ্টেলৰ সমৰ্থিক প্রার্থী মুনমী তালুকদাৰ। সাংস্কৃতিক সম্পাদক পদত বিজয়ী নীলাঞ্জনা বৰা। সমাজসেৱা পদত বিজয়ী নুপূৰ কাশ্যপ। তৰ্ক সম্পাদকৰ পদত বিজয়ী গীতাৰ্থ বৰা।

ইতিমধ্যে বিনা প্রতিদ্বন্দ্বিতাৰে বিজয়ী ৩ গৰাকী প্ৰাৰ্থী। আলোচনী সম্পাদক পদত বিনা প্রতিদ্বন্দ্বিতাৰে জয়ী তুহিনকন্যা বৰা। ক্রিকেট সম্পাদকৰ পদত বিনা প্রতিদ্বন্দ্বিতাৰে জয়ী ভাৰ্গৱ বেজবৰুৱা। লঘু ক্রীড়া সম্পাদকৰ পদত বিনা প্রতিদ্বন্দ্বিতাৰে জয়ী পেৰিস্কাৰাণী বসুমতাৰী।