5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ছিন্নমুণ্ড হৈ CIDয়ে আৰম্ভ কৰিছে তদন্ত, সুনীল গগৈৰ পুত্ৰ-ভতিজাৰ DNA সংগ্ৰহ

ঢকুৱাখনাৰ জাহাংগীৰ হুচেইন হত্যাকাণ্ডই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য। দিনৰ পাছত দিন ধৰি আৰক্ষীয়ে অভিযান চলাই বিফল হোৱাৰ পাছত মাছমৰীয়াৰ জালত উদ্ধাৰ হৈছিল এটা ছিন্নমুণ্ড। এই ছিন্নমুণ্ডটোক লৈ এতিয়া তদন্তকাৰী সংস্থা চিআইডিয়ে অভিযান আৰম্ভ কৰিছে।

ছিন্নমুণ্ড হৈ CIDয়ে আৰম্ভ কৰিছে তদন্ত, সুনীল গগৈৰ পুত্ৰ-ভতিজাৰ DNA সংগ্ৰহ
সুনীল গগৈ, জাহাংগীৰ হুচেইন
barasha-sarma
Barasha Sarma | Published: 02 Dec 2024 14:59 PM

পুনৰ এবাৰ চৰ্চালৈ আহিছে ৰাজ্য কঁপাই যোৱা জাহাংগীৰ হুচেইন হত্যাকাণ্ডৰ ঘটনা। বিগত প্ৰায় ৬ মাহ ধৰি জাহাংগীৰৰ ছিন্নমুণ্ড বিচাৰি বিচাৰি ভাগৰি পৰা অসম আৰক্ষীৰ ফোঁপোলা স্বৰূপ উদঙাই তুলিলে কেইজনমান মাছমৰীয়াই। যোৱা শনিবাৰে ঘিলামাৰা থানাৰ অন্তৰ্গত শিঙিয়া দলঙৰ তলৰ এট ডুবিত বস্তাত প্ৰকাণ্ড শিলসহ ভৰাই পেলাই দিয়া অৱস্থাত মাছমৰীয়াৰ জালত উদ্ধাৰ হয় এটা ছিন্নমুণ্ড। ইয়াৰ লগে লগে ফাইল হাতত লৈ বহি থকা চিআইডিৰ তদন্তই এক নতুন গতি লাভ কৰে।

অৰ্ধগলিত মুণ্ডটো আৰক্ষীয়ে জব্দ কৰি সংৰক্ষণ কৰি ৰখাৰ সময়তে দেওবাৰে নিশা ঢকুৱাখনাত উপস্থিত হয় চিআইডি (CID) দল। উপ- আৰক্ষী অধীক্ষক ৰবীন ডেকাৰ নেতৃত্বত অহা দলটোৱে সোমবাৰে দুপৰীয়া ছিন্নমুণ্ড উদ্ধাৰ হোৱা অঞ্চলটো পৰিদৰ্শন কৰে। লগতে ছিন্নমুণ্ড  উদ্ধাৰ কৰা মাছমৰীয়া কেইজনৰ পৰা ঘটনাৰ বিষয়ে সবিশেষ তথ্য সংগ্ৰহ কৰে। ইয়াৰ পাছতে ঢকুৱাখনা আৰু ঘিলামৰা আৰক্ষীৰ সহযোগত তদন্তকাৰী দলটোৱে অগ্নিদগ্ধ অৱস্থাত জাহাংগীৰৰ মৃতদেহ উদ্ধাৰ হোৱা স্থানত উপস্থিত হৈ ছিন্নমুণ্ডা উদ্ধাৰ হোৱা স্থানৰ দূৰত্ব, মেপ আদি পৰ্যবেক্ষণ কৰে।

ইতিমধ্যে ছিন্নমুণ্ডাৰ ফৰেনচিক পৰীক্ষাৰ ব্যৱস্থা কৰিছে চি আই ডিয়ে। লগতে সুনীল গগৈৰ ভতিজা, পুত্ৰৰো ডি এন এ সংগ্ৰহ কৰিছে। লখিমপুৰ মেডিকেল কলেজৰ পৰা ছিন্নমুণ্ড আদালতৰ জৰিয়তে চিআইডিয়ে গুৱাহাটীলৈ অনাৰ ব্যৱস্থা কৰিব। ডি এন এ পৰীক্ষাৰ অন্ততহে জানিব পৰা যাব উদ্ধাৰ হোৱা ছিন্নমুণ্ডটো কাৰ।

ইফালে চি আই ডিৰ তদন্তত অসন্তুষ্টি প্ৰকাশ কৰিছ সুনীল গগৈৰ পৰিয়ালৰলোক। আৰক্ষীয়ে দাবী কৰে যে সুনীল গগৈ এতিয়াও জীয়াই আছে। তেনে ক্ষেত্ৰত সুনীল গগৈৰ পৰিয়ালে আৰক্ষীক দাবী জনাইছে যে যদি এই সমগ্ৰ ঘটনাত সুনীল গগৈ জড়িত আছে তেন্তে তেওঁক বিচাৰি উলিয়াই উচিত শাস্তি দিয়ক। কিন্তু এই পৰ্যন্ত সুনীলৰ কোনো তথ্য প্ৰকাশ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।

উল্লেখ্য যে, চলিত বৰ্ষৰ ১ জুনত ঢকুৱাখনাৰ সাপতীয়া চেতিয়া গাঁৱত সংঘটিত এক ভয়ংকৰ হত্যাকাণ্ডই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য। প্ৰায় সম্পূৰ্ণ জ্বলি যোৱা অৱস্থাত উদ্ধাৰ হৈছিল ছিন্নমুণ্ড এটা মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহটোৰ কাষতেই পৰি ৰৈছিল বিজেপি কিষান মৰ্চাৰ সাধাৰণ সম্পাদক তথা ঠিকাদাৰ সুনীল গগৈ পৰিধান কৰা কাপোৰ। যিহেতু মৃতদেটো চিনাক্ত কৰিব পৰা অৱস্থাত নাছিল গতিকে ধাৰণা কৰা হৈছিল মৃতদেহটো সুনীল গগৈৰ। কিন্তু পৰৱৰ্তী  সময়ত প্ৰমাণ হৈছিল যে এই মৃতদেহটো আছিল জাহাংগীৰ হুচেইনৰ।

ঘটনাৰ ৬ মাহ উকলি যোৱাৰ পাছত আৰক্ষী তথা তদন্তকাৰী সংস্থাই জাহাংগীৰৰ ছিন্নমুণ্ড উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল। ইয়াৰ বিপৰীতে এতিয়ালৈকে সুনীল গগৈৰ সন্ধান উলিওৱাতো বিফল হৈ পৰিছে তদন্তকাৰী সংস্থা। এনেবোৰ কাৰ্যই অসম আৰক্ষীৰ ফোঁপোলা স্বৰূপ এটা উদঙাই তোলাৰ লগতে ৰাজ্যৰ ন্যয় ব্যৱস্থাটোৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে। মন কৰিবলগীয়ে যে, যিটো ছিন্নমুণ্ড বিচাৰি আৰক্ষীয়ে দিনৰ পাছত দিন তদন্ত চলাইছিল সেই ছিন্নমুণ্ড উদ্ধাৰ হৈছিল মাছমৰীয়াৰ জালত।  অৱশ্যে এই ছিন্নমুণ্ড কাৰ সেয়া আৰক্ষীৰ তদন্ত পোহৰলৈ আহিব।

Latest News