Cyclone Dana Update: তীব্ৰ গতিৰে আগবাঢ়িছে 'ডানা'! অসমত কেতিয়া আৰু কোন কোন জিলাত পৰিব ইয়াৰ প্ৰভাৱ? | cyclone dana update storm will blow in kolkata assam also impact Assam news - Assam Tv9

Cyclone Dana Update: তীব্ৰ গতিৰে আগবাঢ়িছে ‘ডানা’! অসমত কেতিয়া আৰু কোন কোন জিলাত পৰিব ইয়াৰ প্ৰভাৱ?

শেহতীয়া আপডেট অনুসৰি, কলকাতা আৰু ইয়াৰ কাষৰীয়া জিলাবোৰত কম সময়ৰ ভিতৰতে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। দুপৰীয়াৰ পৰা আবেলিৰ ভিতৰত সৰ্বাধিক ৪০ কিলোমিটাৰ গতিৰে ধুমুহা অহাৰ আশংকা প্ৰকাশ কৰা হৈছে। 'ডানা'ৰ ক্ষয়ক্ষতি ৰোধৰ বাবে বিভিন্ন সতর্কতামূলক ব্যৱস্থা লোৱা হৈছে পশ্চিমবংগত। জনাসাধাৰণৰ সুবিধাৰ বাবে সাজু কৰি তোলা হৈছে নিয়ন্ত্ৰণ কক্ষ।

Cyclone Dana Update: তীব্ৰ গতিৰে আগবাঢ়িছে ডানা! অসমত কেতিয়া আৰু কোন কোন জিলাত পৰিব ইয়াৰ প্ৰভাৱ?

তীব্ৰ গতিৰে আগবাঢ়িছে 'ডানা'!

Updated On: 

24 Oct 2024 17:23 PM

পশ্চিমবংগত আৰম্ভ হৈছে ‘ডানা’ প্ৰভাৱ । নদী আৰু সাগৰে ইতিমধ্যে উপকূলীয় জিলাসমূহত ‘ডানা’ই প্ৰভাৱ দেখুৱাবলৈ আৰম্ভ কৰিছে। পুৱাৰে পৰা কলকাতা চহৰত ধাৰাবাহিকভাৱে অব্যাহত হৈ আছে বৰষুণ,বলিছে বতাহ । বৃহস্পতিবাৰে ৰাতিপুৱাৰ পৰা ডাৱৰীয়া হৈ আছে কলকাতাত আকাশ। পুৱা প্ৰায় ৮ বজাৰ পৰা আৰম্ভ হৈছে বৰষুণ।

শেহতীয়া আপডেট অনুসৰি, কলকাতা আৰু ইয়াৰ কাষৰীয়া জিলাবোৰত কম সময়ৰ ভিতৰতে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। দুপৰীয়াৰ পৰা আবেলিৰ ভিতৰত সৰ্বাধিক ৪০ কিলোমিটাৰ গতিৰে ধুমুহা অহাৰ আশংকা প্ৰকাশ কৰা হৈছে। ‘ডানা’ৰ ক্ষয়ক্ষতি ৰোধৰ বাবে বিভিন্ন সতর্কতামূলক ব্যৱস্থা লোৱা হৈছে পশ্চিমবংগত। জনাসাধাৰণৰ সুবিধাৰ বাবে সাজু কৰি তোলা হৈছে নিয়ন্ত্ৰণ কক্ষ।

বংগোপসাগৰত সৃষ্টি হোৱা তীব্র চাপৰ প্ৰভাৱত ‘ডানা’ ঘূৰ্ণীৰ উদ্ভৱ হৈছে আৰু ই অচিৰেই তীব্ৰ ৰূপ ধাৰণ কৰাৰ আশংকাৰ সৃষ্টি হৈছে । দেশৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি এই ঘূৰ্ণী বতাহে ওড়িশাৰ কণিকা পাৰ্ক আৰু ধামৰা বন্দৰৰ মাজৰ উপকূলত প্রথমে আঘাত হনাৰ আশংকা কৰা হৈছে । ওড়িশাত ‘ডানা’ৰ প্রভাৱ আটাইতকৈ বেছি পৰাৰ লগতে ইয়াৰ প্ৰভাৱত তীব্ৰ ধুমুহা আৰু বৃষ্টিপাত হোৱাৰ আশংকা ব্যক্ত কৰা হৈছে ।

আই এম ডিয়ে সদৰী কৰা তথ্য মতে বৃহস্পতিবাৰৰ নিশা বা ২৫ অক্টোবৰৰ পুৱাৰ ভাগত সামুদ্রিক ঘূর্ণী বতাহ ‘ডানা’ৰ ওড়িশাত প্ৰৱেশ কৰিব । লগতে পৰৱৰ্তী সময়ত পশ্চিমবংগৰ উপকুলীয় অঞ্চলত প্ৰৱেশ কৰিব । আই এম ডিয়ে ঘূৰ্ণী বতাহৰ গতিবেগ প্রতি ঘণ্টাত ১০০ৰপৰা ১১০ কিলোমিটাৰ হোৱাৰ লগতে ভূমিস্পৰ্শৰ সময়ত ইয়াৰ বেগ ১২০ কিলোমিটাৰলৈ বৃদ্ধি পাব বুলি সম্ভাৱনা ব্যক্ত কৰিছে।ইয়াৰ পাছতে ওড়িশা আৰু পশ্চিমবংগ চৰকাৰে উপকূলীয় অঞ্চলৰপৰা তাৰ বাসিন্দাসকলক স্থানান্তৰ কৰা কাম তীব্ৰতৰ কৰি তুলিছে ।

সামুদ্ৰিক ধুমুহাৰ ‘ডানা’ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰে’লৱেই দেশৰ আন ৰাজ্যৰ লগতে উত্তৰ-পূৰ্বাঞ্চললৈ পশ্চিমবংগ, ওড়িশাকে ধৰি দক্ষিণ ভাৰতৰ পৰা অহা-যোৱা কৰা কেবাখনো ৰে’লৰ চলাচল বাতিল কৰাৰ লগতে বহুকেইখন ৰে’লৰ নিয়ন্ত্ৰণ আৰু গতিপথৰ সলনি কৰিছে ।

ইফালে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ‘ডানা’ৰ প্ৰভাৱ পৰিব অসমত। ৰাজ্যখনৰ ধুবুৰী, গোৱালপাৰা, কোকৰাঝাৰ, কামৰূপ, কামৰূপ মহানগৰ, কৰিমগঞ্জ, পশ্চিম কাৰ্বি আংলং, হাইলাকান্দি, কাছাৰ, ডিমা হাছাও আৰু গোলাঘাট জিলাত বৰষুণ হ’ব । ইপিনে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি গুৱাহাটীত অহা ২৭ অক্টোবৰৰ পৰা ৩০ অক্টোবৰলৈ দিনৰ ভাগত ঘন কুঁৱলী পৰিব।

 

কাটাৰৰ সৈতে ভাৰতৰ ঘূৰ্ণীবতাহ 'ডানা'ৰ সম্পৰ্ক কি?
ধনতেৰাচৰ নিশা যম দেৱতাৰ নামত কিমান চাকি জ্বলাব লাগে?
E-69: পৃথিৱীৰ শেষৰটো পথ,য'ত ৬ মাহত হয় এটা দিন...
ভাৰতত থকা এই ঠাইসমূহলৈ যাব নোৱাৰে কোনো ভাৰতীয়!