IAS বিষয়া বৰ্ণালী ডেকাৰ বিৰুদ্ধে কনিষ্ঠ বিষয়াক অপদস্থ কৰাৰ অভিযোগ, আদালতে নাকচ কৰিলে আৰক্ষীৰ প্ৰতিবেদন
এই গোচৰটো নলবাৰী জিলাৰ উপ-আয়ুক্ত বৰ্ণালী ডেকাৰ বিৰুদ্ধে চক্ৰ বিষয়া অৰ্পনা শৰ্মাই উত্থাপন কৰা অভিযোগৰ সৈতে জড়িত। যোৱা বছৰৰ মে’ মাহত লোকসভা নিৰ্বাচনৰ সময়ত নিৰ্বাচনী কৰ্তব্যৰত অৱস্থাত ডেকাক “মানসিক হাৰাশাস্তি, ৰাজহুৱা অপমান আৰু ভাবুকি”ৰ অভিযোগ উত্থাপন কৰিছিল কনিষ্ঠ বিষয়াগৰাকীয়ে। এই সন্দৰ্ভত অসমৰ এখন জিলা আদালতে নাকচ কৰিলে আৰক্ষীৰ প্ৰতিবেদন।

আকৌ চৰ্চাত আই এ এছ বিষয়া বৰ্ণালী ডেকা৷ কেতিয়াবা যদি কাৰ্যালয়ৰ কৰ্মচাৰীক কঠোৰ ব্যৱহাৰ কৰি, আন কেতিয়াবা আকৌ কনিষ্ঠ বিষয়া-কৰ্মচাৰীক অশ্লীল ভাষাৰে গালি-গালাজ কৰি বিতৰ্কিত হৈ আহিছে বৰ্ণালী ডেকা। আনকি তলতীয়া বিষয়া-কৰ্মচাৰীক শাৰীৰিক-মানসিক অত্যাচাৰ চলোৱাৰ অভিযোগত নিজে ক্ষমা খুজিবলৈও বাধ্য হৈছে তেওঁ। প্ৰায়ে বিতৰ্কৰ বাবে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা এইগৰাকী মহিলা আই এ এছ বিষয়াক লৈ আকৌ এবাৰ সূত্ৰপাত ঘটিছে চৰ্চাৰ।
এই সন্দৰ্ভত অসমৰ এখন জিলা আদালতে নাকচ কৰিলে আৰক্ষীৰ প্ৰতিবেদন। য’ত কোৱা হৈছে যে, কনিষ্ঠ বিষয়াই মহিলা IAS বিষয়াগৰাকীৰ বিৰুদ্ধে উত্থাপন কৰা মানসিক হাৰাশাস্তি আৰু অপমানৰ অভিযোগৰ ব্যৱস্থা ল’ব পৰাকৈ পৰ্যাপ্ত প্ৰমাণ নাই। অৱশ্যে আদালতে এজন জ্যেষ্ঠ আৰক্ষী বিষয়াক অধিক তদন্তৰ নিৰ্দেশ দিয়ে। এই গোচৰটো নলবাৰী জিলাৰ উপ-আয়ুক্ত বৰ্ণালী ডেকাৰ বিৰুদ্ধে চক্ৰ বিষয়া অৰ্পনা শৰ্মাই উত্থাপন কৰা অভিযোগৰ সৈতে জড়িত। যোৱা বছৰৰ মে’ মাহত লোকসভা নিৰ্বাচনৰ সময়ত নিৰ্বাচনী কৰ্তব্যৰত অৱস্থাত ডেকাক “মানসিক হাৰাশাস্তি, ৰাজহুৱা অপমান আৰু ভাবুকি”ৰ অভিযোগ উত্থাপন কৰিছিল কনিষ্ঠ বিষয়াগৰাকীয়ে।
নলবাৰীৰ মুখ্য ন্যায়িক দণ্ডাধীশ ইমদাদ আহমেদে ২৭ ফেব্ৰুৱাৰীত দিয়া নিৰ্দেশত কয় যে, “মই অভিযোগকাৰীয়ে তেওঁৰ এফ আই আৰত উত্থাপন কৰা অভিযোগসমূহৰ ওপৰত অধিক তদন্তৰ বাবে নিৰ্দেশনা জাৰি কৰাটো উপযুক্ত বুলি বিবেচনা কৰোঁ। মঙলবাৰে মুকলি কৰা এই আদেশৰ কপি নিৰীক্ষণ কৰিছে HTয়ে ।
