দৰঙত চাঞ্চল্য! ৪ উদণ্ড ছাত্ৰৰ প্ৰহাৰত শ্ৰেণীকোঠাতেই প্ৰাণ গ'ল এজন ছাত্ৰৰ... | darrang student attack by 4 in class room died assam case Assam news - Assam Tv9

দৰঙত চাঞ্চল্য! ৪ উদণ্ড ছাত্ৰৰ প্ৰহাৰত শ্ৰেণীকোঠাতেই প্ৰাণ গ’ল এজন ছাত্ৰৰ…

Published: 

23 Sep 2024 12:26 PM

Assam: বিদ্যালয়তো সুৰক্ষিত নহয় ছাত্ৰ- ছাত্ৰী। ৪ ছাত্ৰৰ প্ৰহাৰত প্ৰাণ হেৰুৱালে নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰই। দৰঙত সংঘটিত হৈছে এই ঘটনা। ছাত্ৰগৰাকীৰ মৃত্যুৰ পাছতেই ঘটনাস্থলীত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে।

দৰঙত চাঞ্চল্য! ৪ উদণ্ড ছাত্ৰৰ প্ৰহাৰত শ্ৰেণীকোঠাতেই প্ৰাণ গল এজন ছাত্ৰৰ...

দৰং ছাত্ৰৰ মৃত্যু

Follow Us On

সোমবাৰে পুৱা বিদ্যালয়লৈ বুলি ওলাই যোৱা নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰ জীৱন্তে ঘূৰি নাহিল ঘৰলৈ। বিদ্যালয়ৰে একাংশ ছাত্ৰৰ প্ৰহাৰত প্ৰাণ হেৰুৱালে এজন কিশোৰে। এই ঘটনা সংঘটিত হৈছে দৰঙত। জানিব পৰা মতে দৰঙৰ পদুম পুখুৰী হাইস্কুলত দশম শ্ৰেণীত অধ্যয়ন কৰা একাংশ ছাত্ৰই নৱম শ্ৰেণীত অধ্যয়ন কৰা এজন ছাত্ৰক আক্ৰমণ কৰে। এই ঘটনাৰ ফলত মৃত্যু হয় ভৱেশ ডেকাৰ।  দেওবাৰৰ পৰাই তেওঁলোকৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল।

তথ্য অনুসৰি জানিব পৰা মতে শ্ৰেণী কোঠাৰ ভিতৰতেই দশম শ্ৰেণীৰ ৪ ছাত্ৰই প্ৰহাৰ কৰে ভৱেশ ডেকাক। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ভৱেশ ডেকাক মঙলদৈৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। ইয়াৰোপৰি আন এজন ছাত্ৰৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

মৃত ভৱেশ ডেকাৰ ঘৰ দৰঙৰ সেনাপতিপাৰাত। ভৱেশৰ আত্মীয়ই কয় যে আজি  (২৩ ছেপ্টেম্বৰ) পুৱা ভৱেশ স্কুললৈ বুলি ওলাই গৈছিল। কিন্তু ৯মান বজাত তেওঁলোকে স্কুলৰ পৰা ফোন পাইছিল যে ভৱেশৰ লগত কিবা অঘটন ঘটিছে। পৰৱৰ্তী সময়ত ভৱেশক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও ভৱেশ নামৰ ছাত্ৰজনে এই পৃথিৱীৰ পৰা চিৰ বিদায় লয়।

ভৱেশৰ পৰিয়ালে জনোৱা অনুসৰি ছাত্ৰগৰাকীয়ে কৈছিল যে তেওঁক কালি (দেওবাৰে) দশম শ্ৰেণীৰ ছাত্ৰকেইজনে ডিঙিত চেপি ধৰি মাৰপিট কৰিছিল। দেওবাৰে স্কুল বন্ধ আছিল যদিও পুখুৰী পাৰলৈ মাতি নি ছাত্ৰ কেইগৰাকীয়ে এই কাণ্ড সংঘটিত কৰিছিল। তাৰপাছতেই আজি এই ঘটনা সংঘটিত হয়। ভৱেশৰ  আত্মীয়ই জনোৱা অনুসৰি জোকোৱাক কেন্দ্ৰ কৰি তেওঁলোকৰ মাজত কাজিয়া হৈছিল।

অভিযোগ অনুসৰি আজি পুৱা দশম শ্ৰেণীৰ ৪ ছাত্ৰই ভৱেশক এটা শ্ৰেণীকোঠাইলৈ মাতি নি মাৰপিট কৰে। ঘুচিয়াই ঘুচিয়াই গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত কৰে ভৱেশক।  প্ৰত্যুত্তৰত ভৱেশেও তেওঁলোকক আক্ৰমণ কৰিছিল যদিও ৪ ছাত্ৰৰ আক্ৰমণত তেওঁৰ মৃত্যু হয়। অৱশ্যে কি কাৰণে এই ছাত্ৰ কেইজনৰ মাজত মাৰপিট লাগিছিল সেয়া এতিয়ালৈকে নিশ্চিতকৈ জানিব পৰা হোৱা নাই।

ইয়াৰোপৰি মাৰপিট কৰা এই উদণ্ড ছাত্ৰ কেইজনৰ নামো এতিয়ালৈকে কোনো প্ৰকাশ কৰা নাই। ছাত্ৰজনৰ মৃত্যুৰ পাছতেই ঘটনাস্থলীত তীব্ৰ উত্তেজনাই বিৰাজ কৰে। ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পাছতেই আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ বিৰাজ কৰিছে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

এই ঘটনাই ছাত্ৰ- ছাত্ৰীৰ নিৰাপত্তাৰ এটা দিশো উদঙাই দিছে। শিক্ষক- শিক্ষয়িত্ৰী থকাৰ পাছতো এখন বিদ্যালয়ৰ শ্ৰেণী কোঠাত কেনেদৰে এই নৃশংস ঘটনা সংঘটিত হ’বলৈ পালে সেয়া এক ডাঙৰ প্ৰশ্ন। কি পৰ্যায়ত কিশোৰ- কিশোৰীসকলৰ অপৰাধ প্ৰৱণতা বৃদ্ধি পাইছে সেয়াও এক ডাঙৰ বিষয়। এই ছাত্ৰগৰাকীৰ মৃত্যুৱে এতিয়া কেইবাটাও দিশ উন্মোচন কৰিব। সম্ভৱতঃ আৰক্ষীৰ তদন্তত বিদ্যালয় কৰ্তৃপক্ষও আহিব। পৰৱৰ্তী সময়ত এই ঘটনাৰ অধিক তথ্য জানিব পৰা যাব।

ভাত কেৰালাত সৰ্বাধিক কি ভিটামিন থাকে? ইয়াৰ উপকাৰীতাৰ বিষয়ে জানক
ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ পানীয় অধিক উপকাৰী, জানক সবিশেষ...
আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
অনেক গুণসম্পন্ন তিতা কেৰেলাত কি ভিটামিন অধিক থাকে, জানেনে?
Exit mobile version