পুনৰ মহানগৰীৰ হোটেলৰ বন্ধ কোঠাত মৃতদেহ উদ্ধাৰ: ঘটনাক লৈ চাঞ্চল্য
সূত্ৰই জনোৱা মতে, ২৬ নৱেম্বৰৰ নিশা হোটেলখনলৈ আহিছিল লোকজন। মৃত ব্যক্তিজন দিল্লীৰ বাসিন্দা অনিল কুমাৰ বুলি চিনাক্ত কৰা হৈছে। কাম সম্পৰ্কত গুৱাহাটী ভ্ৰমণৰ সময়ত তেওঁ যোৱা চাৰি বছৰ ধৰি এই হোটেলখনত আছিল । ঘটনাটো বৃহস্পতিবাৰে নিশা সংঘটিত হোৱাৰ সন্দেহ হোটেল কৰ্তৃপক্ষই ।
অপৰাধৰ ৰম্যভূমিত পৰিণত গুৱাহাটী মহানগৰী। কঠোৰ প্ৰশাসন ব্যৱস্থাৰ পাছতো নিতৌ সংঘটিত হৈ আহিছে অপৰাধমুলক ঘটনা। মহানগৰীত পুনৰ হোটেলৰ বন্ধ কোঠাত মৃতদেহ উদ্ধাৰ। পল্টন বজাৰৰ এম্বেছী হোটেল এম্বেচাদৰৰ ১২২ নং কোঠাত উদ্ধাৰ মৃতদেহটো। হোটেলৰ কোঠাত শুই থকা অৱস্থাতে উদ্ধাৰ দিল্লীৰ অনিল কুমাৰৰ মৃতদেহ।
সূত্ৰই জনোৱা মতে, ২৬ নৱেম্বৰৰ নিশা হোটেলখনলৈ আহিছিল লোকজন। মৃত ব্যক্তিজন দিল্লীৰ বাসিন্দা অনিল কুমাৰ বুলি চিনাক্ত কৰা হৈছে। কাম সম্পৰ্কত গুৱাহাটী ভ্ৰমণৰ সময়ত তেওঁ যোৱা চাৰি বছৰ ধৰি এই হোটেলখনত আছিল । ঘটনাটো বৃহস্পতিবাৰে নিশা সংঘটিত হোৱাৰ সন্দেহ হোটেল কৰ্তৃপক্ষই ।
শুকুৰবাৰে মৃতদেহটো প্ৰত্যক্ষ কৰাৰ পাছত খবৰ দিয়া হয় আৰক্ষীক। খবৰ পোৱাৰ পাছত ঘটনাস্থলীত উপস্থিত হয় পল্টন বজাৰ আৰক্ষী আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰে। বৰ্তমানো চলি আছে ঘটনাটোৰ পৰৱৰ্তী অনুসন্ধান। হত্যা নে স্বাভাৱিক মৃত্যু এই তথ্য এতিয়াও পোহৰলৈ অহা নাই। যাক লৈ এতিয়া সৃষ্টি হৈছে চাঞ্চল্যৰ। স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ বাবে ব্যক্তিজনৰ মৃত্যু হোৱাৰ সন্দেহ ব্যক্ত কৰিছে আৰক্ষীয়ে। এতিয়ালৈ লাভ কৰা নাই কোনো সন্দেহজন তথ্য।
ইয়াৰ পূৰ্বেও গুৱাহাটীৰ হোটেলত উদ্ধাৰ হৈছিল IIT গুৱাহাটীৰ ছাত্ৰীৰ মৃতদেহ। নিশা জি এছ ৰোডৰ এখন বাৰত কৰিছিল পাৰ্টী। চলিত বৰ্ষৰ ১ জানুৱাৰীত পুৱা ৭ বজাত এখন হোটেলৰ কোঠাত উদ্ধাৰ হৈছিল যুৱতীগৰাকীৰ মৃতদেহ। মৃত ছাত্ৰীগৰাকীৰ ঘৰ তেলেংগানাত বুলি জানিব পৰা গৈছিল। যুৱতীগৰাকীৰ সৈতে আছিল দুই যুৱক আৰু এগৰাকী যুৱতীও। GMCHৰ চিকিৎসকে মৃত ঘোষণা কৰে ছাত্ৰীগৰাকীক। অত্যাধিক সুৰাপান কৰাৰ বাবে যুবতীগৰাকীৰ মৃত্যুৰ সন্দেহ কৰা হৈছিল।