ধিং কাণ্ডঃ গ্ৰেপ্তাৰ তফাজ্জুল, অভিযুক্তক ফাঁচী অথবা এনকাউন্টাৰৰ দাবী প্ৰতিবাদকাৰীৰ

সকলোৱে ঐক্যবদ্ধ প্ৰতিবাদ কৰিব লাগিব। হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাই চলিহাই কয় যে, আপোনাৰ অসম চৰকাৰৰ পৰা তিনিটা গুলী তিনিটা পাষাণ্ডৰ মূৰত মাৰিব লাগিব।

ধিং কাণ্ডঃ গ্ৰেপ্তাৰ তফাজ্জুল, অভিযুক্তক ফাঁচী অথবা এনকাউন্টাৰৰ দাবী প্ৰতিবাদকাৰীৰ

ধিং কাণ্ড

Published: 

23 Aug 2024 16:31 PM

প্ৰতিবাদত উত্তাল হৈ পৰিছে অসম। ধিং কন্যাৰ ন্যায় বিচাৰি ওলাই আহিছে ৰাইজ। ধিঙৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত খিলঞ্জীয়া অসমীয়া, ইছলাম ধৰ্মীৰ লোক, খিলঞ্জীয়া মুছলমানসকল ওলাই আহি ভুক্তভোগীৰ ন্যায় বিচৰাৰ লগতে দোষীৰ শাস্তিৰ দাবী জনাইছে। উল্লেখ্য যে, বৃহস্পতিবাৰে (২২ আগষ্ট) সন্ধিয়া টিউচনৰ পৰা ঘৰলৈ উভতাৰ পথতেই এগৰাকী কিশোৰীৰ লগত দলবদ্ধ ধৰ্ষণৰ ঘটনা সংঘটিত হয়। অভিযোগ অনুসৰি ৩ পাষণ্ডই মিলি দশম শ্ৰেণীৰ ছাত্ৰীগৰাকীক দলবদ্ধ ধৰ্ষণ কৰে। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তফাজ্জুল ইছলামক।

এই ধৰ্ষণ কাণ্ডত জোনাইদুল ইছলামৰ লগতে আন এজনো জড়িত আছে বুলি অভিযোগ উঠিছে। এজন ধৰ্ষণকাৰী বৰ্তমান পলাতক অৱস্থাত আছে আৰু আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে। এই ঘটনাৰ পিছতে প্ৰতিবাদত উত্তাল হৈ পৰিছে অসমৰ বিভিন্ন অঞ্চল। প্ৰতিবাদকাৰী সকলে দোষীৰ এনকাউন্টাৰ অথবা ফাঁচী দিয়াৰ দাবী জনাইছে। সমগ্ৰ অসমে একেমুখে কৈছে – Justice for ধিং কন্যা…

বীৰ লাচিত সেনাৰ শৃংখল চলিহাই প্ৰতিবাদ সাব্যস্ত কৰি কয় যে, আমাৰ কোনো যুৱতীৰ গাত যাতে কোনোৱে হাত দিব নোৱাৰে আমি তাৰ বাবে সজাগ হ’ব লাগিব। সকলোৱে ঐক্যবদ্ধ প্ৰতিবাদ কৰিব লাগিব। হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাই চলিহাই কয় যে, আপোনাৰ অসম চৰকাৰৰ পৰা তিনিটা গুলী তিনিটা পাষাণ্ডৰ মূৰত মাৰিব লাগিব।

এই ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, লোকসভা নিৰ্বাচনৰ পাছত অসমত এনেকুৱা ২২ টা ঘটনা সংঘটিত হৈছে। আজি এয়া ২৩ নম্বৰ। এই গোটেই কেইটা ঘটনাৰ লগত এটা বিশেষ ধৰ্মৰ লোক জড়িত হৈ আছে। আমি ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম। নামনি, মধ্য অসম, বৰাক উপত্যকা আদিৰ দৰে ঠাইত আমাৰ মানুহখিনি ভয় আৰু শংকাত থাকে। অসমৰ মানুহে যিমান সোনকালে এই কথা বুজি সিমানেই ভাল। বাকী আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰিম। যি যি ঠাইত আমাৰ খিলঞ্জীয়ালোক সংখ্যালঘু হৈছে সেই ঠাইত সমস্যা হৈছে। অসমত কিবা এটা হ’লেই অসমীয়া- বঙালী কৰি থাকে। কিন্তু বঙালীয়ে এনে কাণ্ড নকৰে। এটা বিশেষ সম্প্ৰদায়ৰলোকে এই কাম কৰে।

 

আনহাতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় অসম আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে। তেওঁ কয় যে, কিশোৰীগৰাকীৰ বয়স ১৪ বছৰীয়া। পকচো আইন আৰু ধৰ্ষণৰ গোচৰ ৰুজু কৰি তদন্ত চলাই থকা হৈছে । মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ইয়ালৈ আহি ঘটনাস্থলী পৰিদৰ্শন কৰিছো। কিশোৰীগৰাকীৰ ঘৰৰ মানুহৰ লগতো কথা পাতিছো। লগতে তদন্তৰ বুজ লৈ কি কি কাম বাকী আছে সেয়া আৰক্ষী অধীক্ষকক বুজাইছো। এতিয়ালৈক এজনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেওঁৰ বিৰুদ্ধে বহু প্ৰমাণ আছে। তদন্ত ঠিক দিশত আগবঢ়া বুলি উল্লেখ কৰি সিঙে কয় যে, খুব সোনকালে সকলো পোহৰলৈ আহিব।

সংগীৰ লগত সঘনাই হয় নেকি কাজিয়া? তেন্তে কোঠাৰ পৰা আঁতৰাই দিয়ক এইসমূহ সামগ্ৰী...
ভাৰতীয়ৰ চুলিৰ পৰা টকা উপাৰ্জন কৰে এইসমুহ দেশে
উজ্বল ছালৰ বাবে হালধি ব্যৱহাৰ কৰা ভাল নে বেয়া? কি কয় বিশেষজ্ঞই...
পুৰণি পাৰ্চটো পেলাই দিয়াৰ পূৰ্বে কৰক এই কাম, অন্যথা আহিব আৰ্থিক সংকট!