সহজ ধন লাভৰ আশাত সৰ্বশ্ৰান্ত হ’ল জনতা! আৰক্ষীৰ জালত আত্মগোপন কৰা প্ৰৱঞ্চকৰ প্ৰেমিকা

ফোনযোগে দীপাংকৰ বৰ্মনক বিচাৰি হাহাকাৰ ভুক্তভোগী গ্ৰাহকৰ। তাৰ পাছত জালুকবাৰীস্থিত প্ৰবঞ্চক দীপাংকৰ বৰ্মনৰ ঘৰ ঘেৰাও কৰে একাংশ গ্ৰাহকে। মহানগৰীৰ বৰা ছাৰ্ভিচত সুবিশাল, আটকধুনীয়া কাৰ্যালয় খুলি চিট ফাণ্ডৰ নামত লুণ্ঠনৰাজ। এই ঘটনাৰ পাছতে বাতিল কৰা হৈছে প্ৰৱঞ্চক দীপাংকৰ বৰ্মনৰ ভিছা।

সহজ ধন লাভৰ আশাত সৰ্বশ্ৰান্ত হল জনতা! আৰক্ষীৰ জালত আত্মগোপন কৰা প্ৰৱঞ্চকৰ প্ৰেমিকা

ডি বি ষ্টকৰ প্ৰৱঞ্চনা

Published: 

21 Aug 2024 12:41 PM

আপুনিও অধিক ধন লাভৰ আশাত কোনো বিত্তীয় প্ৰতিষ্ঠানত বিনিযোগ কৰিছে নেকি? তেন্তে সাৱধান হওক। কাৰণ ৰাজ্য চৌদিশে একাংশ লোকে মেলিছে বিত্তীয় প্ৰতিষ্ঠান। ট্ৰেডিং এপ YBYৰ প্ৰবঞ্চনাৰ বিষয়ে পোহৰলৈ অহাৰ পিছতে
ৰাজ্যত পুনৰ সংঘটিত হৈছে বিত্তীয় প্ৰতিষ্ঠানৰ লুণ্ঠনৰ ঘটনা। এইবাৰ DB Stock Brokingত ধন বিনিয়োগ কৰি বিপদত পৰিছে গ্ৰাহকসকল। ধন দুগুণ হোৱাৰ লোভত বহু লোকে কৰিছিল বিনিয়োগ। হঠাতে ডি বি ষ্টক ব্ৰকিঙে কাৰ্যালয় বন্ধ কৰি দিয়াত বিপদত পৰিছে বিনিয়োগকাৰীসকল ।

সমগ্র প্ৰক্ৰিয়াৰ সৈতে জড়িত আছিল দীপাংকৰ বৰ্মন নামৰ এজন লোক । ডি বি ষ্টক কঞ্চালটেন্সী নামৰ বিত্তীয় প্ৰতিষ্ঠান খুলি কেইবা শ কোটি আত্মসাৎ কৰি পলায়ন দীপাংকৰ বৰ্মন নামৰ প্ৰৱঞ্চকটোৰ। প্ৰায় ৪ হাজাৰ কোটি টকা লুটি পলাল দীপাংকৰ বৰ্মন নামৰ এজন প্ৰবঞ্চকটো। দীপাংকৰ বৰ্মনৰে ছলাহী কথাত ভোল গৈ কোটিপতি হোৱাৰ আশাত শ শ লোকে ধন বিনিয়োগ কৰিছিল ডি বি ষ্টক ব্ৰ’কিং কোম্পানীত। বহুতে বেংকৰ সাঁচতীয়া ধন আনি বিনিয়োগ কৰিলে ডি বি ষ্টক ব্ৰ’কিঙত। কিন্তু হেৰুৱাবলগীয়া হ’ল কষ্টৰ ধনখিনি।

ফোনযোগে দীপাংকৰ বৰ্মনক বিচাৰি হাহাকাৰ ভুক্তভোগী গ্ৰাহকৰ। তাৰ পাছত জালুকবাৰীস্থিত প্ৰবঞ্চক দীপাংকৰ বৰ্মনৰ ঘৰ ঘেৰাও কৰে একাংশ গ্ৰাহকে। মহানগৰীৰ বৰা ছাৰ্ভিচত সুবিশাল, আটকধুনীয়া কাৰ্যালয় খুলি চিট ফাণ্ডৰ নামত লুণ্ঠনৰাজ। এই ঘটনাৰ পাছতে বাতিল কৰা হৈছে প্ৰৱঞ্চক দীপাংকৰ বৰ্মনৰ ভিছা। বিদেশ ভ্ৰমণ কৰিবলৈ ভিছা আবেদন কৰিছিল দীপাংকৰে। বিদেশলৈ যাতে পলায়ন কৰিব নোৱাৰে তাৰ বাবে এই ব্যৱস্থা প্ৰশাসনৰ।

 

ইতিমধ্যে, পাণবজাৰ মহিলা আৰক্ষী থানত উপস্থিত হৈছে দুই বিনিয়োগকাৰী মহিলা। এই দুয়োগৰাকী মহিলাই ক্ৰমে ৮০ লাখ আৰু ২০ লাখ টকা বিনিয়োগ কৰিছিল DB STOCK BROKINGত। ভাৰতৰ ২৩খন ৰাজ্যৰ মুঠ ১৬ হাজাৰ বিনিয়োগকাৰী আছিল DB STOCK BROKINGৰ। ইয়াৰ পাছতে প্ৰবঞ্চক দীপাংকৰৰ প্ৰেমিকা মনালিছা দাসক আটক পাণবজাৰ আৰক্ষীৰ। খাৰঘূলিৰ পৰা পাণবজাৰ আৰক্ষীয়ে আটক কৰে যুৱতীগৰাকীক। বৰ্তমান পাণবজাৰ মহিলা থানাত ৰখা হৈছে দীপাংকৰৰ প্ৰেয়সীক। পাণবজাৰ মহিলা থানাত মনালিছাক জেৰা কৰিছে আৰক্ষীয়ে।

তথ্য অনুসৰি কেৱল অসমতে নহয়, অষ্ট্ৰেলিয়াৰ বিনিয়োগকাৰীও আছে DB STOCK BROKINGত। অসমৰ লগতে মুম্বাই, হায়দৰাবাদ, বেংগালুৰু, ৰঙিয়া, নলবাৰী ইত্যাদি বিভিন্ন স্থানত আছে দীপাংকৰৰ কাৰ্যালয়।
য’ত লাখ লাখ টকা বিনিয়োগ কৰিছিল বিভিন্নজনে। জানিব পৰা মতে, হায়দৰাবাদত ২৫ কোটিৰ বিনিয়োগ আছে DB STOCK BROKINGত।

উৰুকাৰ নিশা চুৰি কৰা পৰম্পৰাৰ বিষয়ে জানেনে?
ওলাইছে নেকি শালমইনা? এই ঘৰুৱা পদ্ধতিৰে লাভ কৰিব পৰিত্ৰাণ!
কোনসকল লোকে মধুৰিআম খাব নালাগে?
মাঘ বিহুত কিয় জ্বলোৱা হয় মেজি? ইয়াৰ নিয়ম সম্পৰ্কে জানক...