চৰমপন্থা, হত্যা নে দুৰ্ঘটনা? বামুণীমৈদামৰ ৰে’ল লাইনত ফটোগ্ৰাফাৰৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য! | deadbody recovered in bamunimoidam guwahati how did photographer nitul nath die Assam news - Assam Tv9

চৰমপন্থা, হত্যা নে দুৰ্ঘটনা? বামুণীমৈদামৰ ৰে’ল লাইনত ফটোগ্ৰাফাৰৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য!

বামুণীমৈদামৰ অনুৰাধাত ৰে’ল লাইনত উদ্ধাৰ হোৱা এটা মৃতদেহটোক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। পুৱাই ৰে’ল লাইনত উদ্ধাৰ নিতুল নাথ নামৰ যুৱকজনৰ মৃতদেহ। ডিঙিত আঘাতৰ দিন স্পষ্ট হৈ আছে মৃতদেহটোৰ। নিতুল নাথে চৰম সিদ্ধান্ত লোৱাৰ বুলি সন্দেহ।

চৰমপন্থা, হত্যা নে দুৰ্ঘটনা? বামুণীমৈদামৰ ৰে’ল লাইনত ফটোগ্ৰাফাৰৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য!

বামুণীমৈদামৰ ৰে’ল লাইনত ফটোগ্ৰাফাৰৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য!

Published: 

07 Nov 2024 14:08 PM

মহানগৰীৰ বামুণীমৈদামত উদ্ধাৰ কৰা হৈছে এটা মৃতদেহ। বামুণীমৈদামৰ ৰে’ললাইনত উদ্ধাৰ মৃতদেহটো। মৃতদেহটোৰ ডিঙিত আছে আঘাতৰ স্পষ্ট চিন। স্থানীয় লোকে ঘটনাটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক। প্ৰথমে মৃত লোকজন চিনাক্ত হোৱা নাছিল যদিও পাছত পোহৰলৈ আহে লোকজনৰ পৰিচয় ।

বামুণীমৈদামৰ অনুৰাধাত ৰে’ল লাইনত উদ্ধাৰ হোৱা এটা মৃতদেহটোক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। পুৱাই ৰে’ল লাইনত উদ্ধাৰ নিতুল নাথ নামৰ যুৱকজনৰ মৃতদেহ।  স্থানীয় লোকে প্ৰত্যক্ষ কৰে  নিতুল নাথৰ মৃতদেহ। পাছত খবৰ দিয়ে আৰক্ষীক  ডিঙিত আঘাতৰ দিন স্পষ্ট হৈ আছে মৃতদেহটোৰ। নিতুল নাথে চৰম সিদ্ধান্ত লোৱাৰ বুলি সন্দেহ। জানিব পৰা মতে আজি পুৱা নিজৰ ঘৰৰ পৰা ওলাই আহিছিল নিতুল নাথ।

মৃত নিতুল নাথৰ ঘৰ মহানগৰীৰ চানমাৰিৰ জ্যোতিনগৰত বুলি জানিব পৰা গৈছে। মৃত নিতুল নাথ আছিল এগৰাকী ফটোগ্ৰাফাৰ। পিছে চৰম সিদ্ধান্ত, হত্যা নে দুৰ্ঘটনা? কেনেকৈ মৃত্যু হৈ ফটোগ্ৰাফাৰ নিতুল নাথৰ? এই পৰ্যন্ত নিশ্চিত হোৱা নাই নিতুল নাথৰ মৃত্যুৰ কাৰণ। মৰণোত্তৰ পৰীক্ষাৰ পাছতহে এই সত্য পোহৰলৈ আহিব।

ইফালে পুনৰ মৰণফান্দত পৰিণত গুৱাহাটী মহানগৰীৰ ৰাজপথ। মহানগৰীৰ ৰাজপথত সংঘটিত হৈছে আন এক শোকাৱহ ঘটনা। ৰাজপথত থকা  পুখুৰীসদৃশ বৃহৎ গাঁতত পৰি মৃত্যু হয় এজন ছাত্ৰৰ। ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ বাবে খন্দা গাঁতত পৰি মৃত্যু ছাত্ৰজনৰ।  গুৱাহাটী মহানগৰীৰ গৰলীয়াত সংঘটিত হৈছে এই অঘটন। গাঁতত পৰি মৃত্যু লখৰা লালুংগাঁৱৰ দশম শ্ৰেণীৰ ছাত্ৰ বিশাল দাসৰ। ৩ সমনীয়াৰ সৈতে গা ধুবলৈ গৈ মৃত্যুমুখত পৰে ছাত্ৰজন। বেতকুছি হাইস্কুলত অধ্যয়নৰত আছিল বিশাল। ঘাইপথ সম্প্ৰসাৰণৰ বাবে মাটি কটাৰ বাবে সৃষ্টি হৈছিল বৃহৎ গাঁত।

সূৰ্যাস্তৰ পিছত বা নিশা গা ধোৱাটো কিয় অশুভ বুলি কোৱা হয়?
তুলসী গছত আগবঢ়াওক এইসমূহ সামগ্ৰী, কেতিয়াও নহ'ব ধনৰ অভাৱ!
পুৱা উঠিয়েই ফোন চোৱাৰ অভ্যাস আছে নেকি? তেন্তে সাৱধান!
কেতিয়াও আদান-প্ৰদান নকৰিব এই সামগ্ৰী, হ'ব ধনৰ সমস্যা