যদিও যোৱা বছৰৰ মে’ মাহতেই অৰ্পনা শৰ্মাই IAS বিষয়া বৰ্ণালী ডেকাৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰিছিল, নলবাৰী আৰক্ষীয়ে গোচৰটো পঞ্জীয়ন কৰা নাছিল। আদালতে আৰক্ষীক দিয়া নিৰ্দেশনা অনুসৰি যোৱা বছৰৰ নৱেম্বৰ মাহতো একেই গোচৰ পঞ্জীয়ন কৰা হৈছিল। আদালতত দাখিল কৰা গোচৰটোৰ চূড়ান্ত প্ৰতিবেদনত আৰক্ষীয়ে ডেকাৰ বিৰুদ্ধে “পৰ্যাপ্ত প্ৰমাণ” থকা বুলি উল্লেখ কৰিছিল।
নলবাৰীৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে দিলে এই ৰায়
কিন্তু প্ৰতিবেদনখন চাই নলবাৰীৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে এই ৰায় দিয়ে যে, গোচৰটোৰ চূড়ান্ত প্ৰতিবেদন উপযুক্ত হিচাপে গ্ৰহণ কৰিব পৰা নাযাব,কিয়নো তদন্তকাৰী বিষয়াই গোচৰটোৰ সৈতে জড়িত মেটেৰিয়েল সংগ্ৰহ কৰা নাই, যিবোৰ আদালতত দাবী সমৰ্থন কৰিবলৈ পৰ্যাপ্ত বুলি গণ্য কৰা হয়।লগতে আদালতে লক্ষ্য কৰে যে আৰক্ষীয়ে ক্ৰয় কৰা সেই চিচিটিভি ফুটেজৰ কোনো জব্দৰ প্ৰতিবেদন পোৱা নাই আৰু তদন্তকাৰী বিষয়াই স্বতন্ত্ৰ সাক্ষীৰ উপস্থিতিত ইয়াৰ বিষয়বস্তু বিশ্লেষণ কৰা নাছিল।
এজাহাৰত শৰ্মাই অভিযোগ কৰিছিল যে, যোৱা ৭ মে’ৰ নিশা নলবাৰীৰ চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিৰ্বাচনী কৰ্তব্য পালন কৰি থকাৰ সময়তে ডেকাই “ ভোটদাতাৰ সন্মুখত তেওঁক অপদস্থ কৰিছিল আৰু ৰাজহুৱাভাৱে অশ্লীল শব্দৰে গালি-গালাজ পাৰিছিল”। অভিযোগ অনুসৰি ভয়-ভাবুকি আৰু হাৰাশাস্তিৰ পিছতে ৮ মে’ৰ পুৱা ১:৫০ বজাত “জীৱনৰ সুৰক্ষাৰ স্বাৰ্থত” ওলাই আহি নলবাৰী থানালৈ গৈ ডেকাৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে শৰ্মাই।
অৱশ্যে নলবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে এফআইআৰ পঞ্জীয়ন নকৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে নলবাৰী আৰক্ষী অধীক্ষক, ডিজিপিৰ ওচৰত এই বিষয়টো উত্থাপন কৰি শৰ্মাই অৱশেষত ডেকাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত লিখিত আবেদন দাখিল কৰে। ১৩ ছেপ্টেম্বৰৰ আদেশ মৰ্মে গুৱাহাটী উচ্চ ন্যায়ালয়ে শৰ্মাক অভিযোগৰ প্ৰতিকাৰৰ বাবে ন্যায়িক দণ্ডাধীশৰ কাষ চাপিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ পিছতে নলবাৰীৰ অতিৰিক্ত CJM আদালতত এই অভিযোগ দাখিল কৰা হয়।