FIR Against Bhargav Borbora : পুনৰ ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে ৰাজ্যিক মানৱ অধিকাৰ আয়োগত এজাহাৰ…
ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে মানৱ অধিকাৰ আয়োগত এজাহাৰ দাখিল কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । দেৱব্ৰত শইকীয়াই সদৰী কৰা মতে, ৰাজ্যিক মানৱ অধিকাৰ আয়োগ আৰু আৰক্ষী দায়বদ্ধতা আয়োগৰ ওচৰত দাখিল কৰিছে এই এজাহাৰ ।
নিলম্বিত পাণবজাৰ আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে মানৱ অধিকাৰ আয়োগত এজাহাৰ দাখিল কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । দেৱব্ৰত শইকীয়াই সদৰী কৰা মতে, ৰাজ্যিক মানৱ অধিকাৰ আয়োগ আৰু আৰক্ষী দায়বদ্ধতা আয়োগৰ ওচৰত দাখিল কৰিছে এই এজাহাৰ । এই এজাহাৰ নিলম্বিত আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে দাখিল কৰা বুলি স্পষ্ট কৰি দিছে দেৱব্ৰত শইকীয়াই ।
শইকীয়াই সদৰী কৰে যে, নিলম্বিত আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন হৈছে । সেইদিনা জ্ঞানদ্বীপ হাজৰিকা নামৰ এজন ছাত্ৰক সামাজিকভাৱে অপদস্থ কৰে আৰক্ষীৰ বিষয়াগৰাকীয়ে । প্ৰায়ে অসমত আৰক্ষীয়ে এইধৰণে আইন হাতত তুলি লয় । আৰক্ষীয়ে কেতিয়াও আইন হাতত তুলিব নালাগে । কিয়নো ইয়াৰ বাবে ন্যায় প্ৰক্ৰিয়া বা ন্যায়ালয় আছে বুলি উল্লেখ কৰে বিধানসভাৰ বিৰোধী দলপতি গৰাকীয়ে ।
তেওঁ কয় যে, ট্ৰেফিক অৱমাননা কৰিলে হয়তো ১০০০ পৰা ২০০০ টকা জৰিমান বিহা হয় । কিন্তু ছাত্ৰজনক আৰক্ষী বিষয়াগৰাকীলে যেনেধৰণে মানসিক আৰু শাৰীৰিক অত্যাচাৰ কৰিলে, যিটো এটা দুখজনক ঘটনা বুলি অভিহিত কৰে দেৱব্ৰত শইকীয়াই । ‘ পাণবজাৰ বা ফাঁচিবজাৰ দৰে এটা জনবহুল এলেকাত এই ধৰণৰ ঘটনা সংঘটিত হোৱাটো দুভাগ্যজনক । এইধৰণৰ ঘটনা একেজন বিষয়াই কৰি আহিছে ।’ এজাহাৰ দাখিল কৰা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি এইদৰে কয় দেৱব্ৰত শইকীয়াই ।
ইয়াৰ সমান্তৰালভাৱে তেওঁ কয় যে, এই ঘটনাবোৰ এটা চিন্তাৰ বিষয় । কিয়নো অসমৰ বিভিন্ন অঞ্চলত আন আৰক্ষী বিষয়াসকলেও এই ধৰণৰ আচৰণ কৰিছে নেকি সেই কথাও চাবলগীয়া । গতিকে সামগ্ৰিকভাৱে এই বিষয়টো চাবলৈ অনুৰোধ জনোৱা হৈছে বুলি জানিবলৈ দিছে শইকীয়াই । তেওঁ কয় যে, আৰক্ষী বিষয়া বদলি বা পোষ্টিং কৰা সময়ত ক’ত পোষ্টিং দিব সেই কথা সূক্ষ্মভাৱে চাব লাগে ।
ইফালে নাজিৰাত দুই সাংবাদিকক আৰক্ষীয়ে অপদস্থ কৰাক লৈয়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দেৱব্ৰত শইকীয়াই । তেওঁ কয় যে, প্ৰেছ দিৱসৰ দিনা নাজিৰাৰ অএনজিচি কলনিলৈ যাবলৈ লোৱা দুজন সাংবাদিকক অসম আৰক্ষীয়ে অপদস্থ কৰাৰ উপৰিও তেওঁলোকক মাৰিবলৈ বন্দু উলিয়াই লৈছিল বুলি অভিযোগ উত্থাপন হৈছে । একেদৰে যোৰহাট জিলাত এগৰাকী মহিলাৰ সন্তানক এগৰাকী আৰক্ষীয়ে অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে । এই সকলোবিলাক কথাও এজাহাৰত উল্লেখ কৰা হৈছে বুলি সদৰী কৰিছে দেৱব্ৰত শইকীয়াই । লগতে উচিত শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে দেব্ৰৱত শইকীয়াই ।