5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

দৰংঃ একমাত্ৰ পুত্ৰ সন্তানক হেৰুৱাই শোকত ভাগি পৰিছে পিতৃ-মাতৃ; গ্ৰেপ্তাৰ এজন ছাত্ৰ, আটক ৩

Assam: ছাত্ৰৰ মৃত্যুক কেন্দ্ৰ কৰি দৰঙত সৃষ্টি হোৱা চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই। বৰ্তমানলৈ এজনক গ্ৰেপ্তাৰ কৰাৰ লগতে আন ৩ জনক আটক কৰিছে আৰক্ষীয়ে। একমাত্ৰ পুত্ৰ সন্তানক হেৰুৱাই শোকত ভাগি পৰিছে পিতৃ-মাতৃ।

দৰংঃ একমাত্ৰ পুত্ৰ সন্তানক হেৰুৱাই শোকত ভাগি পৰিছে পিতৃ-মাতৃ; গ্ৰেপ্তাৰ এজন ছাত্ৰ, আটক ৩
দৰং ছাত্ৰৰ মৃত্যু
Follow Us
barasha-sarma
Barasha Sarma | Published: 24 Sep 2024 08:47 AM

দৰঙত এগৰাকী ছাত্ৰৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হোৱা চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই। ২৩ ছেপ্টেম্বৰত দৰঙৰ পদুম পুখুৰী হাইস্কুলত সংঘটিত হৈছিল এক অনাকাংক্ষিত ঘটনা। ৪ ছাত্ৰৰ প্ৰহাৰত মৃত্যু হৈছিল নৱম শ্ৰেণীৰ ছাত্ৰ ভৱেশ ডেকাৰ।  ইতিমধ্যে এই হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিছে এজন ছাত্ৰই। বৰ্তমানলৈ আৰক্ষীয়ে এজন ছাত্ৰক গ্ৰেপ্তাৰ কৰাৰ লগতে আন ৩ জনক আটক কৰি সোধা- পোছা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। ইয়াৰ লগতে বিদ্যালয়খনৰ আন কৰ্মচাৰীসকলকো জেৰা চলাইছে আৰক্ষীয়ে।

আজি ফৰেন্সিক দলৰ উপস্থিতিত ভৱেশ ডেকাৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হ’ব জি এম চি এইচত। ইতিমধ্য়ে ছাত্ৰগৰাকীৰ মৃতদেহ মঙলদৈৰ পৰা গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে। সম্ভৱত মৰণোত্তৰ পৰীক্ষাৰ পাছতেই সন্ধিয়া স্ব- গৃহলৈ অনা হ’ব ভৱেশৰ মৃতদেহ আৰু তাৰ পাছতেই হ’ব শেষকৃত।

ৰাজ্য জোকাৰি যোৱা এই ঘটনাৰ পাছতেই অঞ্চলটোৰ শ শ জনতাই পাথৰিঘাট আৰক্ষী চকী ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰোপৰি ঘটনাক লৈ ভৱেশ ডেকাৰ বহু আত্মীয়ই কেইবাখনো  এজাহাৰা পাথৰিঘাট আৰক্ষী চকীত দাখিল কৰিছে বুলি জানিব পৰা গৈছে।

ঘটনা সন্দৰ্ভত বিদ্যালয়খনৰ এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে কয় যে, চেমিনাৰ হলত কিবা কামত ব্যস্ত থকাৰ সময়ত তেওঁলোকে আক্ৰমণৰ খবৰ পাইছিল। যেতিয়া তেওঁ শ্ৰেণীকোঠাত উপস্থিত হৈছিল তেতিয়া দেখিছিল যে ভৱেশ নামৰ ছাত্ৰজন অচেতন অৱস্থাত পৰি আছিল আৰু একাংশ ছাত্ৰ- ছাত্ৰীয়ে তেওঁক তেল মালিচ কৰি আছিল। তাৰ পাছতেই খবৰ দিয়া হৈছিল এম্বুলেন্সক।

এই ঘটনাৰ বাবে ছাত্ৰগৰাকীৰ পৰিয়ালৰ লগতে একাংশই বিদ্যালয় কৰ্তৃপক্ষকো জগৰীয়া কৰিছে। একাংশই কৈছে যে বিদ্যালয় কৰ্তৃপক্ষৰ অনুশাসনহীনতাৰ বাবে এনে কাণ্ড সংঘটিত হ’বলৈ পাইছে। ইয়াৰোপৰি ছাত্ৰজনক পলমকৈ হাস্পাতালত নিয়া বুলিও অভিযোগ উত্থাপন হৈছে। ইয়াৰ বিপৰীতে এই সমগ্ৰ বিষয়টোত এক প্ৰকাৰ অজ্ঞতা প্ৰকাশ কৰিছে বিদ্যালয় কৰ্তৃপক্ষই।

উল্লেখ্য যে, সোমবাৰে দৰঙৰ পদুম পুখুৰী হাইস্কুলত সংঘটিত হৈছিল মাৰপিটৰ ঘটনা। শ্ৰেণীকোঠাৰ ভিতৰত দশম শ্ৰেণীৰ ৪ ছাত্ৰই প্ৰহাৰ কৰিছিল ভৱেশ ডেকা নামৰ নৱম শ্ৰেণীৰ ছাত্ৰজনক। যাৰ ফলত মৃত্যু হৈছিল ভৱেশৰ। এই ঘটনাৰ পাছতেই একমাত্ৰ পুত্ৰ সন্তানক হেৰুৱাই এতিয়া শোকত ভাগি পৰিছে ভৱেশৰ পিতৃ- মাতৃ।

ভৱেশৰ পিতৃয়ে অভিযোগ উত্থাপন কৰা অনুসৰি দেওবাৰৰ পৰাই তেওঁলোকৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল। দেওবাৰে বিদ্যালয় বন্ধ আছিল যাৰ বাবে এই ৪ ছাত্ৰই ভৱেশক পুখুৰীৰ পাৰলৈ মাতি নি ডিঙি চেপি হত্যাৰ চেষ্টা চলাইছিল। এই কথা ভৱেশে পিতৃক জনাইছিল। পিতৃয়ে এই কথা বিদ্যালয় কৰ্তৃপক্ষক অৱগত কৰাব বিচাৰিছিল যদিও ভৱেশে এনে কৰাত বাধা আৰোপ কৰিছিল। কিন্তু তাৰ পাছতেই কালি সংঘটিত হয় এই অনাকাংক্ষিত ঘটনা।

জানিব পৰা মতে জোকোৱাক কেন্দ্ৰ কৰি ছাত্ৰ কেইজনৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল। বিদ্যালয়খনৰ একাংশ ছাত্ৰ- ছাত্ৰীয়ে জনাই যে প্ৰায়ে বিদ্যালয়খনত মাৰপিটৰ ঘটনা সংঘটিত হয়। সৰু সৰু কথাতেই দশম শ্ৰেণীৰ ছাত্ৰসকলে নৱম শ্ৰেণীৰ ছাত্ৰসকলক প্ৰহাৰ কৰিব বিচাৰে। ফিল্টাৰৰ পৰা পানী খোৱাকলৈও ভৱেশক দশম শ্ৰেণীৰ ছাত্ৰসকলে ভাবুকি দিছিল বুলি সতীৰ্থই জনায়। অৱশ্যে এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। তদন্ত আৰু মৰণোত্তৰ পৰীক্ষাৰ অন্ততহে পোহৰলৈ আহিব কিয় আৰু কেনেকৈ মৃত্যু হ’ল ভৱেশৰ।

Latest News