Dighalipukhuri Tree: গোটেই নিশা দীঘলীপুখুৰীৰ গছ পহৰা দিলে কটনিয়ানে, ক'লে- কোনো পধ্যেই কাটিব দিয়া নহয়... | Dighalipukhuri tree cut down decision cotton university student protest assam Assam news - Assam Tv9

Dighalipukhuri Tree: গোটেই নিশা দীঘলীপুখুৰীৰ গছ পহৰা দিলে কটনিয়ানে, ক’লে- কোনো পধ্যেই কাটিব দিয়া নহয়…

Dighalipukhuri tree: গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত থকা গছসমূহ ৰক্ষা কৰিবলৈ ওলাই আহিছে ৰাইজ। সাধাৰণ ৰাইজে দিনৰ ভাগত কৰা প্ৰতিবাদৰ পাছত মঙলবাৰে নিশা গছসমূহ পহৰা দিয়ে কটনিয়ানে। তেওঁলোকে কয়, কোনো পধ্যেই এই গছসমূহ কাটিবলৈ দিয়া নহয়।

Dighalipukhuri Tree: গোটেই নিশা দীঘলীপুখুৰীৰ গছ পহৰা দিলে কটনিয়ানে, কলে- কোনো পধ্যেই কাটিব দিয়া নহয়...

দীঘলীপুখুৰী গছ

Updated On: 

30 Oct 2024 12:16 PM

বছৰ বছৰ ধৰি গুৱাহাটীৰ ঐতিহ্য বহন কৰি অহা দীঘলীপুখুৰীৰ শ শ পুৰণি গছন কটাৰ সিদ্ধান্তক লৈ বিৰোধিতা কৰিছে ৰাইজে।নাৰেংগীৰ পৰা দীঘলীপুখুৰীলৈ ফ্লাই অভাৰ নিৰ্মাণৰ বাবে প্ৰায় ১৫০ বছৰ পুৰণি গছ কটাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। বছৰৰ পাছত বছৰ ধৰি দীঘলীপুখুৰীৰ পৰিচয় কঢ়িয়াই অনা, আমাৰ ইতিহাসৰ প্ৰতিচ্ছবি দাঙি ধৰা এই গছ কটাৰ বিৰোধিতা কৰি ওলাই আহিছে ছাত্ৰ-সমাজ. শিল্পী সমাজ, সাধাৰণ ৰাইজ আদি সকলো।

২৯ অক্টোবৰৰ দিনৰ ভাগত  গুৱাহাটী মহানগৰীৰ একাংশ সচেতন নাগৰিকে গছ কটাৰ বিৰোধিতা কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। ইয়াক পাছত নিশাৰ ভাগত এই গছখিনিক পহৰা দিয়ে কটন বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰই। গছ কটাৰ বিৰোধিতা কৰি গোটেই নিশা গছৰ তলত বহি থাকে কটনৰ ছাত্ৰসকলে। তেওঁলোকে কয় যে, “আমি শুনিছো যে চৰকাৰে গুৱাহাটীৰ হৃদপিণ্ড স্বৰূপ দীঘলীপুখুৰীৰ আশে পাশে থকা গছ কটাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আমাৰ এটাই বাৰ্তা যে আমি কোনো পধ্যেই গছ কাটিব নিদিও। চৰকাৰলৈ আমাৰ প্ৰশ্ন, যদি শিল-বালি ৰডে অক্সিজেন দিব পাৰে তেন্তে গোটেই অসমৰ গছ কাটি দিয়ক। যদি ফ্লাই অভাৰ, শিল বালিয়ে অক্সিজেন দিব নোৱাৰে তেন্তে এই সিদ্ধান্ত বাতিল কৰক”।

সাধাৰণ ৰাইজ, ছাত্ৰ- ছাত্ৰী, শিল্পী সমাজৰ প্ৰতিবাদৰ পাছতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জনতাক আশ্বাস জনাই শৰ্মাই কয় যে, “মই আপোনালোকক আশ্বস্ত কৰিব বিচাৰোঁ যে চৰকাৰে আন্তঃগাঁথনি আগুৱাই নিয়াৰ সমান্তৰালকৈ আমাৰ চহৰৰ ঐতিহ্য আৰু পৰিৱেশ সংৰক্ষণৰ দিশতো আমি গভীৰভাৱে প্ৰতিশ্ৰুতিবদ্ধ। দীঘলীপুখুৰীৰ পৰা নুনমাটিলৈ উৰণ সেতু নিৰ্মাণৰ ক্ষেত্ৰত আমি আন্তৰিকতাৰে অঞ্চলটোৰ পুৰণি গছবোৰ সুৰক্ষিত ৰখাৰ বাবে কাম কৰি আছোঁ৷ এটা বিকল্প প্ৰস্তাৱৰ সন্ধান আৰু ইয়াৰ সম্ভাৱনীয়তা মূল্যায়ন কৰাৰ বাবে লোক নিৰ্মাণ বিভাগক কেইদিনমান সময় দিবলৈ মই সকলো অংশীদাৰক আহ্বান জনাইছোঁ”৷

উল্লেখ্য যে, উন্নয়নৰ নামত গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰীত থকা ২৫ জোপা প্ৰকাণ্ড পুৰণি গছ কটাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল চৰকাৰে। ইতিমধ্যে ইয়াৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি বিভাগীয় কৰ্তৃপক্ষই গছসমূহত হালধীয়া চিহ্ন দি গৈছিল। ইয়াৰ পাছতেই প্ৰতিবাদত উত্তাল হৈ পৰিছিল দীঘলীপুখুৰীৰ পাৰ। প্ৰতিবাদকাৰীসকলৰ এটাই কথা, ফ্লাই অভাৰৰ বাবে গছ কটা বন্ধ কৰিব লাগে। কোনো পধ্যেই গছ কাটিবলৈ দিয়া নহয় বুলি হুংকাৰ প্ৰদান কৰিছিল ৰাইজে। ছচিয়েল মিডিয়াতো বিভিন্নজনে ইয়াৰ বিৰোধিতা কৰিছিল। এই প্ৰতিবাদৰ অন্ততত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনতাক আশ্বাস প্ৰদান কৰিছে। অৱশ্যে গছ কটাৰ বিকল্প চৰকাৰে কি গ্ৰহণ কৰে সেয়া সময়ত হ’ব লক্ষণীয়।

ফেঁচা সঁচাকৈয়ে মূৰ্খ নেকি? জানক ইয়াৰ আঁৰৰ সত্যতা
উৰহী কোনবোৰ লোকৰ বাবে অধিক উপকাৰী? জানক
'ডিজিটেল কণ্ডম' কি? কোনে কেনেকৈ ইয়াক ব্যৱহাৰ কৰিব পাৰে...
দীপাৱলীত দেখা কি কি সপোনে আপোনাক ভাগ্য উদয়ৰ সংকেত দিব পাৰে জানক