দুৰ্নীতিৰ অভিযোগ! ধুবুৰীৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু উপভোক্তা বিভাগৰ অধীক্ষকক নিলম্বন

এক নিৰ্দেশনাযোগে তৎকালে বলৱৎ হোৱাকৈ অশোক কুমাৰ শৰ্মাক চাকৰিৰ পৰা নিলম্বিত কৰিছে অসম চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ সঞ্চালকে । ৰেচন কাৰ্ডৰ নামত বিয়াগোম দুৰ্নীতিৰ অভিযোগ বিষয়াগৰাকীৰ বিৰুদ্ধে। দীৰ্ঘদিন ধৰি অশোক কুমাৰ শৰ্মাৰ বিৰুদ্ধে উত্থাপিত হৈ আহিছিল অভিযোগ।

দুৰ্নীতিৰ অভিযোগ! ধুবুৰীৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু উপভোক্তা বিভাগৰ অধীক্ষকক নিলম্বন

ধুবুৰীৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু উপভোক্তা বিভাগৰ অধীক্ষকক নিলম্বন

Updated On: 

30 Nov 2024 11:08 AM

ধুবুৰীৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীক্ষকক নিলম্বন। এক নিৰ্দেশনাযোগে তৎকালে বলৱৎ হোৱাকৈ অশোক কুমাৰ শৰ্মাক চাকৰিৰ পৰা নিলম্বিত কৰিছে অসম চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ সঞ্চালকে । ৰেচন কাৰ্ডৰ নামত বিয়াগোম দুৰ্নীতিৰ অভিযোগ বিষয়াগৰাকীৰ বিৰুদ্ধে। দীৰ্ঘদিন ধৰি অশোক কুমাৰ শৰ্মাৰ বিৰুদ্ধে উত্থাপিত হৈ আহিছিল অভিযোগ। অশোক কুমাৰ শৰ্মাক নিলম্বন কৰাৰ নিৰ্দেশ দিয়াৰ পিছতে উক্ত বিভাগটোত এক জোকাৰণিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।

জানিব পৰা মতে ধুবুৰীত অবৈধভাৱে ৰেচন কাৰ্ড বিতৰণ কৰাক লৈ বিভাগটোৰ ঊৰ্ধতন কৰ্তৃপক্ষই আজি এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰে। তদুপৰি ধুবুৰীত ৰাজহৱা বিতৰন ব্যৱস্থাত দীৰ্ঘদিন অনিয়ম আৰু দুৰ্নীতিৰো ধৰি চলি থকাৰো অভিযোগ উত্থাপিত হৈছিল।

শেহতীয়াকৈ অসম চৰকাৰে যোগান বিভাগটোক অধিক সক্ৰিয় কৰি তোলাৰ অৰ্থে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে যাতে চাউল, আটাৰ বিতৰণত দৰিদ্ৰ হিতাধিকাৰী ৰাইজে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ’ব লগা নহয় তাৰ বাবে কঠোৰ নিৰ্দেশ প্ৰদান কৰে। ইয়াৰ পিচতো ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলা(এটা অংশ) ত ৰাজুহৱা বিতৰণ ব্যৱস্থাত চৰম দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছিল।ধুবুৰী যোগান বিভাগৰ অধীনস্থ ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলা(এটা অংশ)ৰ দুখীয়া হিতাধিকাৰী ৰাইজৰ বাবে সুলভ মূল্যৰ আটাৰ আৱন্টন হোৱাৰ পিচতো ৰাইজে আটা লাভৰ পৰা বঞ্চিত হোৱাৰ অভিযোগো উত্থাপিত হৈছিল।

সমগ্ৰ বিষয়টো বিবেচনা কৰাৰ পাছত শুকুৰবাবে অসম চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ সঞ্চালকে ধুবুৰীৰ অধীক্ষক অশোক কুমাৰ শৰ্মাক নিলম্বন কৰাৰ নিৰ্দেশ দিয়ে।ইয়াৰ পাছতে উক্ত বিভাগটোত এক জোকাৰণিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।

 

উল্লেখ্য যে, ৰাজ্যত ৰাজহুৱা খাদ্য বিতৰণৰ ক্ষেত্ৰত হোৱা দুৰ্নীতিৰ  ঘটনা এয়ে প্ৰথম নহয়। ইয়াৰ পূৰ্বেও বহু ঠাইতে সংঘটিত হৈ আহিছে এনে ঘটনা। দীৰ্ঘদিন ধৰি এই সন্দৰ্ভত উত্থাপন হৈ আহিছে বহু অভিযোগ। এই ক্ষেত্ৰত কিছু সময়ত কঠোৰ পদক্ষেপো গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। কিন্তু কেতিয়া সম্পূৰ্ণৰূপে ৰোধ হ’ব এনে কেলেংকাৰী? চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ পৰ্যাপ্ত হয় নে? এইটোও এটা ডাঙৰ প্ৰশ্ন…

 

শীঘ্ৰেই লাভ কৰিব প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ১৯ তম কিস্তি, এইদৰে কৰক মোবাইল নম্বৰ আপডেট
বাংলাদেশত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কাজিৰঙা আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাত নাহিদৰ সুৰৰ যাদু, মন মুহিলে সকলোৰে
হিন্দু ধৰ্মৰ প্ৰতিটো পূজাত চাউল কিয় ব্যৱহাৰ কৰা হয় জানেনে?