5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

প্ৰৱঞ্চক দীপাংকৰৰ গোৱাৰ কোঠাৰ পৰা উদ্ধাৰ বৃ্হৎ পৰিমাণৰ ধন, সোণৰ আ-অলংকাৰ

ৰাজ্য কঁপাই যোৱা ট্ৰেডিং কেলেংকাৰীৰ আন এগৰাকী খলনায়ক ডি বি ষ্টক কাণ্ডৰ মাষ্টাৰমাইণ্ড মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মনক দেওবাৰে এক সফল অভিযানৰ অন্তত গোৱাৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। দীপাংকৰ লুকাই থকা গোৱাৰ কোঠাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে বৃ্হৎ পৰিমাণৰ ধনৰ লগতে বুজন পৰিমাণৰ সোণৰ আ-অলংকাৰ।

প্ৰৱঞ্চক দীপাংকৰৰ গোৱাৰ কোঠাৰ পৰা উদ্ধাৰ বৃ্হৎ পৰিমাণৰ ধন, সোণৰ আ-অলংকাৰ
মহাপ্ৰৱঞ্চক দীপাংকৰ
monjit-dutta
Monjit Dutta | Updated On: 28 Oct 2024 07:56 AM

আৰক্ষীৰ জালত পৰিছে ৰাজ্য কঁপাই যোৱা ট্ৰেডিং কেলেংকাৰীৰ ইজনৰ পিছত সিগৰাকী খলনায়ক। দেওবাৰে এই ট্ৰেডিং কেলেংকাৰী কাণ্ডৰ আন এগৰাকী মূল খলনায়ক মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ট্ৰেডিং কেলেংকাৰীৰ ঘটনা পোহৰলৈ অহাৰ পিছৰে পৰা বিগত প্ৰায় ৬৬ দিন আৰক্ষীৰ চকুত ধূলি দি পলাতক অৱস্থাত আছিল প্ৰৱঞ্চক দীপাংকৰ। হাজাৰ হাজাৰ কোটি টকাৰ লুণ্ঠনৰ অভিযোগত অভিযুক্ত দীপাংকৰে ৰাজ্যৰ বাহিৰত আত্মগোপন কৰা বুলি অনুমান কৰা হৈছিল যদিও তেওঁৰ সন্ধান লাভ কৰা নাছিল আৰক্ষীয়ে।

অৱশেষত দেওবাৰে এক সফল অভিযানৰ অন্তত গোৱাৰ পৰা দীপাংকৰ বৰ্মনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এচিপি অমিত মাহাতোৰ নেতৃত্বত মহানগৰ আৰক্ষীৰ এটা দলে গোৱাত আত্মগোপন কৰি থকা দীপাংকৰক গ্ৰেপ্তাৰ কৰে। অভিযান কালত আৰক্ষীৰ দলটোৱে দীপাংকৰ লুকাই থকা গোৱাৰ কোঠাৰ পৰা উদ্ধাৰ কৰিছে বৃ্হৎ পৰিমাণৰ ধন। লগতে বুজন পৰিমাণৰ সোণৰ আ-অলংকাৰো দীপাংকৰৰ গোৱাৰ কোঠাৰ পৰা জব্দ কৰিছে আৰক্ষীয়ে।

আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ বৰণৰ পিছতে কোঠাত লুকুৱাই ৰক্ষা ধন আৰু অলংকাৰসমূহ উলিয়াই দিয়ে দীপাংকৰে। প্ৰৱঞ্চক দীপাংকৰৰ গোৱাৰ কোঠাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰা ধনৰ পৰিমাণ ২৭ লাখ ৬ হাজাৰ টকা বুলি জানিব পৰা গৈছে। ইতিমধ্যে সোণৰ আ-অলংকাৰসমূহৰ লগতে এই বৃ্হৎ ধনৰাশিও জব্দ কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে অনলাইন ট্ৰেডিঙৰ জাল পেলাই হাজাৰ হাজাৰ কোটি টকা লুণ্ঠন চলাইছিল প্ৰৱঞ্চক দীপাংকৰে।

ইফালে কালি দীপাংকৰৰ গ্ৰেপ্তাৰৰ পিছতে ডি বি ষ্ট’কৰ নলবাৰীৰ কাৰ্যালয়ত তালাচী চলায় এই গোচৰৰ তদন্ত চলাই থকা কেন্দ্ৰীয় সংস্থা চিবিআইৰ এটা দলে। এই অভিযান কালত কাৰ্যালয়ৰ পৰা বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ জব্দ কৰা বুলি জানিব পৰা গৈছে। চিবিআইৰ এই অভিযানৰ সময়ত দীপাংকৰৰ খুড়াকে অভিযানকাৰী দলটোক সহযোগ আগবঢ়ায়।

উল্লেখ্য যে গুৱাহাটী মহানগৰীৰ জি এছ ৰোডৰ উলুবাৰীত ডি বি ষ্টক কনছালটেন্সীৰ নামত এক বিত্তীয় প্ৰতিষ্ঠান খুলি সমগ্ৰ দেশতে লুণ্ঠনৰ জাল পেলাইছিল মহাপ্ৰৱঞ্চকগৰাকীয়ে। তেওঁৰ প্ৰতিষ্ঠানত ধন বিনিয়োগ কৰিলে অভাৱনীয় হাৰত ধন ঘূৰাই দিয়াৰ প্ৰলোভন দিছিল দীপাংকৰে আৰু এই প্ৰলোভনত পৰি বহু লোকে ধন বিনিয়োগ কৰিছিল দীপাংকৰৰ ডি বি ষ্টকত। কিন্তু অনলাইন ট্ৰেডিং কেলেংকাৰীৰ ঘটনা পোহৰলৈ অহাৰ লগে লগে ওলাই প্ৰে দীপাংকৰৰ এই প্ৰৱঞ্চনাৰ কাৰচাজি।

ডি বি ষ্ট’কৰ নামত দীপাংকৰে প্ৰায় ৭ হাজাৰ কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে। ৰাজ্যৰ লগতে দীপাংকৰে পতা এই প্ৰৱঞ্চনাৰ জালত ভৰি দিছিল দেশৰ আন প্ৰান্তৰ লোকেও। এই কেলেংকাৰী পোহৰলৈ অহাৰ পিছতে অসম আৰক্ষী তদন্তত নামি পৰে। ইয়াৰ পিছতে আত্মগোপনকাৰী দীপাংকৰৰ সন্ধান্তত চলোৱা হয় ব্যাপক অভিযান। অভিযুক্ত দীপাংকৰ পিতৃ-মাতৃকো আৰক্ষীয়ে দীপাংকৰৰ সন্ধানত জেৰা চলাইছিল যদিও পোৱা নাছিল কোনো তথ্য।

ইয়াৰ পিছতে এই গোচৰ চিবিআইলৈ হস্তান্তৰ কৰা হয়। ইতিমধ্যে তদন্তৰ সময়ত মহা প্ৰৱঞ্চক দীপাংকৰৰ ১২ টাকৈ বেংক একাউন্ট জব্দ কৰা হৈছে। ইফালে এই কেলেংকাৰীত নাম সাঙোৰ খোৱা দীপাংকৰৰ প্ৰেমিকা মনালিছাকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এতিয়া দীপাংকৰৰ গ্ৰেপ্তাৰৰ পিছত এই কেলেংকাৰী গোচৰৰ বিশদ তথ্য উন্মোচন হ’ব বুলি আশা কৰা হৈছে।

Latest News