Db stock broking scam: ৭ হাজাৰ কোটি টকা লৈ পলায়ন কৰা দীপাংকৰ বৰ্মনক গ্ৰেপ্তাৰ আৰক্ষীৰ | Db stock broking scam dipankar barman arrested goa by guwahati police assam Assam news - Assam Tv9

Db stock broking scam: ৭ হাজাৰ কোটি টকা লৈ পলায়ন কৰা দীপাংকৰ বৰ্মনক গ্ৰেপ্তাৰ আৰক্ষীৰ

Db stock broking scam: আৰক্ষীৰ জালত পৰিল মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মন। ডি বি ষ্টকৰ নামত জনতাৰ পৰা কোটি কোটি টকা লুণ্ঠন কৰি পলায়ন কৰিছিল দীপাংকৰ বৰ্মনে। যোৱা কেইবাদিন ধৰি দীপাংকৰ বৰ্মনক বিচাৰি আৰক্ষীয়ে অভিযান চলাই আছিল।

Db stock broking scam:  ৭ হাজাৰ কোটি টকা লৈ পলায়ন কৰা দীপাংকৰ বৰ্মনক গ্ৰেপ্তাৰ আৰক্ষীৰ

দীপাংকৰ বৰ্মন গ্ৰেপ্তাৰ

Updated On: 

27 Oct 2024 21:11 PM

ডি বি ষ্টকৰ নামত কেইবা হাজাৰ কোটি টকা লুণ্ঠন কৰি পলায়ন কৰা দীপাংকৰ বৰ্মনক গ্ৰেপ্তাৰ আৰক্ষীৰ। দেওবাৰে মহানগৰ আৰক্ষীয়ে অভিযান চলাই গোৱাৰ পৰা গ্ৰেপ্তাৰ কৰে মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মনক। যোৱা কেইবাটা দিন ধৰি দীপাংকৰ বৰ্মনক বিচাৰি আৰক্ষীয়ে অভিযান চলাই আছিল। দীপাংকৰৰ ঠিকনা বিচাৰি পিতৃ- মাতৃকো জেৰা চলোৱা হৈছিল যদিও আৰক্ষীৰ জালত পৰা নাছিল দীপাংকৰ বৰ্মন। অৱশেষত গোৱাৰ পৰা গ্ৰেপ্তাৰ হয় দীপাংকৰ।

বিগত প্ৰায় ৬৬ দিন ধৰি পলাতক অৱস্থাত আছিল মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মন। ডিবি ষ্টকৰ স্বত্বাধিকাৰীগৰাকীয়ে বিগত কেইবাটা দিন ধৰি গোৱাত আত্মগোপন কৰি আছিল। গোৱাৰ পৰাই প্ৰৱঞ্চকগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী।  এচিপি অমিত মাহাতোৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে গ্ৰেপ্তাৰ কৰে তেওঁক। ইয়াৰ পূৰ্বে দীপাংকৰৰ ১২ টাকৈ বেংক একাউন্ট জব্দ কৰিছিল আৰক্ষীয়ে। অভিযোগ অনুসৰি দীপাংকৰে প্ৰায় ৭ হাজাৰ কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰিছিল। দীপাংকৰৰ জালত কেৱল ৰাজ্যৰে নহয়, দেশৰ বহুলোক পৰিছিল। ৰাজ্য কঁপাই যোৱা এই ট্ৰেডিং কেলেংকাৰীৰ তদন্ত বৰ্তমান চিবিআইয়ে কৰি আছে।

অভিযোগ অনুসৰি কেইবাখন ৰাজ্যৰ আৰক্ষীয়ে বিচাৰি আছিল দীপাংকৰক। কম টকাৰ বিনিময়ত অধিক টকা লাভৰ প্ৰলোভনেৰে দীপাংকৰে গ্ৰাহকসকলক জালত পেলাইছিল। এই কেলেংকাৰীত দীপাংকৰৰ প্ৰেমিকা মনালিছাৰ নামো সাঙোৰ খাই পৰিছিল। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দীপাংকৰৰ প্ৰেমিকাক।

গুৱাহাটীৰ জালুকবাৰীৰ তেতেলিয়াৰ বাসিন্দা দীপাংকৰ বৰ্মনে মহানগৰীৰ জি এছ ৰোডৰ উলুবাৰীত বিগত ৩ বছৰ ধৰি ডি বি ষ্টক কনছালটেন্সীৰ নামত এক বিত্তীয় প্ৰতিষ্ঠান খুলি সমগ্ৰ দেশতেই কোটি কোটি টকাৰ লুণ্ঠন কৰিছিল। সাধাৰণ ৰাইজে তেওঁৰ প্ৰতিষ্ঠানত ধন জমা ৰাখিলে এমাহত ৭ শতাংশ, দুমাহত ১৪ শতাংশ, ৬ মাহত ৫১ শতাংশ, ১ বছৰত ১২০ শতাংশ লাভেৰে ধন ঘূৰাই দিয়াৰ প্ৰলোভন দিছিল। এই প্ৰলোভনত পৰিয়েই বহুতে ধন বিনিয়োগ কৰিছিল।

উল্লেখ্য যে, বিগত কেইটামান মাহত ৰাজ্যত ট্ৰেডিং কেলেংকাৰীৰ লগত জড়িত কেইবাটাও খবৰ পোহৰলৈ আহিছে। ট্ৰেডিং কেলেংকাৰীৰ অভিযুক্ত হৈ বৰ্তমান জেলৰ ভাত খাই আছে বিশাল, চুমি বৰা, তাৰ্কিক বৰা, স্বপ্ননীল আদিৰ দৰে বহুতো। বিশাল, চুমি, স্বপ্ননীল আদিয়েও কম টকাৰ বিনিময়ত অধিক টকা লাভৰ প্ৰলোভন দেখুৱাই সাধাৰণ জনতাৰ পৰা টকা লুটিছিল।  বিগত সময়ত ৰাজ্যৰ বহু প্ৰান্তত অভিযান চলাই আৰক্ষীয়ে অনলাইন ট্ৰেডিঙৰ সৈতে জড়িত কেইবাগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল। বৰ্তমান এই সমগ্ৰ বিষয় সন্দৰ্ভত তদন্ত চলি আছে।

শীতকালত শুকান ছালৰ যত্ন কিদৰে ল’ব?
শচীন-ৰোহিত নহয়, এইগৰাকী তাৰকাৰ নামত আছে অপেনাৰ হিচাপে সৰ্বাধিক শতকৰ অভিলেখ
I phone 16 : নিষিদ্ধ হ'ল আইফোন- ১৬...
দীপাৱলীত এই স্থানত ৰাখক দেৱী লক্ষ্মীৰ পদচিহ্ন, ধনেৰে উপচি পৰিব ঘৰ!