5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Dighalipukhuri: দীঘলীপুখুৰীৰ পুৰণি গছ কটাৰ সলনি বিকল্প ব্যৱস্থা গ্ৰহণৰ আশ্বাস মুখ্যমন্ত্ৰীৰ

Assam: উন্নয়নৰ নাম গুৱাহাটী দীঘলীপুখুৰীৰ শ শ বছৰ পুৰণি গছ কটাক লৈ বিগত কেইটামান দিন ধৰি সচেতন নাগৰিকে প্ৰতিবাদ কৰি আহিছে। প্ৰতিবাদৰ অন্তত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই সন্দৰ্ভত তেওঁ ছ'চিয়েল মিডিয়াত এক বিশেষ পোষ্ট কৰিছে।

barasha-sarma
Barasha Sarma | Published: 30 Oct 2024 10:48 AM
গুৱাহাটীৰ উন্নয়নৰ নামত দীঘলীপুখুৰী পাৰৰ শ শ বছৰ পুৰণি প্ৰায় ২৫ জোপা গছ কাটি পেলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল চৰকাৰে। বছৰ বছৰ ধৰি গুৱাহাটীৰ ঐতিহ্য বহন কৰি অহা এই গছ কেইডাল ৰক্ষাৰ স্বাৰ্থত প্ৰতিবাদত নামি পৰিছিল সাধাৰণ ৰাইজ। ২৯ অক্টোবৰতো দীঘলীপুখুৰীত বহুলোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল।

1 / 5
প্ৰতিবাদকাৰীসকলে হুংকাৰ প্ৰদান কৰিছিল যে, কোনো পধ্যেই এই গছ তেওঁলোকে কাটিব নিদিয়ে। এই গছ শ শ পক্ষীৰ আশ্ৰয়স্থল আৰু জিৰণি লোৱাৰ একমাত্ৰ স্থান। ইয়াৰোপৰি বহু মানুহৰ স্মৃতি জড়িত হৈ আছে এই গছসমূহৰ লগত। প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই গছ কেইজোপা ৰক্ষা কৰিবলৈ কাতৰ আহ্বান জনাইছিল।

2 / 5
বিগত সময়চোৱাত গুৱাহাটীৰ উন্নয়নৰ নামত বহু পুৰণি গছ কাটি পেলোৱা হৈছে। যদি এনেকৈয়ে গছ কাটি থকা হয় তেন্তে এটা সময়ত গুৱাহাটী সাধাৰণ মানুহৰ জীৱন ধাৰণৰ বাবে উপযুক্ত হৈ নাথাকিব। ইতিমধ্যেই গুৱাহাটীত থকা মানুহে উপলব্ধি কৰিছে জলবায়ু পৰিবৰ্তন, প্ৰদূষণ আদি কথাবোৰ।

3 / 5
গছ কটাৰ বিৰোধিতা বিভিন্ন ব্যক্তি বিশেষেও কৰিছিল। জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তই ছ'চিয়েল মিডিয়াত গছ কটাৰ বিৰোধিতা কৰিছিল। তেওঁ কৈছিল যদি আমি পুৰণি সকলো বস্তু ভাঙি কেৱল ‘নতুন’ নিৰ্মাণত গুৰুত্ব দিওঁ তেন্তে আমাৰ কোনো ইতিহাস নাথাকিব। তেওঁ একপ্ৰকাৰ গছ কটাৰ বিকল্প ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনাইছিল।

4 / 5
অসমবাসীৰ প্ৰতিবাদৰ পাছতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ লিখিছে- মই আপোনালোকক আশ্বস্ত কৰিব বিচাৰোঁ যে চৰকাৰে আন্তঃগাঁথনি আগুৱাই নিয়াৰ সমান্তৰালকৈ আমাৰ চহৰৰ ঐতিহ্য আৰু পৰিৱেশ সংৰক্ষণৰ দিশতো আমি গভীৰভাৱে প্ৰতিশ্ৰুতিবদ্ধ। দীঘলীপুখুৰীৰ পৰা নুনমাটিলৈ উৰণ সেতু নিৰ্মাণৰ ক্ষেত্ৰত আমি আন্তৰিকতাৰে অঞ্চলটোৰ পুৰণি গছবোৰ সুৰক্ষিত ৰখাৰ বাবে কাম কৰি আছোঁ৷ এটা বিকল্প প্ৰস্তাৱৰ সন্ধান আৰু ইয়াৰ সম্ভাৱনীয়তা মূল্যায়ন কৰাৰ বাবে লোক নিৰ্মাণ বিভাগক কেইদিনমান সময় দিবলৈ মই সকলো অংশীদাৰক আহ্বান জনাইছোঁ৷

5 / 5
Latest Stories