শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ঢকুৱাখনা কাণ্ডঃ ছিন্ন মুণ্ডটো কাৰ আছিল? DNA ৰিপোৰ্টত পোহৰলৈ আহিল ভয়ংকৰ সত্য…

Sunil gogoi case: ঢকুৱাখনাৰ সুনীল গগৈ- জাহাংগীৰ হুচেইন কাণ্ডৰ কথা মনত আছে নে? পুনৰ বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে বিষয়টোয়ে। কিয়নো পোহৰলৈ আহিছে ছিন্নমুণ্ডাৰ ডি এন এ ৰিপোৰ্ট।

ঢকুৱাখনা কাণ্ডঃ ছিন্ন মুণ্ডটো কাৰ আছিল? DNA ৰিপোৰ্টত পোহৰলৈ আহিল ভয়ংকৰ সত্য…
সুনীল গগৈImage Credit source: news18assam
barasha-sarma
Barasha Sarma | Updated On: 20 Feb 2025 16:38 PM

ৰাজ্য কঁপাই যোৱা ঢকুৱাখনাৰ নৃশংস হত্যাকাণ্ডৰ কথা মনত আছেনে?  এজনলোকৰ মুণ্ডহীন মৃতদেহ উদ্ধাৰ হোৱাৰ কেইমাহ মানৰ পাছতে উদ্ধাৰ হৈছিল এটা ছিন্ন মুণ্ড। এই ছিন্নমুণ্ড উদ্ধাৰৰ পাছত চিনাক্তৰ বাবে আৰক্ষীয়ে ডি এন এ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছিল। শেহতীয়াকৈ পোহৰলৈ অহা সেই ডি এন এৰ প্ৰতিবেদনত স্পষ্ট হৈ পৰিছে যে ঢকুৱাখনাত উদ্ধাৰ হোৱা ছিন্ন মুণ্ডটো আছিল মিস্ত্ৰী জাহাংগীৰ হুছেইনৰ ।

২০২৪ চনৰ জুন মাহত সংঘটিত হোৱা সেই ভয়ংকৰ কাণ্ড কোনো চিনেমাতকৈ কম নাছিল ।  ১ জুনৰ দিনা ঢকুৱাখনাৰ সাপতীয়া চেতিয়া গাঁৱত উদ্ধাৰ হৈছিল এটা আধা জ্বলা মৃতদেহ। এই মৃতদেহটোৰ ওচৰত পৰি ৰৈছিল ঢকুৱাখনাৰ জলজীৱন মিছনৰ ঠিকাদাৰ সুনীল গগৈৰ কাপোৰ। যাৰ বাবে মৃতদেহটো সুনীল গগৈৰ বুলি ভাবি পৰিয়ালৰলোকে শেষকৃত্য কৰিছিল।

কিন্তু পৰৱৰ্তী সময়ত এই ঘটনাই ৰং সলাইছিল। কিয়নো উদ্ধাৰ হোৱা মৃতদেহটো সুনীলৰ নাছিল, আছিল তেওঁলোকৰ ঘৰত কাম কৰা মিস্ত্ৰী জাহাংগীৰৰ। কিন্তু বহু দিনৰ পাছতো মৃতদেহটোৰ ছিন্ন মুণ্ড উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল তদন্তকাৰী দল। এই ঘটনাক লৈ তদন্ত চলি থকাৰ মাজত কেইমাহমান পূৰ্বে মাছমৰীয়াৰ জালত পৰিছিল এটা ছিন্ন মুণ্ড। অৱশ্যে উদ্ধাৰ হোৱা এই মুণ্ডটো সুনীলৰ নহয় বুলি সেই সময়তে স্পষ্ট কৰিছিল পত্নীয়ে।

ইয়াৰ  পাছতে ডি এন এ পৰীক্ষাৰ বাবে চি আই ডিয়ে ছিন্ন মুণ্ডৰ নমুনা হায়দৰাবাদৰ ফৰেনচিকলৈ প্ৰেৰণ কৰিছিল। সেই ফৰেনচিক প্ৰতিবেদনতো স্পষ্ট হৈছে যে, সেই ছিন্ন মুণ্ড সুনীল গগৈৰ নহয়। সেয়া আছিল জাহাংগীৰ হুছেইনৰে মুণ্ড।

উল্লেখ্য যে, তদন্তকাৰী আৰক্ষীৰ মতে সুনীল গগৈ এতিয়াও জীয়াই আছে। দেশৰ বাহিৰৰ কোনো ঠাইত তেওঁ আত্মগোপন কৰি আছে। কিন্তু কিহৰ বাবে সুনীল গগৈয়ে নিজৰ হত্যাৰ নাটক ৰচিলে সেয়া এক ডাঙৰ প্ৰশ্ন।  এই ঘটনাৰ তদন্তৰ সময়ত আৰক্ষীৰ হাতত পৰিছিল সুনীল গগৈৰ এটা বীমাৰ সবিশেষ । এই বীমা অনুসৰি সুনীলৰ মৃত্যু হ’লে ৪০ লাখ টকা পাব পৰিয়ালৰলোকে।   এনে পৰিস্থিতিত সুনীলে টকাৰ বাবে এনে নাটক ৰচা বুুলি আৰক্ষীয়ে সন্দেহ কৰিছিল।

এই ঘটনাৰ প্ৰায় ৭ মাহ হ’ল। কিন্তু আজিলৈ সুনীলৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম নহ’ল আৰক্ষী। এই ঘটনাৰ তদন্তত আৰক্ষীৰ আওতালৈ আহিছে সুনীলৰ পত্নী পুষ্পা গগৈ,বয়স্ক মাতৃ,ভাতৃ জয়ন্ত গগৈ আৰু পুত্ৰ সৌৰভ গগৈকে ধৰি বিভিন্নজন। কিন্তু মাহৰ পাছত মাহ ধৰি কৰা তদন্তৰ অন্ততো এই ঘটনাটো এতিয়া এক সাঁথৰ হৈয়ে ৰৈ গৈছে। গতিকে সুনীল ক’ত আছে, কোনে কেনেকৈ জাংহাগীৰৰ প্ৰাণ ল’লে, ইয়াৰ আঁৰত কাৰণ কি আদি সকলোবোৰ আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব।

 

অন্য খবৰ পঢ়কঃ জীয়াই আছে সুনীল গগৈ! বৰ্বৰ কাণ্ডৰ আঁৰত ৪০ লাখ টকাৰ বীমা নেকি?

ছিন্নমুণ্ড লৈ CIDয়ে আৰম্ভ কৰিছে তদন্ত, সুনীল গগৈৰ পুত্ৰ-ভতিজাৰ DNA সংগ্ৰহ