কাৰ্বি আংলঙত চাঞ্চল্যকৰ ঘটনা ! দম্পতীক অপহৰণ কৰি নিৰ্মমভাৱে হত্যা অচিনাক্ত দুৰ্বৃত্তৰ, আহত ৩ শিশু

ৰাজ্যত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড ঘটনা। অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈছে দম্পতী । একেসময়তে এই আক্ৰমণত দম্পতীহালৰ তিনিটি সন্তান গুৰুতৰভাৱে আহত হৈছে ।

কাৰ্বি আংলঙত চাঞ্চল্যকৰ ঘটনা ! দম্পতীক অপহৰণ কৰি নিৰ্মমভাৱে হত্যা অচিনাক্ত দুৰ্বৃত্তৰ, আহত ৩ শিশু

প্ৰতীকী ফটো

Updated On: 

21 Apr 2025 11:25 AM

কাৰ্বি আংলং জিলাত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈছে দম্পতী । একেসময়তে এই আক্ৰমণত দম্পতীহালৰ তিনিটি সন্তান গুৰুতৰভাৱে আহত হৈছে । খবৰ অনুসৰি, শনিবাৰে নিশা বৰপথাৰ অঞ্চলৰ নামবৰ চাহ বাগিচাৰ মুণ্ডাবস্তিৰ জুলো মুণ্ডাৰ বাসগৃহত সংঘটিত হয় এই আক্ৰমণৰ ঘটনা।

ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে জনাইছে যে, দুৰ্বৃত্তই জুলো মুণ্ডা আৰু তেওঁৰ পত্নী পঞ্চমীক প্ৰহাৰ কৰি বাসগৃহৰ পৰা অপহৰণ কৰে। ইফালে,  ৯ ৰ পৰা ১৩ বছৰ বয়সৰ দম্পতীহালৰ তিনিটা সন্তানক দুৰ্বৃত্তই নিৰ্যাতন চলাই আহত অৱস্থাত এৰি থৈ যায়।

এজন আৰক্ষী বিষয়াই কয় যে, ৯ বছৰীয়া পুত্ৰৰ বক্তব্য অনুসৰি তেওঁলোকৰ পিতৃ-মাতৃক শাৰীৰিক নিৰ্যাতন চলোৱাৰ পিছত লৈ গৈছিল দুৰ্বৃত্তয়। উল্লেখ্য যে, ওচৰৰ চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা গ্ৰহণ কৰাৰ পাছত শিশুকেইটাক উন্নত চিকিৎসাৰ বাবে গোলাঘাট অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী । ইয়াৰ লগে লগে নিৰুদ্দেশ হোৱা দম্পতীৰ সন্ধান উলিয়াবলৈ অভিযান আৰম্ভ কৰে । জানিব পৰা মতে, অপহৰণ কৰি লৈ যোৱা দম্পতীৰ মৃতদেহ দুটা দেওবাৰে বিয়লি মুণ্ডাৰ ঘৰৰ পৰা কিছু দূৰৈত অৱস্থিত পানীৰে ভৰা কয়লা খনন গাঁতৰ পৰা উদ্ধাৰ কৰে আৰক্ষীয়ে ।

প্ৰশাসনৰ এগৰাকী বিষয়াই কয়,”দুয়োজন ভুক্তভোগীৰ ভৰি আৰু হাত বান্ধি থোৱা আছিল আৰু মৃতদেহবোৰ ডিঙিত শিল বান্ধি বেগৰ ভিতৰত ভৰাই থোৱা হৈছিল। আমি সন্দেহ কৰোঁ যে, এই অৱস্থাতে তেওঁলোকক পানীৰে ভৰা গাঁতটোত পেলাই দিয়া হৈছিল, যাৰ ফলত তেওঁলোকৰ মৃত্যু হৈছিল।”

বিষয়াগৰাকীয়ে কয় যে, আজি সোমবাৰে মৃতদেহ দুটাৰ মৰণোত্তৰ পৰীক্ষা কৰা হ’ব । তাৰ পিছত ঘটনাৰ সবিশেষ জানিব পৰা যাব বুলি উল্লেখ কৰিছে বিষয়াগৰাকীয়ে । ইতিমধ্যে আৰক্ষীয়ে এই গোচৰৰ তদন্ত আৰম্ভ কৰিছে যদিও এই নৃশংস আক্ৰমণৰ আঁৰৰ কোনো কাৰণ এতিয়াও জানিব পৰা হোৱা নাই বুলিও জানিবলৈ দিছে বিষয়াগৰাকীয়ে ।

INPUT-PTI

চাণক্যৰ মতে এজন ব্যক্তিৰ কি কি গুণে সন্মান বৃদ্ধি কৰে ?
যকৃত বিকল হ'লে কি কি লক্ষণে দেখা দিয়ে জানেনে? জানক সকলো...
ভগৱান হনুমানক আগবঢ়াওক এইসমূহ বস্তু, পূৰ হ'ব সকলো মনোকামনা
কিয় পালন কৰা হয় সতী সাধিনী দিৱস? বীৰাংগনা 'সাধিনী'ৰ বীৰত্বৰ কাহিনী জানক..