5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

প্ৰথমে স্বামীক অপহৰণ, তাৰ পাছত মুক্তিপণৰ নামত ধন দাবী: ধুবুৰী আৰক্ষীৰ জালত অপহৰণকাৰী পত্নী

পত্নীয়ে স্বামীক অপহৰণ কৰি মুক্তিপন দাবী কৰাৰ ঘটনাই লাভ কৰিছে ব্যাপক চৰ্চা। অপহৰণকাৰী পত্নীৰ সৈতে আৰক্ষীয়ে এই সন্দৰ্ভত আটক কৰিছে আন চাৰিজনকৈ লোকক। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ধুবুৰী সদৰ থানাত আব্যাহত ৰাখিছে সোধা-পোছা।

প্ৰথমে স্বামীক অপহৰণ, তাৰ পাছত মুক্তিপণৰ নামত ধন দাবী: ধুবুৰী আৰক্ষীৰ জালত অপহৰণকাৰী পত্নী
স্বামীক অপহৰণ মুক্তিপণৰ নামৰ ধন দাবী পত্নীৰ
Follow Us
trishna-kalita
Trishna Kalita | Updated On: 20 Sep 2024 16:49 PM

ধুবুৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পত্নীয়ে স্বামীক অপহৰণ কৰি মুক্তিপণ দাবী কৰাৰ ঘটনাই লাভ কৰিছে ব্যাপক চৰ্চা। অপহৰণকাৰী পত্নীৰ সৈতে আৰক্ষীয়ে এই সন্দৰ্ভত আটক কৰিছে আন চাৰিজনকৈ লোকক। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ধুবুৰী সদৰ থানাত আব্যাহত ৰাখিছে সোধা-পোছা।

উল্লেখ্য যে, বৃহস্পতিবাৰে ধুবুৰীৰ ঝগৰাৰপাৰৰ পৰা আজিজুৰ ৰহমান নামৰ এজন ব্যক্তিক অপহৰণ কৰা ঘটনা পোহৰলৈ আহিছিল। ধুবুৰীৰ নিউঘাটৰ এটা বাসগৃহত আৱদ্ধ কৰি ৰাখি পৰিয়ালৰ লোকক ফোন কৰি মুক্তিপণ হিচাপে ১ লাখ ৬০ হাজাৰ টকা দাবী কৰিছিল অপহৰণকাৰীয়ে। অপহৰণকাৰীৰ দলটোৱে আজিজুৰৰ পৰিয়ালৰ পৰা মুক্তিপন হিচাপে মোবাইলযোগে প্ৰথমে ১ লাখ টকা দাবী কৰিছিল। কিন্তু সময়মতে মুক্তিপন হিচাপে দাবী কৰা ১ লাখ টকা দিব নোৱাৰাত পাছত অপহৰণকাৰী দলটোৱে মুক্তিপনৰ ধনৰ পৰিমাণ এক লাখৰ পৰা টকা এক লাখ ৬০ হাজাৰ টকা লৈ বঢ়াই দিয়ে আৰু শীঘ্ৰেই সেই টকা দিবলৈ দাবী কৰে।

আজিজুৰ ৰহমানৰ পৰিয়ালৰ লোকে অপহৰণকাৰীয়ে দাবী কৰা ১ লাখ ৬০ হেজাৰ টকা যোগাৰ কৰিব নোৱাৰি বৃহস্পতিবাৰে ধুবুৰী আৰক্ষীৰ কাষ চাপে আৰু ঘটনাৰ সবিশেষ আৰক্ষীৰ আগত ব্যক্ত কৰে। সেইমতে আজি ধুবুৰী আৰক্ষীয়ে এক অভিযান চলাই মুক্তিপন দাবী কৰা আজিজুৰ ৰহমানৰ পত্নীসহ ৫জন লোকক ধুবুৰী নিউঘাটৰ পৰা আটক কৰে। আটাইকে ধুবুৰী আৰক্ষী থানালৈ লৈ নি সোধা-পোছা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে জনোৱা মতে আজি আটক কৰা মহিলাগৰাকীয়ে প্ৰায় ৬ মাহ পূৰ্বে আজিজুৰ ৰহমানৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল। তাৰ পাছত আজিজুৰৰ পত্নীয়ে তেওঁৰ ভিনিয়েকৰ সৈতে পৰিকল্পনা কৰি আজিজুৰ ৰহমানৰ পৰা ১ লাখ ৬০ হাজাৰ টকা মুক্তিপন দাবী কৰে। ইয়াৰ পাছতে এই বিষয়টোৱে ধুবুৰীত যথেষ্ট চৰ্চা লাভ কৰিছে।

অৱশ্যে অপহৰণকাৰী পাঁচজনীয়া দলটোৱে আজিজুৰ ৰহমানক কিয় অপহৰণ কৰি মুক্তিপন বিচাৰিব লগা হ’ল সেই বিষয়ে এতিয়া লৈকে একো জানিব পৰা হোৱা নাই। পৰৱৰ্তী পৰ্যায়ত আৰক্ষীৰ তদন্তত সকলো স্পষ্ট হৈ পৰিব বুলি ধাৰণা কৰা হৈছে। উল্লেখ্য যে, অপহৰণকাৰীৰ দলটোৱে বৃহস্পতিবাৰে পুৱাৰ ভাগত অপহৰণ কৰা আজিজুৰ ৰহমানৰ ঘৰ ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ঝালেৰআলগা গাঁৱত। তেঁও দক্ষিণ শালমাৰাৰ এলেকাৰ পৰা অপহৰণকাৰী পত্নীক বিয়া কৰাইছিল বুলি পৰিয়ালৰ সূত্ৰত জানিব পৰা গৈছে।

Latest News